পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
বৈদেহী-বিচ্ছেদ


বৈদেহী।-নাথ! এয়েনে যক্ষৰ ভাও,
ৰঙ্গভূমি নন্দন কাননে?
ৰাজ কাৰ্য্য তুলনাত,
প্ৰিয়াটীৰ প্ৰেম,
কূপ জলাভাবে,
গো খোজৰ জন সম।
ৰাম।—গৃহলক্ষ্মী, ৰাজলক্ষী,
মোৰ মনে বিভিন্ন নহয়।
লক্ষ্মীৰ তুষ্টিৰ অৰ্থে,
মোৰ এই ক্ষণিক বিদায় ভিক্ষা
(যাওতে যাওঁতে) পুনৰ আহিম প্ৰিয়ে!
মুহুৰ্ত্তেক বহাঁ।

(নিষ্ক্ৰান্ত)


বৈদেহী।—( অকলশৰে ফুৰোঁতে ফুৰোঁতে)
এই নাথ, এই পথে,
চাওঁতে চাওঁতে,
পাপিনীৰ
দুধাৰি চকু–লো
চকুতেই এৰি
গুচি গ'ল।
কেওঁ নাই!
জগতত পাপিনীৰ
দুখ বুজা কেও নাই।