যি ধৰ্ম্মৰ নিমিত্তে যুদ্ধ কৰি প্ৰাণ এৰিছে, তাৰ মৃত্যুত শোকৰ হেতু কি আছে? আপুনি ইমান জ্ঞানী মানী হৈয়ো শোক-ৰাক্ষসৰ আগত পৰাস্ত হব খোজে নে? তেন্তে আমি কাৰ অনুকৰণ কৰিম?
ৰাম—উঃ! কি হৃদয়বিদাৰক সংবাদ। ইমানতে দেহত প্ৰাণ থাকে। আজি মই সংসাৰত ভাৰ্য্যাহীন আৰু ভ্ৰাতৃহীন। প্ৰাণ! নিষ্ঠুৰ প্ৰাণ! অতি শীঘ্ৰে দেহ পিঞ্জৰত বিদায় ল! অতি শীঘ্ৰে পিঞ্জৰৰ মায়া-জৰি চিঙ্গি অনিত্য সুখত জলাঞ্জলি দি বোপাহঁতৰ লগত অনন্ত সুখ লাভ কৰ।
সুগ্ৰীৱ—আপুনি দেখোঁ কৰ্ত্তব্যৰ ফালে একেবাৰেই পিঠি দিলে?
ৰাম—যাৰ সংসাৰ শূন্য হৈছে, তাৰ আৰু কৰ্ত্তব্যৰ ভাবনা কি?
বিলাপ।
নিদাৰুণ বিধি বাদী ভৈলা, অযোধ্যা নগৰি শূন্য কৈলা,
কাকুৎস্থ বংশৰ নিৰ্মূল বাঞ্ছা কৰিলা।
আনন্দ উৎসৱে যজ্ঞ পাতি, বন্ধু বান্ধৱক আনি মাতি,
বিপাঙ্গে মৰিলোঁ বিধিয়ে বাদ সাধিলা॥
প্ৰিয়তমা পত্নী বিসৰ্জ্জিলোঁ, ভাই তিনিওটিকে হেৰুৱালোঁ,
ৰাজ্যভাৰ ত্যজি ময়ো আজি ব্ৰহ্মচাৰী।
আইসকলক শুধি চাওঁ, যদি কোনো মতে আজ্ঞা পাওঁ,
বিষময় ভৱসুখে দিওঁ জলাঞ্জলি।
ৰাজ অলঙ্কাৰ ধনুৰ্ব্বান, এৰোঁ আজি সুবণৰ্ৰ যান,
ফল মূল খাই ফুৰোঁ ঘোৰ অৰণ্যত।