সমললৈ যাওক

পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈয়ে-বিজোদ। এনে হেন সুপুত্ৰ জন্ম হয়, এনে মহাসতীয়েও বনবাসৰ কষ্ট সহিব লগাত পৰে! ভদ্ৰ—মহাৰাজ! মহাৰাণী মিশাপা। দেখৰু মৰাণৰ মনত কষ্ট দি অযযাধ্যা পৰি এবাৰলৈৰসাতলগামী হল। কাকুৎ বংশ এবাৰলৈ সমূলে ধ্বংশ হল। পুনৰ সেই লক্ষ্মী দেবীৰ কৃপাতেই অজি এই যজ্ঞ চকুৰে দেখিবলৈ পাইছে। আমাৰ মনৰে মহাৰাণীক আৰু বনবাসৰ কষ্ট দিয়া উচিত নহয়। ৰাম-তোমালোক কথা যুক্তিপূৰ্ণ সচা। বাৰু মহামুনি বাল্মীকিৰ ওচৰলৈ দুজনমান অতি বিশ্বাসী দূত পঠাই দিয়া। যদি মুনিৰ বিশ্বাস যে জানকী তপোবনত শুদ্ধাচাৰিণী হৈ আছে, তেন্তে মুনিৰে সৈতে আহি সকলো অযোধ্যাবাসীৰ চকুৰ আগত নিজৰ বিজি সপ্ৰমাণ কৰকহি। লক্ষ্মণ-ভদ্ৰ! তুমি অতি শীঘ্ৰে যোৱা, দুজনমান অতি বিশ্বাসী মুনিৰ আশ্ৰমলৈ পঠাই দিয়ালৈ। পলম যেন নহয়। ৰাম-লক্ষ্মণ! কালিলৈ জানকীৰ পৰীক্ষাৰ নিমিত্তে নগৰৰ মান্য, গণ্য, দুখীয়, দৰি সকলো মানুহকে নিমন্ত্ৰণ কৰিব।