পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাম— (সুগ্ৰীৱৰ প্ৰতি) সখা! শুনিলে? এইয়ে যুদ্ধৰ সূত্ৰপাত। আজি আমাৰ ভাগ্যত কি আছে তাক কোনে জানে? কি কৰোঁ?

সুগ্ৰীৱ—কৰ্ত্তব্যৰ বাটত আগ বাঢ়ক।

ৰাম—সঁচা কথা। হনু? তুমি ঘোৰা অনিবলৈ কোৱাঁ?

হনু—(ৰিংমাৰি) অযোধ্যাৰ মহাৰাজৰ আদেশ, যজ্ঞৰ ঘোৰা শীঘ্ৰে মোকোলাই আনিব লাগে।

কুশ—অযোধ্যাৰ মহাৰাজৰ আদেশ ইয়াৰ পশু পক্ষীয়েও নামানে। সমুখ যুদ্ধত শত্ৰুক পৰাস্ত কৰি নিজৰ আজ্ঞা বলৱতী কৰক।

ৰাম—সখা! শুনিলে নে? আঠু-কঢ়া লৰা দুটাৰ ইমান উভতি! প্ৰথমে সন্ধি স্থাপনৰেই উপায় কবা হওক। হনু! কৈ দিয়াঁ যে, মহাৰাজে অসমানৰ লগত যুদ্ধ কৰিবলৈ ভাল নাপায়।

হনু—নিৰ্দ্দোষী, অসমৰ্থ, শৰণাগত, বা অসমানৰ লগত যুদ্ধ কৰা আমাৰ মহাৰাজৰ ৰীতি নহয়।

কুশ—তোৰ মহাৰাজক কৈ দে ‘‘আমি নিৰ্দ্দোষী নহওঁ, অসমৰ্থ নহওঁ, শৰণাগত নহওঁ, বা অসমানো নহওঁ”। আমাৰ কাৰ্য্যত মিতিৰালি নাখাটে। (লৱৰ ফালে উভতি চাই) যুদ্ধও নাই, ঘোৰাও নাই। বিনা যুদ্ধে ঘোৰা?—সি কথা নহয়, নহয়, নহয়।

হনু। (সগৰ্ব্বে) মহাৰাজে যুদ্ধ কৰিলেকি জীয়াই থাকিবলৈ আশা কৰ?