পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
বৈদেহী-বিচ্ছেদ


অযোধ্যাৰ ৰাজ অন্তঃপুৰে,
কোনে আজি লগালে অগণি
ধন জন ভষ্মীভূত প্ৰায়।
লক্ষ্মণ—বিলম্বৰ নহয় সময়।
সকলোটি যাওঁ,
চাওঁ গৈ
আৰ্য্যৰ বিশ্ৰাম স্থান।
যদি আৱশ্যক হয়,
সি জনৰ অনুগামী হৈ,
সকলোৱে, লভিম বিশ্ৰাম।
ভয় নাই,
হক সিটো
অনন্ত বিাশ্ৰম
(শত্ৰুঘ্ন আৰু লক্ষ্মণৰ নিষ্ক্ৰমণ)।


তৃতীয় অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।

দৃশ্য-গঙ্গাৰ পাৰৰ হাবি।
লক্ষ্মণ আৰু জানকীৰ উপবেশন।

লক্ষ্মণ—বৌদেউ! উপস্থিত কাৰ্য্যসূত্ৰত অযোধ্যানাথে মোক জগতৰ
নিন্দাৰ পাত্ৰ কৰিলে। নিষ্ঠুৰ কাৰ্য্যত নিযুক্ত হোৱাতকৈ
মৃত্যুয়েই মোৰ পক্ষে অসংখ্য গুণে সুখকৰ আছিল।