পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

লৱ—এৰা আই! আজি ৰাতিপুৱাৰে পৰা ভালকৈয়ে ধেমালি এখান কৰিলোঁ৷

সীতা—(লৱ কুশক কোলাত তুলি লৈ) কাৰে সৈতে মোৰ সোণ?
 কোন নৰঘাতীয়ে নো দুখুৰীৰ পোনা দুটিৰে যুদ্ধ পাতি-
 ছিলহি?

কুশ—সেইপাত হনু কৰবাৰ ৰাম। বৰ বীৰপাতৰ চিন পালোঁ।

সীতা— ( আচৰিত হৈ ) কোন ৰাম? কৰ মানুহ?

কুশ—জানো কৰ ৰাম। কওঁতে ৰজা বুলি কয়; সিফালে আকৌ
 যুদ্ধ কৰোঁতে কান্দে।

লৱ—অযোধ্যাৰ ৰজা বুলি কৈছিল।

কুশ—নহয় ককাইদেউ! সম্বন্ধ লগোৱাটো কথা আইৰ আগত নো-
 কোৱা কিয়? (মাকৰ থুতৰিত ধৰি) চোৱাঁচোন আই।
 সেইপাতে আকৌ মোক কয়, “কুশ! এবাৰ কোলাত
 লওঁ আহিবি নে? মই ধৰি গালি পাৰি দিলোঁ।

সীতা— (লৱ কুশক কোলাৰ পৰা নমাই) কিহৰ নিমিত্তে যুদ্ধ হল?

লৱ—ৰামে হেনু অশ্বমেধ যজ্ঞ পাতিছিল। তাৰে বাবে দিগ্বিজয়াৰ্থে
 ঘোৰা এটা মেলিছিল। লক্ষ্মণ নামে এটা ঘোৰাৰ ৰক্ষক
 স্বরূপে আহিছিল। আমি দুয়ো তপোবনত ওমলোঁতে
 ধেমালি কৰিবৰ মনেৰে ঘোৰাটো ধৰিলোঁ, পাছে সেই
 বাবেই লক্ষ্মণৰ লগত যুদ্ধ হয়। তাক মাৰিলোঁ। অলপ
 পাছতে ভৰত আৰু শত্ৰুঘ্ন নামে দুটা আহিল, সিহঁতকো
 মাৰিলোঁ। এইবাৰ ৰাম নিজেই আহিছিল, তাকো মাৰি
 ঘোৰা আনি সৌৱা ৰান্ধি থৈছোঁহি আই !