পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
বৈদেহী-বিচ্ছেদ।


সি প্ৰজাক দণ্ড দিবা তুমি!
জানানে শত্ৰুঘ্ন!
প্ৰজাৰ মঙ্গল হেতু
গাণ্ডীৱ শোভিব হাতে
তোমাৰো বিৰুদ্ধে।
প্ৰতিজ্ঞা ৰামৰ, অজি
বিসৰ্জ্জিম জানকীক।
যদি কোনো জনে
ই কাৰ্য্যত বিঘিনি ঘটাব খোজে,
সি জনেই ৰাজদ্ৰোহী।
লক্ষ্মণ! কালিলৈ পুৱা,
থবা গৈ জানকীক
তমসা নদীৰ তীৰে,
বাল্মীকিৰ আশ্ৰমত।
যথাৰ্থতে জানকীৰ
ইচ্ছাও আছিল,
এবাৰ চাবগৈ সেই,
মহা মুনি বাল্মীকিৰ,
পৱিত্ৰ আশ্ৰম।
ইচ্ছা ফলৱতী হ'ল;
শ্ৰীৰামৰ সুখতাৰা,
ঢাকিলে ডাৱৰে।

যাওঁ, যাওঁ মই;

( প্ৰস্থানোদ্যোম )