সমললৈ যাওক

পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
বৈদেহী-বিচ্ছেদ।


প্ৰথম আৰু দ্বিতীয় কুমাৰ—ব'লা ব’লা বলা।

(হাত ধৰাধৰিকৈ দেও মাৰি মাৰি গীত গাই গাই
বাল্মীকিক বিচাৰি যায়।)

গীত।

ব’লা ব’লা লৰালৰি,
হাত ধৰাধৰি কৰি;
মাতি আনো প্ৰভুক বেগাই,
দেখুৱাওঁহি বনদেবী।

(ক্ষণেকান্তে বাল্মীকি আৰু ভলুকা লিতিকাই সহ ঋষিকুমাৰ সকলৰ পুনৰ প্ৰবেশ)

প্ৰথম কুমাৰ—(অঙ্গুলিয়াই) সৌৱা, সৌৱা, সৌৱা। প্ৰভু সেই ফালেই দেখিছেনে? সৌৱা, সৌৱা।

দ্বিতীয় কুমাৰ—এঃ দেখা নাইনে কি? সৌৱা নহয়, গোটেই ভোটা তৰাটো জিলিকাদি জিলিকিব লাগিছে।

তৃতীয় কুমাৰ—ভলু! তই দেখিছনে অ? চাছোন, কেনেনো সুন্দৰী। আমি কোৱা কথা এতিয়া সচাঁনে মিছা ঔ?

লিতিকাই—ভালেই হৈছে বুপাই! বুঢ়া কালত তেও বাপু দেউৰ কপালখান মুকলি হ’ল। এই বাৰ আৰু বাপুৱে মলাগুটি জপিবলৈ এৰিব। বাপুৰ খোজৰ থৌকিবাথৌকি নেদেখিছা।