পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(জাঁপ মাৰিবৰ উপক্ৰম, গান গাই গাই হঠাৎ বাল্মীকিৰ প্ৰবেশ।)

বাল্মীকিৰ গীত।

টেঙ্গৰ হৰিৰ অদ্ভুত খেলা,
এই বেলা আহি চাই যোৱাঁ৷
( এই মায়া ) যেয়ে বুজে সেয়ে মজে,
সেয়ে ভজে এই ৰঙা পা॥
হৰিৰ প্ৰেমৰ ছাঁয়াৰ ছাঁয়া যেয়ে দেখা পায়;
কোটি স্বৰ্ণ চতুৰ্ব্বৰ্গ সিজনে নাচাই;
প্ৰেমৰ হৰিৰ প্ৰেম বিচাৰি,
হয় সেয়ে প্ৰেম যোগিনী যোগী,
প্ৰেমৰ ভিক্ষাৰী হই সিজনে,
প্ৰেমৰ সাগৰত ধোৱে গা॥

বাল্মীকি—(সীতাক আগ ভেটি ধৰি) জানকী ! জানকী !! জানকী !!!
 কি সৰ্ব্বনাশ কৰিবলৈ ধৰিছা? সুস্থ হোৱাঁচোন।
 হৈছে কি?

জানকী—প্ৰভু? আপোনাৰ চিৰ দাসীয়ে আজি এই চিতাগ্নিত প্ৰাণ
 সমৰ্পন কৰিব।

লৱ—প্ৰভু! আমাৰ আই মৰিবলৈ ধৰিছে, আমিও লগতে
 ওলাইছোঁ।

কুশ—আমি পিতাক মাৰিলোঁ প্ৰভু! সেই বাবে আই মৰিবলৈ
 ধৰিছে।

বাল্মীকি—মা জানকী! ক্ষান্ত হোৱাঁ৷ মৰিবৰ কোনো আৱশ্যক নাই।
 মই বুঢ়া বামুণ মৰি ধুকুৱা নাই। তোমাৰ স্বামীকে আদি