পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
বৈদেহী-বিচ্ছেদ


নিৰ্দ্দোষিনী
পতিপ্ৰানা
জানকীৰ বনবাসে,
ৰটিব কলঙ্ক ভৱে
ভদ্ৰৰ নাথৰ,
এই ভয়ে কঁপিছে হদয় মোৰ!
মধুমত্ত— প্ৰজাৰ চকুত,
সৰ্ব্বদায়
ৰজাৰেই অপৰাধ।
এনে বিধ
চকুচৰহাৰ
যুক্তিহীন
অপ্ৰমাণী কথা শুনি,
সতীৰ দুৰ্গতি, নাথ,
খণ্ডোক ইবাৰ।
প্ৰভু! দুৰ্গতিনাশিন!
বিজ্ঞ জগতত
আপোৰ দুৰ্গতিনাশন নাম
কৰোক প্ৰচাৰ।
কশ্যপ-নিৰ্দ্দোষীক দণ্ড দিয়া
সজ্জন গৰ্হিত।
ৰাম—এটিক মাৰিলে অনেকৰ প্ৰাণ ৰয়,
এটিক দণ্ডিলে অনেকৰ মুক্তি হয়।