বৈদেহী—বোপা! আজি তুমি ইমান অস্থিৰ হৈছ৷ কিয়? মোৰ শিৰৰ মুকুট অযোধ্যানাথৰে কিবা অমঙ্গলৰ চিন পাইছা নে কি? নতুবা মোক তপোবন দেখাবলৈ আনি ইমান শোকাকুল হ’বৰ কাৰণ কি? মোৰে শপত, শীঘ্ৰে ব্যাকুল হোৱাৰ কাৰণ মোৰ আগত প্ৰকাশ কৰা?
লক্ষ্মণ—বৌদেউ! মই মহাপাতকী। নিজৰ চকুৰ আগত যাৰ বিশুদ্ধি সপ্ৰমাণ হৈছে, যাৰ সতীত্বৰ তেজে মহা তেজস্বী হুতাশনকো পৰাস্ত কৰিলে, আজি লোকাপবাদ-ভীৰু মহাৰাজৰ আদেশত সেই মহাসতীক বিবিধ হিংস্ৰজন্তু সমাৰ্কীণ অৰণ্যত বনবাসিনী কৰি ....... (ক্ৰন্দন)।
বিলাপ।
হায়! জানকী বনবাসিনী!
অযোধ্যাৰ ৰাজৰাণী, ঘোৰবনে ভীক্ষাৰিণী॥
দেখা দেখা তরু লতা, ৰাক্ষস বনদেৱতা,
সকলোৱে ৰক্ষা কৰা, অযোধ্যাৰ মহাৰাণী॥
ৰঘুকুল ধুৰন্ধৰ, প্ৰজা বন্ধু নিৰন্তৰ,
সেই হেতু বন মাজে জনক নন্দিনী॥
ৰাজাজ্ঞা পালন কৰোঁ, (মা) চৰণ দুখানি ধৰোঁ,
লক্ষ্মণৰ যত দোষ ক্ষমিবা জননী॥
(ঠিয়হৈ) বিধাতা!
পৰম পবিত্ৰা
জনক নন্দিনী,