পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৬
বৈদেহী-বিচ্ছেদ ৷

৩। জনমে জনমে ৰাম জানকীৰ পতি,
ৰাম বিনে জানকীৰ নাই আন গতি,
সদায় লগাম বহি অধৰে অধৰ,
সন্নিহিত হোৱাঁ যজ্ঞে,নমো যজ্ঞেশ্বৰ।

৪।  ৰাম পদ সেৱা কৰি আনন্দে থাকিম,
ইহকাল পৰকালে আন নাজানিম,
ৰাম চিন্তামণি মোৰ নিস্পাপ মনৰ,
সন্নিহিত হোৱাঁ যজ্ঞে, নমো যজ্ঞেশ্বৰ।

৫। সস্ত্ৰীক ৰামৰ আজি মৃত দেহ লোৱাঁ,
হুতাশন দ্বিগুণিত প্ৰজ্জ্বলিত হোৱাঁ,
শৱ দাহ হৌক আজি জানকী ৰামৰ,
কৰাঁ অনুগ্ৰহ নমো নমো যজ্ঞেশ্বৰ।

৬। মিনতি কৰিছোঁ আজি কাতৰ মনেৰে
ষষ্ঠ বাৰ প্ৰদক্ষিণ কৰাঁ জানকীয়ে,
কৰা হিত আজি যজ্ঞে জানকীনাথৰ,
নমো হুতাশন নমো নমো যজ্ঞেশ্বৰ !

৭। জয়ে জয়ে হৌক মোৰ হৃদয় ঈশ্বৰ,
দশৰখাত্মজ ৰাম কায়ুৎস্থ কুলৰ,
বুকে বান্ধি ৰামে হোমাগ্নিত জাঁপ দিওঁ,
যজ্ঞেশ্বৰ পাদ পদ্মে পুনৰ নমিলোঁ,
নমো হুতাশন নমো, নমো যজ্ঞেশ্বৰ,
নমো কৈলাশৰ নাথ, শ্মশান ঈশ্বৰ।