সমললৈ যাওক

পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 কত উপায়েৰে,
 ৰাখিলা বনত,
 প্ৰহৰী রূপেৰে।
 বধিৰক্ষকুল,
 মোকোলাই জানি,
 সমৰ্পিলা প্ৰাণেশ্বৰৰ সমীপে।
 পুত্ৰ জনমাই,
 আজি তাৰে গুণ
 সাধিলোঁ সোণাই,
 স্নেহৰ দেৱৰ।
(শত্ৰুঘ্ন আৰু ভৰতৰ মৃত দেহ দেখি)
 অযোধ্যা উদং কৰি,
 বননিত পৰি,
 কি কৰিছা চেনেহৰ
 দেৱৰসকল?
(ৰামৰ ওচৰত বহি) প্ৰভু, জানকীনাথ!
 দুৰ্ভাগীৰ প্ৰাণেশ্বৰ !
 একে ধুমুহাতে হয় !
 ভাগিল আমাৰ ঘৰ।
প্ৰভু প্ৰভু প্ৰভুকৈ কত নো কান্দিম মই,
নেপাম নে সমিধান লাহৰি মুখৰ?
সোণাই সোণাইকে কথা এটি কবলৈ,
প্ৰেমপূৰ্ণ নেত্ৰে চাই কতনো ধেমালি কৰে;