ৰজাঘৰীয়া বিষয়ত আশাতীত দক্ষতা, কৃপণালি কৈ বা অসৎপথে ধন সঁচা বা অৰ্জ্জা কাৰ্য্যত অপটুতা, এই এটাইবিলাক আপোনাৰ স্বৰ্গীয় আত্মাৰ পোহৰ মাথোন।
যদিও আপুনি যোৱা ১৩০৬ চনৰ পুণ্যমাহ মাঘ মাহৰ ১০ দিনৰ দিন, কৃষ্ণা সপ্তমী তিথিত, পুৱা ৯ বজাৰ পৰত, অতিবা অলপ ৬৩ বছৰ বয়সৰ মূৰ পেলাই, সংসাৰ কাৰ্য্যত সমূলি অনভিজ্ঞ ভাই শ্ৰীমান্ ভৱানীক মোৰ লগত থৈ নিত্যধাম্ বা শান্তি কুঞ্জলৈ যাত্ৰা কৰিলে, আপোনাৰ ৰোগী শয্যাৰ অপূৰ্ব্ব দৃশ্য, ৰোগৰ দারুণ যন্ত্ৰণা অতিক্ৰম কৰি, তন্ত্ৰ ঘোষা আৰু গীতাত অনুৰাগ, মাজে মাজে মাজনিশা অতি ৰসাল ঘোষাৰ সুৰ লগাই পৰ-দিয়া মানুহক অপুৰ্ব্ব প্ৰেমত বুৰাই দিয়া, বাজলৈ উলিওয়াৰ পৰৰে পৰা প্ৰাণ পয়ানৰ মুহুৰ্ওলৈকে দয়াময়, ব্ৰজনাথ, দেউগোপাল ইত্যাদি স্পষ্ট, সময়ে, আধফুটা মাতেৰে হৰিনাম উচ্চাৰণ, আৰু তিলকাঞ্চন বৈতৰণীৰ কাৰ্য্যত নিজ জ্ঞান আরু শক্তিৰে হাত তুলি গরুৰ নেজত ধৰি পুৰুহিতৰ মন্ত্ৰ পাঠত যোগ দান কৰাকে আদি কৰি কিছুমান কাৰ্য্যলৈ মনত পৰিলে অকালত পিতৃ বিয়োগৰ শোক লঘু কৰিবৰ বাট যেন কিছু মুকলি পাওঁ। দেউতা! আপুনি গৈ নিত্যধামত গোলোকবিহাৰী পৰমেশ্বৰৰ চৰণ-ছায়াঁত থাকি বিমল আনন্দ ভোগ কৰিছে আৰু আমি আপোনাৰ, আমালৈ থৈ যোৱা একো থুপি তৰাৰ নিচিনা গুণাৱলীলৈ চায়ো চলিব নোৱাৰি, দিশনিৰ্দ্দেশক তৰা চিনিব নোৱৰা সমুদ্ৰপথৰ পথিকবিলাকৰ দৰে এই অপাৰ সংসাৰ সমুদ্ৰত পৰি পথহাৰা হৈ উৱাদিহ নোহোৱাকৈ ঘূৰি ফুৰিছোঁ।