পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৭
বৈদেহী-বিচ্ছেদ


 কৰিবা। মই মানুহটো দেও লোকৰ দুখ বোটলোঁতেই
 মৰিম গৈ।
 (ভগ্নদূত আৰু এজনী তিরুতাৰ প্ৰবেশ।)

ভগ্নদূত—দেখা তোমালোক সাক্ষী থাকিবা। মই যুদ্ধৰ বাতৰি লৈ
 বেগাবেগিকৈ ৰাজাৰ ওচৰলৈ আহোঁ, এই মোক আগ
 ভেটি ভেটি ধৰে।এইৰ মতলব কি? মই চাইটা
 পাঁচোটা লৰা ছোৱালীৰ বাপেকী হলোঁ, এতিয়া তাইক
 বিয়া কৰিবৰ দিন আছে নে?

পঞ্চম বন্ধু-হয়টো, ঠিক কথা। তুমি ৰজাঘৰীয়া মানুহ, তোক
 তাই কিয় এনে অপমান কৰিব?

তিরুতা—(ভগ্নদূতৰ কাপোৰত ধৰি) মই তোক যোগ কৰি পাইছোঁ,
 আজি এৰিবৰ নহয়। আহ মোক বিয়া কৰহি।

ভগ্নদূত—মই যদি আজি যুদ্ধৰ পৰা ভগ্নোৎসাহ হৈ নাহিলোঁহেঁতন বা
 স্ত্ৰীবধ পাতকৰ দাই নুবুজিলোতেন তেন্তে এটা মাত্ৰ
 বজ্ৰমুষ্টিৰে তোৰ প্ৰাণবধ কৰিলোঁহেঁতেন।

পঞ্চম বন্ধু—এৰাহেঁ গাভৰু, তুমি তেওঁক এৰি দিয়াঁ বুজিছা? তুমি
 মোৰ লগত আহছোন, এতিয়াই গোচৰ কৰি তেওঁৰ
 কঠিয়া মাৰি দিমগৈ। (মনেমনে) এইবিলাকেই হৈছে
 ৰাজ্য অৰাজক হোৱাৰ পূৰ্ব লক্ষণ।

যোগিনী-ই বলিয়া নিশ্চয়।

ভগ্নদূত—এই পাগলী নিশ্চয়।

যোগিনী-ই নেহাৎ বদ্ জাত।

ভগ্নদূত—এই নেহাত বদ্ জাতী।