সঁচাকৈয়ে সুগ্ৰীৱ সখিয়েই আহিছে, কিন্তু এওঁৰ মুখখনি আজি এনে বিষণ্ণ কিয়? আহক, আহক। (আসন প্ৰদান পূৰ্ব্বক) সখি! এতিয়াই মই এটি সপোন দেখিলোঁ।
সুগ্ৰীৱ—(ৰামৰ কাষত ঠিয় হৈ ) শুভ হওক। কিবা সপোন দেখিলে?
ৰাম—সপোন অতি ভয়ানক! প্ৰকাশ কৰিবলৈ ধৰিলে বুকু ফাটি যাব খোজে। ভৰত আৰু শত্ৰুঘ্নৰ নিধন! উঃ! মূৰটো ঘূৰাবলৈ ধৰিলে!
সুগ্ৰীৱ—প্ৰভু! আপুনি ইমান অধৈৰ্য্য হয় কিয়? ক্ষত্ৰিয়ৰ যুদ্ধতেই পতন। ভৰত শত্ৰুঘ্ন যুদ্ধত মৰিলেই বা তাৰ বাবে আৰু বিশেষ চিন্তাৰ কাৰণ কি?
ৰাম—নহয় সখি, মই সপোনতহে দেখিছোঁ।
সুগ্ৰীৱ—হয়, সপোনতেহে দেখিছে, হোৱাই বা আচৰিত কি?
ৰাম—আপোনাৰ কথাবিলাকত আজি ৰস নাই কিয়? আপোনাৰ মুখে এনে কঠুৱা মাত মই কেতিয়াও শুনা নাই। আজি অৱশ্যে কিবা এটা ঘটনা হৈছে। মোৰে শপত মোক নাভাঁৰিব।
সুগ্ৰীৱ—আপোনাৰ সপোন সচাঁ। এয়া ভগ্নদূত মোৰ লগতে আহিছে।
ৰাম—কি-কি-কি! কি কলে? ভগ্নদূত! (মূৰ্চ্ছা)
সুগ্ৰীৱ—( মূৰত ফুৱাই) প্ৰভু! সুস্থ হওক। ক্ষত্ৰিয়ৰ মৃত্যুত কোনে শোক কৰে? যাৰ মৃতুলৈ তিলাৰ্দ্ধ ভয় নাই,