পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। লৰিবই। ইন্দ্ৰজিং বিজেতা লক্ষ্মণ, মহাবীৰ ভৰত আৰু লৱন নিধনকাৰী শত্ৰুনিন শত্ৰুঘ্নক যি অলপ অলপ সময়ৰ যুদ্ধতে নিধন কৰিব পাৰিছে, সি কি আৰু সমান্য ৰীৰ? হয় বিধাতা নিজেই মোৰ যজ্ঞ নষ্টৰ নিমিত্তে অৱতাৰ হৈছে, নহয় কোনো ৰাক্ষসে দেৱতাৰ বৰত বলীষ্ঠ হৈ এই পাপ কাৰ্য্য সাধন কৰিছে। বাৰু যেয়েই বা নহওক, শক্ৰ বলৱান দেখি যুদ্ধৰ পৰা ক্ষান্ত পোৰ। কাৰ্য মোৰ দ্বাৰাই হব নোৱাৰে। অৱঙ্গে যুদ্ধ কৰিম, প্ৰাণপনে যুদ্ধ কৰিম। শৰ শিক্ষা সাধক কৰিম। অক্ষয় তৃণৰ প্ৰমাণ চাম। ব্ৰহ্মাস্ত্ৰ দেৱা বিষ্ণু অস্ত্ৰ আদি মহা মহা অস্ত্ৰবিলাক পৰীক্ষা কৰিম। অৱশেষত নোৱা- ৰিলে ক্ষত্ৰিয়ৰ সাহেৰে শত্ৰুৰ শৰত প্ৰাণ সমপণ কৰিম। সেই বুলিয়েই কি পৰাধীন বা তিৰুৰ দৰে বলীষ্ঠ শত্ৰু দেখি নিজৰ অমূল্য গৌৰৱ ভস্মীভূত হবলৈ দিম? নহয় সি কথা কোনোমতেই হব নোৱাৰিব। (ৰণবাদ্য নি) এই সৈন্যদল প্ৰস্তুত! ছিঃ! অতি সামান্য সৈন্যবিলাকৰ মনতো ৰণ-জেউতি লাগিছে। সিহঁতেও প্ৰাণভয় চেৰ কৰি শত্ৰুৰ বিপক্ষে যুদ্ধ কৰিৱলৈ সাজপাৰ কৰিছে। সমস্ত অযোধ্যাবাসী আজি যুদ্ধ কৰিবলৈ প্ৰস্তুত। কেৱল মই মাত্ৰ নিষ্টে। ধিক মোৰ জীৱন! ধিকমোৰ বাহুল ধিক মোৰ ৰাম নাম॥ বীৰকুলে জন্ম ধৰি, বীৰ বেশ কৰি,