পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। মন্ত্ৰ প্ৰবেশ। সুমন্ত্ৰ -(প্ৰণিপাত পূৰ্ব্বক) প্ৰভু! তযু ৰণ যাত্ৰ। হেতু অশ্বচয় সংযো জিত বথে। ৰাম-সুমন্ত্ৰ! অলপ অপেক্ষা কৰা। শীঘ্ৰে মই নমি আইৰ পাদ যুগ, যাত্ৰাৰ অসুত যত নাশ কৰি আহে।। (নিমণ) (এদল স্ত্ৰী, আৰু এদল পুৰুষৰ প্ৰবেশ আৰু উভয় দলৰে মুক্তসৰ বিবাদ) স্ত্ৰীদল-আমি ৰজাৰ কাজত, মৰিম ৰণত বীৰ ৰমণী; পুঃ দল—তহঁত থাক গৈ ঘৰত, মতাৰ কামত, কিয় ফুৰ আন নুগুণি। স্ত্ৰীদল—ধিক্ এনে মতা, নাক কটা, যুদ্ধ দেখি এৰে ৰঙ্গা; পুঃ দল—আমি নেৰে। ৰজা, নিজেই ৰজাই লয় বাচি ৰ তেজা তেজা। স্ত্ৰীদল—নালাগে নালাগে কথাৰে ভোহাব, পুঃ দল-লাগিব লাগিব কথাবেই ভুলাব, স্ত্ৰীদলাম আমি, যাম আমি, যোৱাগৈ উভতি; পু দল—আমিও যাম, আমিও যাম, নেষাওঁগৈ উভতি। উভয় দল(দেওৰি দেওমাৰি) তেন্তে সবে মিলি, অস্ত্ৰ তুলি, যাওঁ ব’লাহে যুদ্ধলৈ। ৰজা ৰাম আমাৰ দয়াৰ আধাৰ, তেওঁৰ কাৰ্যত প্ৰাণ এৰোগৈ।