পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
বৈদেহী-বিচ্ছেদ।

প্ৰথম মুনিপত্নী-বহুকালৰ তপস্যাৰ ফলেৰে যি ৰত্ন লাভ কৰিছোঁ,
তাৰ প্ৰতিপালৰ বিষয়ে প্ৰভুয়ে আৰু ক'ব লাগিছে নে?
ব’লা আমি লক্ষ্মী আইক ঘৰলৈ নিওহঁক।

( সকলোৱে বেৰি গীত গাই গাই জানকীক মলা পিন্ধাই)

গীত।



 ধুন মাৰ চেনেহী সখী,
 আজি বনফুল হাৰে।
বনে বনে ফুল তুলি, গাঁথি মলা যতন কৰি,
আনিছে হে লগৰী, পিন্ধাবৰ মনে।


চতুৰ্থ অঙ্ক।


প্ৰথম গৰ্ভাঙ্ক।


দৃশ্য-শ্ৰীৰামচন্দ্ৰৰ সভা।



শ্ৰীৰামচন্দ্ৰ, বিজয়, মধুমত্ত, ভদ্ৰ, লক্ষ্মণ ভৰত আরু শত্ৰুগ্ন উপবিষ্ট।

ৰাম—বোপাহঁত! আমাৰ অনেক দিন ৰাজত্ব কৰা হ'ল। ৰাজত্ব
কৰিবলৈ গ'লে পাপ নহয় এনে ভাগ্যৱান পুৰুষ অতি
বিৰল। ৰাজ কাৰ্য্যৰ লগে লগে ধৰ্ম কাৰ্য্যৰো অনুষ্ঠান
হ'ব লাগে। এবাৰ ধৰ্ম্মৰ মৰ্য্যাদাভূত অক্ষয় আৰু অব্যয়
ৰাজশূয় যজ্ঞ কৰি জীৱন চৰিতাৰ্থ কৰিব খোজোঁ, তোমা-
লোকৰ মন কি?