পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
বৈদেহী-বিচ্ছেদ।


অমূলক ভাবি,
ৰাখোক দাসৰ মন।
নিৰ্ম্মল ইক্ষাকু ফুলে,
পত্নী বিসৰ্জ্জনৰূপ
কলঙ্ক পিশাচে,
নাপাওক জুৰণি যেন।
ৰাম—ভদ্ৰ! শুনিবৰে পৰা পাপী
দুৰ্ম্মুখৰ মুখে,
ধোবা ধুবুনীৰ কথা,
হৃদি মোৰ শত খণ্ডে
বিদাৰিছে।
কোনে কানে,
আজি ৰাম-সৰোবৰ মাজে
কত শোক-ঢৌ
উঠলিছে নিজমিছে!
কিন্তু মহা মন্ত্ৰী ভদ্ৰ!
পৱিত্ৰ অযোধ্যা পুৰি,
মোৰ এই তুচ্ছ জীৱনান্তে
পৱিত্ৰ থাকিব।
সামান্য ভাৰ্য্যাৰ স্নেহে,
পুত্ৰ সম
অযোধ্যাৰ প্ৰজা সবে
নকৰিব অসন্তুষ্ট।