দ্বিতীয় বন্ধু—না ভাই চাহেব! হাম্ লোক নাহি পিয়ঙ্গা আপ্ পিয়ঙ্গা হেই।
দোকানী— (আন এজনৰ ফালে আগ বঢ়াই) আপ পিজিয়ে ভাইচাহেব!
তৃতীয় বন্ধু-(আন সকলৰ ফালে চাই) ইটাইনু কেমন সখা? গিৰন্ত না শাইয়া কাল্কিটা আমাৰে দিচেন্, আমি শিট্টা লাঁগিয়া শাইমু।
চতুৰ্থ বন্ধু—(টিকিৰাত হোঁপামাৰি), ভাই চাহাব তুমি টিক কটা কইছা। তেওঁ কিন্তু স্বৰূপত এজন ভদ্ৰ মানুহ। সিপোনেও কিন্তু স্বৰূপত ইমান ভৈয়াম্কৰ দোকান এসনৰ মহাজন। তেওঁ এহোঁপা আগৈতে শাইদিলেহে কিন্তু স্বৰূপত আমাৰ শাবেলেই ভাল! হয় নহয় শনলু?
শনলু-নালগেই বাপা আৰু তাক কবা নালগেই তেউনু কিবা নাজ্না মানুহ না?
পঞ্চম বন্ধু।— কেওঁ খাওঁতা নাই যদি দিয়ক। ময়ে লৰতে এটান মাৰি যাওঁ।
দোকানী—(চিলিম আগবঢ়াই দি) বহৎ আচ্ছা মহাৰাজ জি পিজিয়ে।
পঞ্চম বন্ধু—(ভাঙ্গৰ চিলিম লৈ) বম্ মহাদেৱ, বম্ কালী, যায় পাহাৰ ফালি।
এক ছিলিমে যেমন তেমন,
দুই ছিলিমে গাঁজা।
তিন ছিলিমে পাত্ৰ মন্ত্ৰী,
চাৰ ছিলিমে ৰাজা। (ভাঙ্গত টান মাৰে)