বেজবৰুৱা বংশাৱলী

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

বেজবৰুৱা বংশাৱলী

 

প্ৰথম ভাগ

ডাঙৰীয়া দীননাথ বেজবৰুৱা প্ৰণীত।

 

দ্বিতীয় ভাগ।

বেজবৰুৱা ডাঙৰীয়াৰ পুত্ৰ
শ্ৰীনাথ বেজবৰুৱা
প্ৰণীত।

 

শ্ৰীলক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰাই
প্ৰকাশিত

 

সম্বলপুৰ। বেচ ১৲ এটকা।

[  ]
 

Printed by D. P. Mitra
at the Elm Press,
63, Beadon Street, Calcutta.

 

[  ]
 

উৎসৰ্গ

 

পূজনীয় পিতৃদেৱতাৰ পুত চৰিত্ৰৰ স্মৃতিৰ

আৰু

শ্ৰদ্ধাস্পদ অগ্ৰজৰ অশেষ স্নেহবিমিশ্ৰিত স্মৃতিৰ

উদ্দেশে

তেওঁলোকৰেই এই ৰচনা

আগবঢ়ালোঁ।

 

চত। ১৮৪৮ শক।
সম্বলপুৰ।

শ্ৰীলক্ষ্মীনাথ।

[  ]
 

বেজবৰুৱা বংশাৱলী


জয় জগন্নাথ দেৱ দৈৱকী নন্দন।
অনাথৰ নাথ তুমি প্ৰণত পালন॥
ব্ৰহ্ম আদি দেৱে যাৰ চৰণ সেৱন্ত।
যাৰ নাম স্মৰণে পাপৰ হোৱে অন্ত॥
মহা মহা যোগী সমাধিত নপাৱয়।
ভক্তি লেশ উদয়ত সমস্ত মিলয়॥
পৰম পুৰুষ গুৰু বান্ধৱ মাধৱ।
অষ্টাঙ্গে প্ৰণাম কৰোঁ হেন আদিদেৱ॥
কৃষ্ণৰ ভৃত্যৰ ভৃত্য দ্বিজ দীননাথ।
অজ্ঞানত মজি আছোঁ পৰম অনাথ॥
পৰম কৃপালু গুৰু প্ৰসাদ লভিয়া।
মতি অনুসাৰে পৱাৰক আৰম্ভিয়া॥
ৰস ৰস ঋষি চন্দ্ৰ বৰ্ষে চৈত্ৰ মাস।
বংশাৱলী পৱাৰ কৰিতে কৰোঁ আশ॥
আমাৰ বংশৰ বৃদ্ধ পিতৃব্য দুতয়।
হৰিৰাম ৰামহৰি পৰম সুনয়॥

[  ]

বংশৰ মধ্যৰ যত কথাক জানয়।
মোৰ আগে সাৱশেষ কহিয়া আছয়॥
ইদানিক বংশত সুনয় খ্যাতিমন্ত।
লক্ষ্মীনাথ বৰুৱা পৰম গুণৱন্ত॥
তান সঙ্গে আলোচন কৰি অতিশয়।
আৰু বংশে বৃদ্ধ জ্ঞানী মানী মহাশয়॥
দুতয় বৰুৱা হলিৰাম ৰাম খ্যাত।
আনো যত বৃদ্ধ আছে পৰম বিখ্যাত॥
যোগ্য অনুসাৰে আনি পুছিয়া সবাক।
যাৰ স্থানে যেন মতে লভিলোঁ বাৰ্ত্তাক॥
সিটো কথা ভবিষ্যত কালত অখণ্ডে।
থকাৰ আশায়ে নিবন্ধিলোঁ পদছন্দে॥
এহিটো আসাম দেশ যদ্যপি বিশিষ্ট।
তথাপি নাছিল পূৰ্ব্বে বিজ্ঞ সাধু শিষ্ট॥
ইন্দ্ৰবংশী ৰাজা নাম বুঢ়াভগনীয়া।
ভুঞ্জন্ত বিপুল ভোগ ৰাজাক লভিয়া॥
সিকালত আমাৰ উপৰি খ্যাতিমন্ত।
কলিবৰ নাম বেদবিদ মহাসন্ত॥
আয়ুস বেদত অতি পৰম প্ৰবীন।
দানী মানী বৈষ্ণৱ যে বিদ্যাত নিপুণ॥
কান্যকুজ দেশে যিতো জনম লভিয়া।
বৈষ্ণৱ-যোগক কৰে সদা অভ্যাসিয়া॥

[  ]

নানা তীৰ্থক্ষেত্ৰ সেবি ফুৰন্তে যে পাছে।
মাধৱ কামাখ্যা আদি তীৰ্থ সব আছে॥
লোক মুখে শুনি তাৰ প্ৰভাৱসকল।
মনত মানিলা ভৈল জনম সাম্ফল॥
সিসব দৰ্শন অৰ্থে আইল ইটো দেশ।
ৰাজা শুনি তান গুণ নাম যে বিশেষ॥
আপোন স্থানক আনি সাদৰে ৰাখিলা।
ধনধান্য দামী দাস নানা ভূমি দিলা॥
উত্তৰৰ লখিম্পূৰ আদি তিনি স্থানে।
হাজাৰেক ভূমি দিয়া ৰাখিলা যতনে॥
ইদেশৰ যত বৈদ্যগণ আছিলন্ত।
তাহাৰ বৰুৱা পাতি মান্যক দিলন্ত॥
সিটো কাল হন্তে আমাসাৰ ঘৰে আতি।
বেজৰ বৰুৱা নাম ভৈলন্ত প্ৰখ্যাতি॥
কলিমন নামে এক দ্বিজ আসিছিলা।
সিও জ্ঞাতি হেতু তান সঙ্গত ৰহিলা॥
যাহাৰ সন্তান বাঢ়ি স্থানে স্থানে আতি।
মৃদঙ্গীয়া ফৈদ নামে ভৈলন্ত প্ৰখ্যাতি॥
তাহাৰ বংশৰ কথা পৰে নিবন্ধিবোঁ।
আমাৰ পুৰুষাৱলী প্ৰথমে কহিবোঁ॥
যিমতে আমাৰ বংশসব বৃদ্ধি ভৈল।
যাৰ যশ গুণ নাম দিশক ব্যাপিল॥

[  ]

কলিবৰ বৰুৱাৰ পুত্ৰ মহামতি।
গোবিন্দ বৰুৱা নাম নানাস্থানে খ্যাতি॥
ৰাজাৰ ঘৰত মহামান্যক লভিলা।
একাচেকা বৰুৱা ৰজাই নাম দিলা॥
তাহান তৃতয় পুত্ৰ ভৈল শ্ৰেষ্ঠোত্তম।
জয়হৰি বৰুৱা জ্যেষ্ঠ ছোট অনুপম॥
মথাম তনয় নাম পুৰুষউত্তম।
আমাৰ বংশৰ জানা পদ্মপুষ্প সম॥
যাৰ যশ গুণে আছে লোকক বিয়াপি।
মহাসন্ত শিষ্ট সবে কহয় অদ্যাপি॥
তাহাৰ বিশিষ্ট পুত্ৰ ভৈল নৱজন।
শিমলুঅটীয়া নিৰাই আৰু নিৰজন॥
আকৰা বিখ্যাত আৰু হালধিঅটীয়া।
শেষ চাৰিজনৰ সন্তান নাইকিয়া॥
বিশেষত সিতো মহাসন্ত পঞ্চজন।
প্ৰতিজনে নৱ নৱ ভৈলন্ত সন্তান॥
সি সবৰ আৰু যত গুণগ্ৰাম খ্যাতি।
পদবৃদ্ধি হৈবে জানি নকহিলোঁ আতি॥
নিৰাইৰ পুৱ উগ্ৰসেন যে দুৰ্লভ।
মহাজ্ঞানী হৈয়া যোগ কৰিলা দুৰ্লভ॥
শেষে কাশীক্ষেত্ৰে দণ্ড গ্ৰহণ কৰিলা।
প্ৰাণ ত্যাগ কৰি বিষ্ণুলোক আৰোহিলা॥

[ ১০ ]

যাক ৰাজঘৰ হন্তে মান্য কৰি আতি।
শ্বেতকম্বলক দিয়া থৈল গোসাই পাতি॥
কাকতীয়া ঘৰৰ যে শিৱনাথ নাম।
তুাম্বুলীফুকন গুণগ্ৰাম অনুপম॥
তেহো আদি ইদেশৰ নানা ভদ্ৰলোক।
যাৰ শিষ্য হৈয়া গৈল জানিবা প্ৰত্যেক॥
দুৰ্গোৎসৱ সময়ত বৰ্ষে বৰ্ষে আতি।
দুৰ্গা প্ৰতিমাক দেয় ৰাজঘৰ হৈতি॥
যাৰ ব্ৰহ্মোত্তৰ ভূমি আছয় প্ৰকট।
মহুৰা বচাত দীচৈ মাজালিত শত।
আৱৰ উত্তৰ পাৰে আছয় বিশেষ।
আমি সবে ভোগ কৰোঁ অদ্যাপি নিশেষ॥
দুলভ গোসাইৰ পুত্ৰ গুণে শ্ৰেষ্ঠতৰ।
ভট্টাচায্য খ্যাতি পাইলা নাম বিশ্বেশ্বৰ॥
তাহান ভগিনী পঞ্চজনা অতিৰেক।
সাৱশেষে কহোঁ নাম গ্ৰাম সকলেক॥
পহাৰ্জ্জিসত্ৰত দিলা কামেশ্বৰী নামা।
মাহৰাত দিলা দুৰ্গানামা নিৰুপমা॥
কামেশ্বৰী দেবীৰ যে পতি মহাশয়।
বিশ্বদেব নাম তাঙ্ক সকলে কহয়॥
তান সুত কামদেৱ মহন্ত প্ৰখ্যাত।
পৌত্ৰ ৰামদেৱ জানা আছয় সাক্ষাত॥

[ ১১ ]

সিজনৰ দুইগুটি পুত্ৰ সুশোভন।
ৰঘুদেৱ বিশ্বদেৱ গুণত নিপুণ॥
লোক মুখে প্ৰকাশিত গুণগণ যাৰ।
তাম্বুলী ফুকন কাশীনাথ নাম সাৰ॥
তাহাৰ দৌহিত্ৰী ৰূপে গুণে মহাধন্যা।
ৰঘুদেৱ দ্বিজে বিবাহিলা সিটো কন্যা॥
পৰম সুখত আছে নিজ পতি সঙ্গে।
বিবৰিয়া কহিলোঁহো ইটো কথা ৰঙ্গে॥
ধৰ্ম্মেশ্বৰীকেসে দিলা সত্ৰ বনগ্ৰাম।
তান হন্তে পুত্ৰ ভৈল বাসুদেৱ নাম॥
সিটো বাসুদেৱসুত আছয় সম্প্ৰতি।
পৰম ধাৰ্ম্মিক গুণ গণে সুবিনীতি॥
বনগ্ৰাম অধিকাৰী জ্যেষ্ঠ দ্বিজবৰ।
নাৰায়ণ বাপাটি যে সোদৰ তাহাৰ॥
আধাৰ মহন্ত স্থানে বিমলাক দিলা।
মুকলিমুৰীয়া ঘৰে কমলা পৰিলা॥
বিমলাৰ পুত্ৰ বসুদেৱ যে মহন্ত।
পুত্ৰ খগেশ্বৰ দেৱ সম্প্ৰতি আছন্ত॥
এহিমানে অন্ত ভট্টাচাৰ্য্যৰ কাহিনী।
আনোসব কথা মই কহিবোঁ ঐসানি॥
শিমলুঅটীয়া ডেকা বংশ খ্যাতি মান।
তান সুত নাম ভৈল ৰামনাৰায়ণ॥

[ ১২ ]

পুত্ৰ লক্ষ্মীনাথ পৌত্ৰ বেথাৰাম হয়।
তাহাৰ তৃতয় পুত্ৰ সম্প্ৰতি আছয়॥
ৰামদেৱ কুশেশ্বৰ আৰু ৰামদেৱ।
দেৰগ্ৰাম স্থানে তাৰা বাস কৰিছয়॥
বেথাৰাম ডেকা সুতা নামত জয়ন্তী।
সহদেব ঠাকুৰত পৰি আছিলন্তি॥
তাৰ পুত্ৰ জয়ৰাম সুমতি যোগাই।
যথাৰূপে সুখ ভোগে অদ্যাপি আছয়॥
আৰু পুত্ৰী কণ ষে নামত মহাসতী॥
ঠাকুৰ ফৈদীয়া ভোলাই বিবাহিলা তৈতি॥
কেতকী নামত সুতা সি ৰামদেৱৰ।
পুৰ্ত্তমীয়া মহাজনে বিবাহিলা তৰ॥
হালধিঅটীয়া বিজয় সৰ্ব্বানন্দ।
জয়ৰাম বলীৰাম বিজয় নন্দন॥
সৰ্ব্বানন্দ পুত্ৰ বজুডেকা নাম সাৰ।
বজু পুত্ৰ মধুৰাম বলো জয়ৰামৰ॥
আকৰাৰ সন্ততি উদ্ধৰ নাম ৰৈলা।
পুত্ৰ যে যিনাম তানহন্তে দুয়ো ভৈলা॥
শিৱহৰি নামঘৰীয়া বুলি নাম ৰৈল।
নামঘৰীয়াৰ কোনো সন্তান নভৈল॥
শিৱহৰি ডেকাৰসে পুত্ৰ ঘিনাই নাম।
তাহাৰ অনুজ আছে নাম বাপুৰাম॥

[ ১৩ ]

তাহাৰ ভগিনী এক আৱৰ আছয়।
যোগ্য অনুসাৰে নিজ পেটক পোষয়॥
চতুৰ্থ জনৰ কথা এহিমানে থওঁ।
নিৰঞ্জন বৰুৱাৰ আখ্যানক কওঁ॥
ঈশ্বৰ ভৃত্যৰ ভৃত্য ভনে ইটো পদ।
ৰাম ৰাম স্মৰাঁ সবে খণ্ডোক আপদ॥


 দুলড়ী।

আত পৰে শুনা,  কহিবোঁ কাহিনি,
 কথা ইটো বিপৰীত।
আমাৰ উপৰি, নিৰঞ্জন নাম
 বৈদ্যৰ বৰুৱা খ্যাত॥
মহা ধৰ্ম্মশীল, পৰম বিদ্বান,
 বৈষ্ণৱ অতি বিচিত্ৰ।
নানা তীৰ্থক্ষেত্ৰে, পৰম প্ৰকটে,
 ফুৰিলা হুয়া পবিত্ৰ॥
তাহান তনয়, অতি শুভনয়,
 জগন্নাথ নামে সাৰ৷
ৰজাৰ ঘৰত, যশক পাইলন্ত
 মৰ্য্যাদা অতি সৎকাৰ॥

[ ১৪ ]

ভঁৰালী বৰুৱা,  নাম পায়া আতি,
 ৰাজাৰ আজ্ঞাক ধৰি।
ব্ৰহ্ম যে পুত্ৰৰ উত্তৰ দেশত,
 প্ৰজা নিয়োজন কৰি॥
সেহি আপাহতে, ৰজাঘৰ হস্তে,
 পাইলা গজবাজী ধন।
আৰু ভূমি দিয়া,  শিলা আৰোপিয়া,
 অষ্ট কোণে অষ্ট খন॥
তাহাৰ মধ্যত, যত লোক ছিল,
 তাকে দিল দাসৰূপে।
সেই স্থানে আছে, গজশালা স্তম্ভ,
 অদ্যাপি চিহ্ন স্বৰূপে॥
যিটো গৰখাই, বৰ বৰ বিল
 যেহেন ভৈ গৈল নদী।
অষ্ট গোট ঢাপ, হস্তী গছকাই,
 বন্ধাইলা অতি প্ৰবন্ধি॥
ৰাজাৰ ঘৰৰ, লোক সব দিয়া,
 নিৰুপিলা ঘৰবাড়ী।
তাহাৰ মধ্যত জ্ঞাতি বংশ দাস
 ৰৈল ঘৰ শত চাৰি॥

[ ১৫ ]

অদ্যাবধি কৰি  যিটো বাড়ীমাটি
 শিলপোত নামে খ্যাত।
দুলড়িৰ ছন্দে,  তনে মূঢ়মতি,
 ক্ষমিয়োক দোষ যত॥

ছবি।

আত অনন্তৰে শুনা,  কহিবোঁ বিপুল কীৰ্ত্তি,
 যিটো কথা ব্যাপিল দেশক।
জগন্নাথ বৰুৱাৰ  সপ্তম তনয় জন্মি,
 ভৈলা ৰূপে গুণে অতিবেক॥
ভাৰ্য্যা দুইজনা অতি,  পৰম সুন্দৰী সতী,
 বৰঘৈনী সৰুঘৈনী খ্যাতি।
বৰ আই তিনি পুত   সৰুৰ চাৰিটি সুত
 পৰম ধাৰ্ম্মিক শুদ্ধমতি॥
বৰজনাৰ পুত্ৰ জ্যেষ্ঠ  হৰিনাথ বৰুৱা শ্ৰেষ্ঠ,
 মধ্যম যে শ্ৰীকান্ত নাম॥
কনিষ্ঠ কমলাকান্ত  খঙ্গীয়া বৰুৱা শান্ত॥
 পৰম পণ্ডিত অনুপম॥
হৈনাথৰ পুত্ৰ জানা  প্ৰাণনাথ মনে মানা,
 তান পুত্ৰ তৃতয় ভৈলন্ত।

[ ১৬ ]

কৃষ্ণ আৰু বিকাৰাম,  অপৰ যে কিনাৰাম
কাঠবৰুৱা যে নিৰুপম॥
মান্য ৰূপে গুণে আতি পৰম নিপুণ খ্যাতি,
যাৰ যশ আচয় অদ্যাপি।
তাহান পুত্ৰেক ভৈল, মনুৰাম নাম ৰৈল,
পাইল কাঠবৰুৱা খিতাপি॥
তান সুত দেৱৰাম, যাদুৰাম, তুৱাৰাম,
ৰচিছিল কতিপয় কাল।
দেৱৰাম আত্মজ দুই কৃষ্ণৰাম নামতই।
যাদু পুত্ৰ লোকাই মহাই ভৈল॥
কিনাৰাম সহোদৰ কৃষ্ণ নাম দ্বিজবৰ
উপজিল পুত্ৰ (পৗত্ৰ) যে গোবিন্দ৷
গোবিন্দ সন্ততিতই বাপীৰাম নাম কয়,
কৈলো গুণগ্ৰামক অভেদ॥
বিকাৰাম নাম যিটো পৰম নিপুণ সিটো
নেনাই নাম তাহান তনয়।
তাহান দুহিত্ৰী একা, ৰূপে গুণে অতিৰেকা
দেৱগ্ৰামে বাসক কৰয়॥
শীতকণ্ঠ কটকি পুত্ৰ, লম্বোদৰ নামে তত্ৰ,
যাক বিবাহিলা অতিৰেক৷
ইটো কথা পৰিহৰি, কহোঁ আবে যত্ন কৰি,
মহাশ্ৰেষ্ঠ সবৰ বাৰ্ত্তাক

[ ১৭ ]

কমলা বৰুৱা মহা,  যশে গুণে জানিবাহা,
 ব্যাপিলন্ত লোক লোকান্তৰ।
দশম তনয় হৈয়া  লোক সব ৰঞ্জিলেকে
 জানিবাহা সকলে সুসাৰ॥
লক্ষ্মী যজ্ঞো শ্ৰীকান্ত,  গঙ্গাই বৰুৱা শান্ত,
 খোৰাডেকা হৰি মহামতি
বলাই শ্ৰীৰাম সন্ত দেৱৰাম ধৰ্ম্মকান্ত
 বহিছিলা মহাসুখে আতি॥
পুত্ৰ পুত্ৰী উপাৰ্জ্জিলা  কৰ্ম্মযশে ভোগ পাইয়া,
 শেষে প্ৰাণ ত্যজিলা তহিতি।
আখ্যানক তাসম্বাৰ  প্ৰপঞ্চিবো ইটো সাৰ
 হৰি স্মৰি খণ্ডিয়া দুৰ্গতি॥

পদ।

পৰম পণ্ডিত বৈদ্য বিদ্যাত বিখ্যাত।
লক্ষ্মী বৰুৱাসে যিটো পৰম সুশান্ত॥
তাহান তৃতয় পুত্ৰ জানিবা সুসাৰ।
ৰঘুনাথ নিৰাময় কিনাৰাম আৰ॥
ৰঘুনাথ ডেকা বৰতামুলী প্ৰধান।
গোত্ৰ মধ্যে প্ৰকাশিত গুণনাম তান॥

[ ১৮ ]

ব্ৰজনাথ ঘিন দুই পুত্ৰ প্ৰভবাইলা।
শেষে প্ৰাণ ছাৰি নিজ গুৰু সঙ্গ পাইলা॥
ব্ৰজৰ ভগিনী চন্দ্ৰাদেবী মহাসতী।
কামদেৱাল মহাজন বিশ্বনাথ আতি॥
তেহোঁ বিবাহিয়া দুই পুত্ৰ উপাৰ্জ্জিলা।
ধৰ্ম্মেশ্বৰ যজ্ঞেশ্বৰ অদ্যাপি ৰহিলা॥
যজ্ঞোডেকা সুত দুইজন মহাশয়।
মহেশ্বৰ ত্ৰাহিৰাম জানিবা নিশ্চয়॥
মহাগুণৱন্ত আতি কাৰ্য্যত প্ৰধান।
কহোঁ সাৱশেষে তাসম্বাৰ গুণগান॥
হৰি পুত্ৰ লম্বো ধৰ্ম্মেশ্বৰ জয়দেৱ।
ধৰ্ম্মেশ্বৰ সূত দুই অদ্যাপি আছয়॥
প্ৰাণনাথ ভোলানাথ গুণে মহাশয়।
সুখে ধৰ্ম্মাশ্ৰয় কৰি বাসক কৰয়॥
বিশেষত লম্বোডেকা মহা শুদ্ধমতি।
শ্ৰীক্ষেত্ৰ আদি তীৰ্থ কৰিয়া তহিতি॥
গয়া কাশী প্ৰয়াগাদি মহাতীৰ্থ আছে।
সি সি স্থানে সেবি বৃন্দাবন গৈলা পাছে॥
যিটো বৃন্দাবন স্থান পৰম প্ৰকৃষ্ট।
হৰি উপাসিয়া থাকে যৈত সাধুশিষ্ট॥
যাৰ নাম কীৰ্ত্তনে স্মৰণে লোক তৰে।
সিটো পূৰ্ণব্ৰহ্ম কৃষ্ণ যাহাক নাচাবে॥

[ ১৯ ]

সিটো বন পয্যতন কৰা সময়ত।
ঈশ্বৰ ইচ্ছাত কাল ভৈল উপগত॥
বসন্ত পীড়াত প্ৰহৰেক সময়ত।
প্ৰাণ পৰিহৰি বিষ্ণুলোকে উপগত॥
যিতো মহেশ্বৰ ত্ৰাহিৰাম শুদ্ধমতি।
গুণগণে নিপুণ বিদ্যাত মহাখ্যাতি॥
পৰম পণ্ডিত নানা গুণত নিপুণ।
মহেশ্বৰ সুত আছে জানা তিনি জন॥
হলিৰাম কুশৰাম বলৰাম আৰ।
গুৱাহাটী স্থানে আছে আনিবা সুসাৰ।
এহিমানে তাসম্বাৰ গুণক সংহৰি।
কহোঁ গঙ্গাই বৰুৱাৰ গুণ শ্ৰেষ্ঠ কৰি॥
মহাৰাজা লক্ষ্মীসিংহ নৃপ শিৰোমণি।
বৰভাণ্ডাৰ বৰুৱা পাতিলা আপুনি॥
তাহান ভগিনী মহগুণে শুভন্বিতা।
প্ৰিয়বৰ মহন্তৰ ভৈল বিবাহিতা॥
পুৰণিমাটি যে নাম আহতৰ গুৰি।
তাহাৰ মহন্ত সিটো জানা শ্ৰেষ্ঠকৰি॥
যাৰ পুত্ৰ পতি ভাৰ্য্যা সসম্যকে আতি।
স্বৰ্ণ কঙ্কনক দিলা ৰজাঘৰ হৈতি॥
কাকতীয়া (ভগীৰথ) বৰুৱাৰ পুত্ৰী মহাধন্যা।
বিবাহ কৰিলা চন্দ্ৰায়নী নাম কন্যা॥

[ ২০ ]

ভৈলন্ত সন্তান পঞ্চপুত্ৰ কন্যা এক।
কহো যে সমস্ত মই শুনিয়ো প্ৰত্যেক॥
মধুৰাম তুৱাৰাম দেৱৰাম আৰ।
দধিৰাম বাপিৰাম জানিবা সুসাৰ॥
তাসম্বাৰ ভগিনী যে অতি নামা সতী।
কপে গুণে শোভনা পৰম ভাগ্যৱতী॥
দেৰগ্ৰাম দেৱালয়ৰ বৃহৎ ঠাকুৰ।
ৰুদ্ৰেশ্বৰ নাম ধৰ্ম্মশীল দ্বিজবৰ॥
তেহো বিবাহিলা সিটো কন্যাক তহিতি।
ভৈলন্ত হে নাম পুত্ৰ মহামতি॥
অধ্যাপি আচয় নিজ ধৰ্ম্মক আচৰি।
সপত্নী ভ্ৰাতৃৰ সঙ্গে মহাপ্ৰীতি কৰি॥
তাৰ জ্যেষ্ঠ ভগিনী দমজ নাম ৰৈল।
জগন্নাথ দুৱৰীয়া বিবাহ কৰিল॥
কোমল দুৱৰীয়া সুত যাহাক কহয়।
পুত্ৰ পুত্ৰী দুই গুটি অদ্যপি আছয়॥
ইসব ছাৰিয়া কহোঁ আচল কথাক।
বৰুৱাৰ পুত্ৰ সন্তানৰ আখ্যানক॥
যিতো পঞ্চজন ৰূপে গুণে শ্ৰেষ্ঠ অতি।
বিশেষত জ্যেষ্ঠৰ কহিবোঁ মহাখ্যাতি।
মধুৰাৰ বৰুৱা যে বিশিষ্ট পৰম।
বৈদ্য বিদ্যাবিশাৰদ জানিবা সুষম॥

[ ২১ ]

পুত্ৰেক ভৈলাহা শ্ৰেষ্ঠ নামে মুক্তাৰাম।
গুণত নিপুণ সিটো বিখ্যাত পৰম॥
ঢাপকটা মহন্ত সুতা ৰিহাইল তৈতি।
পৰম সুন্দৰ তিনি হৈআছে সন্ততি॥
প্ৰথম যে হেমচন্দ্ৰ পৰম কুশল।
মধ্যম তুলসীৰাম কনিষ্ঠ কমল॥
মধুৰাম বৰুৱাৰ অনুজ পৰম।
দেৰগয়াঁ বৰুৱা যে দধিৰাম নাম॥
মহাজন ৰূপেগুণে খ্যাতিমন্ত অতি।
বিবাহিলা মহাই ফুকন সুতা সতী॥
ভৈলা দুই পুত্ৰ কন্যা অতি সুশোভনা।
তাহাৰ কহিবোঁ কথা সকলক শুনা॥
সিটে কন্যা পৰম সুনদ্ৰী মহাসতী।
কেশৱ মহন্ত দ্বিজ তাইৰ ভৈল পতি॥
ঢেকিয়ালে বাস কৰে কন্যা এক ভৈল৷
ৰসেন্দ্ৰ বৰুৱা ঘৰে তাহাঙ্ক বিহাইল॥
তান জ্যেষ্ঠ ভ্ৰাতৃ যিটো পৰম শ্ৰীমন্ত।
গুণগণে নিপুণ পৰম খ্যাতিমন্ত॥
ৰাজ দৰ্বাৰত সম্ভ্ৰমক পায়া ৰৈল।
কলেক্টৰি চেৰেস্তাৰ অধিপতি ভৈল॥
লক্ষ্মীনাথ নাম গজপুৰীয়া বৰুৱা।
পৰম ধাৰ্ম্মিক শাস্ত্ৰগণ অভ্যাসিয়া॥

[ ২২ ]

বাহাৰ উদ্যোগে আমি ইহাক প্ৰবন্ধে।
সাধ্যমতে বিৰচিলোঁ ইটো পদছন্দে॥
মধুবৰা নাম দ্বিজ পৰম ধাৰ্ম্মিক।
তাহান ভাতিজা গোপী জানিবা প্ৰত্যক্ষ॥
সিজনৰ সহোদৰা সতী যিটো ধন্যা।
বিবাহ কৰিলা তেহো জানা সিতো কন্যা॥
তাহাৰাৰ কন্যা দুই পুত্ৰ দুই আৰ।
ৰূপে গুণে সুশোভন জানিবা সুসাৰ॥
প্ৰথম তনয় ভৈল পদ্মনাথ নাম।
মহাবুদ্ধিমান সিটো গুণে অনুপাম॥
কনিষ্ঠ জনৰ পীতাম্বৰ ভৈল নাম।
তাসম্বাৰ কৈলো গুণগ্ৰাম যে পৰম॥
যিটো চন্দ্ৰকান্ত অতি পৰম শোভন।
গুণসব আছয় পৰম বুদ্ধিমান॥
যোগেশ্বৰ মৌজাদাৰ দ্বিজ মহাশয়।
বায়ন বৰুৱাৰ ঘৰ যাৰ নাম কয়॥
এক পুত্ৰ কন্যা একা তেওঁ জন্মাইলা।
পুৰণিমাটি সত্ৰে কন্যা বিবাহক দিলা॥
তাহাৰ দুহিতা বিবাহিলা মহামতি।
পৰম সুন্দৰী জানা আছয় সম্প্ৰতি॥
বাপুৰাম ডেকাবেসে পুত্ৰ দুইজন।
জনাৰ্দ্দন ৰঙ্গামুৱা জানিবা এইক্ষণ॥

[ ২৩ ]

তাসবাৰ মাতা ভোলাই বৰুৱা জীয়ৰী।
নিজ পুত্ৰ সমে সুখে আছে বাস কৰি॥
বৰপৰিয়াল কথা এহিমানে এৰি।
অপৰ কথাক নিবন্ধিবোঁ যত্ন কৰি॥
যিটো সৰুমাই জানা শিষ্টা মহাসতী।
তাহান গৰ্ভত চাৰি পুত্ৰ উতপতি॥
মহাবিজ্ঞজন যাক লোক সবে কয়।
সৰু পৰিয়াল বুলি জানিবা নিশ্চয়॥
ৰঘু বিষ্ণু অঙ্গদ বৰুৱা অভিৰাম।
পৰম বিশিষ্ট চাৰিজন অনুপাম॥
ৰঘুৰেসে এক পুত্ৰ ৰামকৃষ্ণ নাম।
পুত্ৰ চতুষ্ঠয় ভৈলা শুনা গুণগ্ৰাম॥
কুশাই নিজাই আৰু মাধ পৰ্শুৰাম।
সদা কৰ্ম্ম নিৰত গুণত অনুপাম॥
বিশেষত তাসবাৰ মন্দ ভাগ্য ফলে।
হইবাৰ সন্ততি মৰি গৈলা অবিকলে॥
বিষ্ণু পিতামহ পুত্ৰ তিনিজন আতি।
পৰম পবিত্ৰ নানা স্থানে ৰৈল খ্যাতি॥
হৰিনাম নৰহৰি আৰু ৰামহৰি।
শেষকালে বিষ্ণুলোেক পাইলা প্ৰাণএৰি॥
বিশেষত হৈৰাম ডেকা নাম যিটো জ্যেষ্ঠ।
পৰম বিশিষ্ট গুণে নামে মহাশ্ৰেষ্ঠ॥

[ ২৪ ]

ৰাজা প্ৰজা সৰ্ব্বলোকে যাহাক সাদৰি।
পৰম প্ৰখ্যাতি ৰাখে আতি মান্য কৰি॥
বিষ্ণুভক্ত আৰু বৈদ্য গুণত নিপুণ।
বংশজ্ঞাতি সকলোৰ জানে দোষ গুণ॥
যাতন্তে পাইলোঁ আমি গোত্ৰৰ বাৰ্ত্তাক।
ইটো পদছন্দে নিবন্ধিলোঁ জানা তাক॥
তাহান কনিষ্ঠ ভ্ৰাতৃ ৰামহৰি নাম।
মহাধৰ্ম্মশীল গুণসবে অনুপাম॥
তান পুত্ৰ টুনিৰাম দুহিতৃ দুতয়।
নিজ মাতা সমে মুখে বাসক কৰয়॥
প্ৰথম দুহিতৃ ভদ্ৰী নামে যিটোসতী।
দিগম্বর ঘৰে দুৰ্গা বিবাহিলা তৈতি॥
পতিহীনা হৈয়া এক পুত্ৰী সঙ্গে কৰি।
নিজ ভ্ৰাতৃ ঘৰে আছে মাতৃক সাদৰি॥
তাহার অনুজা যিটো জেউতী নাম ৰৈলা।
কেচা উপাধ্যায় পুত্ৰ আত্মা বিবাহিলা॥
তাতহন্তে উতপন পুত্ৰ পুত্ৰী দুই।
মাজুলীত বাস কৰে মহাসুখী হুই॥
আৰ শুনিয়োক বাৰ্ত্তা অতি বৰুৱাৰ।
যাৰ যশ অদ্যাপিও প্ৰকাশে সুসাৰ॥
ভাণ্ডাৰী বৰুৱা নাম পাইয়া মহামতি।
যশ গুণ থৈলা যাৰ লোকত প্ৰকটি॥

[ ২৫ ]

সিন্ধুৰাম মধুৰাম জয়নাৰায়ণ।
অপৰ শ্ৰীৰাম শুনা কহো যশগুণ॥
সিন্ধুৰাম দ্বিজবৰ পৰম পণ্ডিত।
যাৰ ব্যৱস্থাক কেহো নাপাবে খণ্ডিত॥
মহামন্ত্ৰী বুঢ়াগোহাঁই জানিবা প্ৰধান।
তান স্থানে পাইলা মহামান্য ধন ধান্য॥
ডেকাবৰুৱা যে নাম পাইলা মহামতি।
নানা বৈদ্য বিদ্যাসৰ প্ৰকাশিল তৈতি॥
তেহোঁ দুই কন্যা তিনি পুত্ৰ প্ৰসবাইলা।
মহীধৰ বাঞ্ছা বলোৰাম নাম থৈলা॥
অগ্ৰজ জানিবা মহীধৰ মহাসন্ত।
কনিষ্ঠৰ নাম বলোৰাম গুণৱন্ত॥
তাৰ কন্যা সিধাই নামা সুন্দৰী পৰম।
বিকাই পূজাৰিৰ সুত হেমকণ্ঠ নাম॥
তেহোঁ বিবাহিলা অতি পৰম যতনে।
তান গৃহে অদ্যাপিও আছে বিদ্যমান॥
মধ্যম জনৰ কোনো সন্তান নহন্তে।
প্ৰাণ পৰিহৰি গৈল আয়ুসৰ অন্তে॥
অগ্ৰজৰ জায়া ৰুদ্ৰাণী যিটো সতী।
বিষ্ণুদৌল ঠাকুৰ যে কোমল সন্ততি॥
যিটো দুই কন্যা অতি জানিবা বিখ্যাত।
দেৱযানী কণিকী যে লোকে ৰখানন্ত॥

[ ২৬ ]

মাহৰা মহন্ত জয়দেব নামসাৰ।
দেৱযানী বিবাহিলা কৰিয়া বিচাৰ॥
তাহাৰাৰ পুত্ৰী নাম অম্বিকা ভৈলেক।
কৰতীগ্ৰামৰ অধিকাৰ বিহাইলন্ত॥
জালভাৰী ফুকন লোকনাথ নাম কয়।
কণিকীক বিবাহ কৰিলা সিটো তয়॥
ভৃতয় দুহিতৃ তাহাৰ উতপতি।
মহেশ্বৰী হেমকান্তী মাহিন্দ্ৰী সুসতী॥
ঔৱাৰ মহন্ত জগন্নাথ মহাসম্ভ।
মহেশ্বৰী কন্যাক বিবাহ কৰিলন্ত॥
আগমৰ শিৱদেৱ নাম মহাশয়।
হেমকান্তী কন্যা তথা বিবাহ কৰয়॥
যিটো নামা মাহিন্দ্ৰী পৰম গুণৱতী।
তাহান সন্ততি আত নৰহিল আতি॥
শ্ৰীৰাম খুৰাৰ পুত্ৰ বেথাৰাম খ্যাতি।
পুত্ৰী পূৰ্ণী সিধাই নীলাই তিনিজনা তৈতি॥
ভকতধূলি খাওন্দৰ যে বসু দ্বিজবৰ।
পূৰ্ণীক বিবাহ কৰি গৈলা যমঘৰ॥
কৌশিকৰ ঘৰে পৰিছিলা সিধাই সতি।
তান পুত্ৰ ভূধৰ যে আছয় সম্প্ৰতি॥
নীলাই নামা সতী পুৰ্ব্বকালে মৃত্যু ভৈলা।
মধুৰাম ডেকাৰ সন্তান চাৰি ৰৈলা॥

[ ২৭ ]

কানুৰাম বানেশ্বৰ আৰু ভূমিধৰ।
কাল হৈয়া গৈলা গুণ আছিল বিস্তৰ॥
যিটো বলাই নাম শান্ত ৰূপেগুণে খ্যাতি।
নিজধৰ্ম্ম আচৰিয়া আচয় প্ৰকটি॥
তাহান তনয় কৃষ্ণকান্ত চন্দ্ৰমল।
পিতৃসঙ্গে বাস কৰে পৰম কুশল॥
হেমকান্তী নাম যিটো বলাই ভগিনী।
কোমল দুৱৰীয়া সুত কৰিল ঘৰিণী॥
তাহাৰ ভকত ধূলি খাওন্দ সুত।
ৰামনাথ নাম তাৰ জানিবা বিদিত॥
আৰু নাৰায়ণ ডেকা মহাভাগ্যবান।
ত্ৰাহিৰাম গোবিন্দ যে পুত্ৰ সুনিপুণ॥
গোবিন্দৰ পূত্ৰ নিত্যানন্দ লম্বোদৰ।
পৰম সুন্দৰ তাক জানিবা সুসাৰ॥
নাৰায়ণ ভট্টাচাৰ্য্য দ্বিজ শুদ্ধমতি।
তাহাৰ ভতিজা হৰদেৱ নামে খ্যাতি॥
সিজনৰ সূতা লম্বোদৰে আনি আছে।
জয়ডেকা খুৰাৰে সে কহোঁ গুণ পাছে॥
যাৰ যশগুণ লোক সকলে কহয়।
ৰূপেগুণে বিখ্যাত নিপুণ অতিশয়॥
তানপুত্ৰ জীউৰাম কিনাৰাম থৈলা।
প্ৰাণ এৰি কৃষ্ণৰ ধামক প্ৰবেশিলা॥

[ ২৮ ]

কন্যা হেমকান্তী ভেলাইবেসে ঘৰে দিল।
কানুৰাম দ্বিজে পৰি প্ৰাণক ছাৰিল॥
সিসবৰ কথা মই স্পষ্ট কৰি অতি।
যাৰ যেন কথা শুনি আছিলোঁ প্ৰকটি॥
অভি বৰুৱাৰ সুতা যিটো তিনিজনা।
দেহুতী বানাই আৰু কুৱাই নাম শুনা॥
কুৱাইক বিবাহিল অগ্নি মহাজনে।
দেহুতী মাহৰা সত্ৰে পৰিল যতনে॥
আহতৰ গুৰিৰ চান্দবয়ন মহন্ত।
বানাই কন্যাক তেহোঁ বিহা কৰিলন্ত॥
নৰদেৱ আৰু বাসুদেৱ পুত্ৰ ভৈল।
তাহাৰাৰ দুই পুত্ৰ প্ৰভবি ৰহিল॥
নৰদেৱ সুত কানুৰাম মহাশয়।
বাসুদেৱ হন্তে বংশী অদ্যাপি আছয়॥
সিটো বানাইৰ পুত্ৰী কুন্দাই নামা সতী।
মলিয়া বৰুৱা লক্ষ্মী বিবাহিলা তৈতি॥
পুত্ৰ প্ৰিয়ৰাম পূৰ্ণকাম মহাশয়।
নিজালয়ে বাস কৰি অদ্যাপি আছয়॥
তাহাৰৰ ভগিনী তৃতয় নিৰুপমা।
চন্দ্ৰিকা যে পদ্মাৱতী অন্নদা সুষমা॥
শিয়ালমৰীয়া যে মাধৱ মহাজন।
চন্দ্ৰিকাক নিলা কৰি পৰম যতন॥

[ ২৯ ]

অন্নদাৰ কোনো সন্তানাদি নভৈলন্ত।
পদ্মাক নিলেক চন্দ্ৰাকান্ত যে মহন্ত॥
জখলাবন্ধীয়া সত্ৰ বুলি যাক কয়।
পৰম ধাৰ্ম্মিক দ্বিজ অতি শুদ্ধময়॥
এহিমানে পিতামহ তৃতয়ৰ কথা।
মতিৰূপে নিবন্ধিলোঁ নাহি অন্যঅথা॥
আবে মোৰ নিজ পিতামহৰ কাহিনি।
শ্ৰুত অনুসাৰে কহো শুনিয়ো ঐসানি॥
যদ্যাপি ইসব কথা সাৱশেষে তত্ৰ।
নহি মতিহীন মই ৰচিবাৰ পাত্ৰ॥
তথাপিতো কুলশীল শিষ্ট আজ্ঞা মানি।
যথামতি নিবন্ধিয়া কহিলোঁ বখানি॥
ইকথাত বঢ়াটটা থাকে যতমানে।
মোৰ মতি বুজি ক্ষমা কৰিও যতনে॥
পৰম কৃপালু গুৰু চৰণ নমিয়া।
ইটো পয়াৰক কৰোঁ ইষ্টগুৰু ছাঁয়া॥
কৃষ্ণপাদ পঙ্কজক হৃদয়ত ধৰি।
পাপ দূৰ কৰি সৰে বোলা হৰি হৰি॥
 

পিতামহ মোৰ  জানিবা প্ৰচুৰ
 বৈষ্ণব অতি প্ৰধান।

[ ৩০ ]

মহা ধৰ্ম্মশীল  পৰম বিপুল
 গুণগণে অখণ্ডন॥
গোত্ৰ মধ্যে শ্ৰেষ্ঠ  পৰম গৰীষ্ঠ
 প্ৰতিপালি জ্ঞাতি বংশে।
বৈদ্যৰ বৰুৱা  অঙ্গদাখ্যাধৰ
 অদ্যাপি লোকে প্ৰশংসে॥
গুণযশ ৰাশি  কৰিলা প্ৰকাশি
 ৰজা প্ৰজা সমস্ততে।
পাইয়া মহামান্য  কৈলা নানাপুণ্য
 যাক কহে শিষ্ট সন্তে॥
জ্যৈষ্ঠ যে মাসতে  কাল উপগত
 কৃষ্ণপক্ষে দিৱসত।
হৰিৰ বাসবে  আয়ুস অন্তরে
 বিষ্ণুলোকে উপস্থিত।
তান ভাৰ্য্যা দুই  অতি শুভনয়
 সুধৰ্ম্মা ৰোহি আৱৰ।
ৰোহি সুত নাই  সুধৰ্ম্মাৰ ত্ৰয়
 ভৈলা অতি দিব্যকাৰ॥
পিতামহী জেষ্ঠা  পৰম গৰীষ্ঠা
 সুধৰ্ম্মা নাম প্ৰকাশ।
মাঘমাস দিবা  পৌৰ্ণমাসী পায়া
 পাইলেক বিষ্ণুৰাবাস॥

[ ৩১ ]

ৰোহি দেবী আই  ফাগুণক পাই
 কৃষ্ণপক্ষ পঞ্চমীত।
হৰিনাম স্মৰি  প্ৰাণ পৰিহৰি
 কৃষ্ণ স্থানে উপগত॥
মোৰ পিতৃনান  জানা কৃষ্ণৰাম
 বৈদ্যৰ বৰুৱা খ্যাত।
যাৰ যশৰাশি  লোকত প্ৰকাশি
 ৰৈল দেশ বিদেশত॥
মহা নৃপমণি  ৰাজেশ্বৰ জানি
 শত্ৰু সম প্ৰকাশিত।
তাহান স্থানত  শ্ৰেষ্ঠ সঙ্গে তৈত
 বৈদ্যকাৰ্য্যে নিয়োযিত॥
তদৰুধি কৰি  পৰম সাদৰি
 ৰাজা মন্ত্ৰীবৰ্গে অতি।
যতনে ৰাখিলা  মহামান্য দিলা
 যাৰ গুণে কৰি খ্যাতি॥
বৈদ্য বিদ্যা যত  আছিল শাক্ষাত
 মহী ধ্বন্বন্তৰীসম।
ব্যৱস্থাক যাৰ  জানিবা সুসাৰ
 দিবাক নাহি উপাম॥
পঞ্চাধিক শত  বৰ্ষ ভুঞ্জি ভোগ
 প্ৰপৌত্ৰ পৰ্য্যন্ত দেখি।

[ ৩২ ]

স্নানি গঙ্গাদেবী  স্থান সত্ৰ সেবি
 কৃষ্ণৰ পদ উপেখি॥
বেদ বান হয়  চন্দ্ৰ নিয়োজয়
 হায়ণ মাস শ্ৰাৱণ।
শ্বেত পক্ষ দিবা  ত্ৰয়োদশী পায়া
 জ্ঞাতিভক্ত বিদ্যমান॥
গোত্ৰ শ্ৰেষ্ঠগণ  বেঢ়িয়া যতনে
 মৃত্যুৎসৱ আচৰন্তে।
ৰামনাম স্মৰি  প্ৰাণ পৰিহৰি
 কৃষ্ণধাম উপগত॥
তান পুত্ৰ দুই  সৰু জানা মই
 মতি দীন অতিশয়।
কৃষ্ণ পাৱে অতি  কৰিয়া প্ৰণতি
 পদছন্দে নিৰুপয়॥
দীন মূঢ়মতি  জানিয়া সম্প্ৰতি
 শিষ্টে ক্ষমা দোষ যত।
ইচ্ছুক সকলে  শুনি অবিকলে
 প্ৰত্যবায় কৰা হত॥
 


দুই পত্নী বিহিলা মোৰ পিতৃদেৱ।
সাৱশেষে কহোঁ তান পদ কৰি সেৱ॥

[ ৩৩ ]

প্ৰথম বিবাহিত চন্দ্ৰায়নী সতী।
তান পিতৃকুলে কেহো নাথাকিল ঐতি॥
বিশেষত তান পুত্ৰ এক কন্যা দুই।
গুণযশ সমস্তক লোক সবে কয়।
পুত্ৰ যিটো মোৰে অগ্ৰজ খ্যাতিমন্ত।
হলিৰাম বৰুৱা পৰম গুণৱন্ত॥
বৈদ্য বিদ্যা আদি নানা শাস্ত্ৰত পাৰ্গত।
ৰজা প্ৰজা সমস্ততে মান্য অবিৰত॥
বৈদ্য শাস্ত্ৰ আদি বিদ্যা জানি আছে মানে।
পৰম সাদৰে মোক শিখাইল যতনে॥
সৰুহন্তে প্ৰতিপালি পুত্ৰৱতে অতি।
মোহোক বঢ়াইলে ইটো জানিৱা সম্প্ৰতি।
জালভাৰী ফুকন আদি চতুৰ্থ বিষয়।
পাই আছে মহামান্য সুখ অতিশয়॥
দিচিয়াল কটকি মন্মথ সুতা ধন্যা।
গুণৰূপে উপমা নাহিক যিটো কন্যা॥
তাহাক বিবাহ কৰি আনিলা নিশ্চয়।
অৰুণ নামত সতী গুণ অভিশয়॥
দুইকন্যা তিনিজন পুত্ৰ প্ৰভৰায়া।
মহাপুণ্য উপাৰ্জ্জয় সুখভোগ পায়া।
আয়ুসৰ শেষে কৃষ্ণপক্ষ কাৰ্ত্তিকত।
অষ্টমী তিথিত বিষ্ণুলোক উপগত॥

[ ৩৪ ]

প্ৰথম দুহিতৃ যিটো যজ্ঞো নাম কয়।
ৰূপেগুণে অনিন্দিত অদ্যাপি আছয়॥
চন্দৰ কটকি পুত্ৰ জয়কৃষ্ণ নাম।
বিবাহ কৰিয়া ৰৈল গুণে অনপাম॥
তান হন্তে তিনি পুত্ৰ পুত্ৰী এক হয়।
বৰ সৰু দুইজন অদ্যাপি আছয়॥
কানুৰাম নাম বৰ কনিষ্ঠ কোমল।
মহাবুদ্ধিমন্ত দুই কাৰ্য্যত কুশল॥
তাহাৰ ভগিনী যিটো ৰমাকান্তী সতী।
ত্ৰিলোচন দ্বিজবৰে বিবাহিলা তৈতি॥
শিতলৰ অধ্যাপক সুত মহাশয়।
যোগদেৱ উপাধ্যায় বাৰ নাম কয়॥
তান পুত্ৰ সিটো ত্ৰিলোচন জানা সাৰ।
গুণত নিপুণ বিদ্যা আছয় আৱৰ॥
মোৰ অগ্ৰজৰ পুত্ৰ আছয় প্ৰকটি।
তাহাৰাৰ আবে কহোঁ নাম কৰ্ম্ম খ্যাতি॥
প্ৰথম তনয় ৰিপুঞ্জয় মহামতি।
ৰূপেগুণে প্ৰকাশিলা নানাস্থানে খ্যাতি॥
বৈদ্যৰ বৰুৱা হৈয়া সদ কৰ্ম্ম কৰি।
গোত্ৰ জ্ঞাতি মধ্যে ছিলা পৰম সাদৰি॥
কোমল দুৱৰীয়াঘৰ জন্মি নাম ছয়।
তাহাৰ তনয়া বিবাহিলা মহাশয়॥

[ ৩৫ ]

দুই পুত্ৰ ভৈল অতি পৰম শ্ৰীমান।
গুৰুদত্ত পদ্মনাভ অতি গুণবান॥
আধাৰ মহন্ত মহেশ্বৰ সুতা ধন্যা।
গুৰুদত্তে বিবাহিলা পাছে সিটো কন্যা।
সেহি গুৰুদত্ত আতি বুদ্ধিত কুশল।
আৰু পূৰ্ণানন্দ তাৰ নাম সুবিমল॥
বিশেষত ৰিপুঞ্জয় বৰুৱা সুশান্ত।
পৰম ধাৰ্ম্মিক সুবিনয় গুণৱন্ত॥
নানা সুখভোগ ভুঞ্জি থাকিয়া তহিত।
চৈত্ৰমাস কৃষ্ণপক্ষ হৰিবাসৰত॥
ঈশ্বৰ ইচ্ছাত তাৰ কাল আসি ভৈল।
কৃষ্ণমন্ত্ৰ জপি গুৰু সঙ্গক লভিল॥
তাহাৰ মধ্যম ভ্ৰাতা বিজ্ঞ গুণৱন্ত।
ভৱনাথ নাম বৰতামূলী সুশান্ত॥
বৈদ্য বিদ্যা জানয় কাৰ্য্যত সুবিনয়।
সৰ্ব্বলোকে জানে বাক সাদৰি আছয়॥
জ্ঞাতিভক্ত আৰু পিতৃজনে ভক্তিমান।
গুণত নিপুণ অতি পৰম শ্ৰীমান।
মাজুদৌল বৰুৱা যে লক্ষ্মীনাথ নাম।
তাহাৰ দুহিতৃ গুণগণে অনুপাম॥
তাঙ্ক বিবাহিয়া তিনি পুত্ৰ এক কন্যা
প্ৰভবায়া আছে সিটোজন মহাধন্য॥

[ ৩৬ ]

কিনাৰাম বিদ্যানন্দ নাৰায়ণ আৰ।
ৰূপেগুণে যোগ্যবান জানাছা সুসাৰ॥
তাহাৰাৰ সহোদৰা পৰম কুশলা।
মোহিনী নামত খ্যাত ৰূপে সুমঙ্গলা॥
মধ্যম জনৰ কথা এহিমাণে এৰি।
কনিষ্ঠৰ কথা কহোঁ নামক সুমৰি॥
যাহাৰ সুচন্দ নাম লোকে বখানই।
বৈদ্যশাস্ত্ৰ আদি বিদ্যা জানিয়া আছয়॥
বিশেষত মহাবুদ্ধিমন্ত অতিশয়।
ৰূপেগুণে খ্যাতিমন্ত জানিও নিশ্চয়॥
আগম ঘৰৰ দ্বিজবৰ মহাশয়।
দেবীদত্ত দেৱৰগঞা বৰুৱা যে কয়॥।
তাহাৰ ভগিনী জানা বিমাতা সন্ততি।
দময়ন্তী নাম ৰূপগুণে সিটো অতি॥
সেহিটা কন্যাক বিহা কৰিয়া আছয়।
নিবন্ধিলোঁ এহিমানে তাৰ পৰিচয়॥
তাহাৰ কনিষ্ঠা সহাদৰা যিটো কন্যা।
হেমকান্তি নাম যাৰ জানিবাহা ধন্যা॥
হেমকণ্ঠ নাম দ্বিজে কতকাল ছিলা।
স্বামীৰ অগ্ৰতে মৰি বিষ্ণুলোকে গৈলা॥
মোৰ অগ্ৰজৰ সন্তানৰ কথাচয়।
সাৱশেষে বিবৰিয়া কহিলোঁ নিশ্চয়॥

[ ৩৭ ]

তাহান অনুজা দুইৰো প্ৰবন্ধিবোঁ আৰে।
ৰূপহী চেনেহী দেবী নাম জানা তেবে॥
পুণিয়াৰ সত্ৰে অধিকাৰ মহাশয়।
লোকাই মহন্ত নাম সকলে কহয়॥
ৰূপহী দেবীক অতি পৰম সাদৰে।
বিবাহ কৰিয়া নিলা সিটো শিষ্টবৰে॥
নমোৰাম নাম পুত্ৰ অদ্যাপি আছয়।
পুত্ৰী দুতয়ৰ নাম পৰ্ভী চন্দ্ৰী কয়।
পৰ্ভীক নিলেক জগন্নাথ দুৱৰীয়া।
পুত্ৰ হলিৰাম হৈল জানা বিচাৰিয়া॥
মাহবাৰ মহন্ত যে দ্বিজ মহাশয়।
চন্দ্ৰীক বিবাহ কৰি কাল কতিপয়॥
থাকিয়া ভৈলন্ত মৃত্যু পুত্ৰী দুই চাৰি।
মাতামহ গৃহে আছে মাতৃ সঙ্গকৰি॥
এহিমানে সিসবক কহিলোঁ প্ৰচাৰি।
মোৰ মাতৃ আখ্যানক কহিবোঁ বিস্তাৰি॥
পৰাশৰ গোত্ৰ শ্ৰেষ্ঠ দ্বিজ শুদ্ধমতি।
বনমালী দ্বিজ সুত জানিও সম্প্ৰতি॥
বসুন্ধৰী দেবী গৰ্ভে জনম লভিলা।
দ্বিজশ্ৰেষ্ঠ কাশীনাথ যাৰ নাম থৈলা॥
দেৱগ্ৰাম দেৱালয়ৰ ঠাকুৰ প্ৰখ্যাত।
পৰম পণ্ডিত শ্ৰেষ্ঠ মান্যত বিখ্যাত॥

[ ৩৮ ]

তান পত্নী কাত্যা যে নামত ধন্যা দেবী।
মহাসুখে আছিলন্ত স্বামীদেৱ সেবি
তান গৰ্ভে কন্যা সাতজনী পুত্ৰ দুই।
শেষে জাতা গোমতী নামত দেবী আই॥
যাহাৰ গৰ্ভত জনমক পাইলোঁ মই।
যাৰ যশগুণ সব অদ্যাপি কহয়॥
মহাধৰ্ম্মশীলা বিষ্ণুভক্ত নিৰুপমা।
তাহান সদৃশ মই নেদেখোঁ উপমা॥
আষাঢ় মাসৰ শ্বেতপক্ষ দিবা শেষে।
একাদশী তিথি পায়া পৰম হৰিষে॥
স্বামী গুৰু ভক্ত বিপ্ৰগণ বিদ্যমান।
প্ৰাণ চাৰি বিষ্ণুলোকে কৰিলা প্ৰয়াণ।
তান পঞ্চকন্যা একমাত্ৰ সুত মই।
ভগিনী সবৰ কহো আখ্যান এঠাই॥
দুৰ্ব্বী আৰু বিনাই কুন্দাই নামা সতী।
যোগেশ্বৰী ৰত্নী পঞ্চজনী যে প্ৰখ্যাতি॥
যিটো দুৰ্ব্বী দেবী অতি পৰম কুশলা।
স্বধৰ্ম্মনিৰত হৈয়া গুণে সুমঙ্গলা॥
নৱ ৰাজগুৰু ঘৰ বিষ্ণু বিবাহিয়া।
অচিৰ কাণত গৈলা প্ৰাণক ছাৰিয়া॥
তদবধি আমাৰ ঘৰত থাকি আতি।
গুৰুৰ কৃপাত কৰি হৰিত ভকতি॥

[ ৩৯ ]

বিৱা ধৰ্ম্মত আতি আশ্ৰয়ক কৰি।
বিষ্ণু পাদোদকে স্নানি পুৰুষ উদ্ধাৰি॥
মহাক্ষেত্ৰ স্থান সত্ৰ সমস্তকে সেবি।
পুৰুষউত্তম ক্ষেত্ৰে গৈয়া সিটো দেবী॥
পঞ্চতীৰ্থ কৰি কৃষ্ণমূখক দেখিলা।
কৰ্ম্মবন্ধ ত্যাগি হৰিভক্তিক লভিলা॥
মহাশান্ত শিষ্টসব সেবিয়া বহুত।
পিতৃদেৱ চৰণত তুষি যথোচিত॥
পৰম কৃপালু গুৰু সেৱাৰ বলত।
অঘ্ৰায়ণ মাসে কৃষ্ণ ষষ্ঠী উপগত।
ৰামনাম জপি ভক্ত জ্ঞাতিৰ অগ্ৰত।
প্ৰাণ ছাৰি বিষ্ণুলোকে ভৈলা উপগত॥
তাহাৰ অনুজ্ঞা বিনাই দেবী মহাসতী।
গঙ্গাৰাম দ্বিজে তাঙ্গ বিবাহিলা আতি॥
বাসুদেৱ নাম বৰ পূজাৰি বিখ্যাত।
তানসুত তাহাকেসে জানিবা প্ৰখ্যাত॥
পতিপুত্ৰ সমন্বিতে মৃত্যু হৈয়া গৈলা।
সংসাৰ মধ্যত কিছু জঞ্জাল নৰৈলা॥
যিটো কুন্দাই দেবী মহাৰূপেগুণে খ্যাতি।
স্বধৰ্ম্ম আশ্ৰয় কৰি আছয় সম্প্ৰতি॥
কাকতীয়া ঘৰৰ যে দ্বিজ মহাশয়।
আঠগঞা হাজাৰি বৰতামুলী কয়॥

[ ৪০ ]

তাহান মধ্যম পুত্ৰ গঙ্গাধৰ নাম।
গুণগনে নিপুণ বিনীত অনুপাম॥
তেহোঁ বিবাহিয়া মহা সুখ ভোগ ভুঞ্জি।
বিষ্ণুলোকে আৰোহিলা শেষে প্ৰাণ ত্যজি॥
তাহান সন্ততি সব যি আছিল হৈয়া।
ঈশ্বৰ ইচ্ছায়ে গৈল সমস্ত মৰিয়া॥
সেহি হেতু সিটো দেবী পৰম যতনে।
আমাৰ সঙ্গত আছে হৰি ভাবি মনে॥
তান সহোদৰা যিটো যোগেশ্বৰী সতী।
চন্দৰ কটকিৰ পৌত্ৰ বসুদেৱ আতি॥
বিবাহিয়া তেহো পুত্ৰ পুত্ৰী প্ৰভবাইলা।
পুত্ৰ সমে মৰি গুৰু সঙ্গক লভিলা॥
দুতয় দুহিতৃ জানা অদ্যাপি আছয়।
দুৰ্ল্লভী যে লম্বোদৰী যাৰ নাম কয়॥
মহা শুদ্ধমতি নাৰায়ণ বৰা সুত।
দেৱনাথ দ্বিজ নাম তাহান বিদিত।
তাহাৰ আত্মজ হেমকণ্ঠ মহামতি।
সুৰ্ল্লভীক বিবাহিয়া আছয় সম্প্ৰতি॥
কনিষ্ঠা জানাহা লম্বোদৰী নাম হয়।
কৃষ্ণনাথ দ্বিজে বিহা কৰিয়া আছয়॥
সিটো কৃষ্ণনাথৰ জনক মহাশয়।
লোকনাথ পণ্ডিত বিখ্যাত অতিশয়॥

[ ৪১ ]

মোৰ ৰত্নী ভগিনীক বিহা কৰিলন্ত।
মহীধৰ দ্বিজবৰ তামুলী সুশান্ত॥
তাহাকো জানিবা গঙ্গাধৰৰ অগ্ৰজ।
কাকতীয়া ঘৰৰ যে কহয় সহজ॥
পতি পত্নী সকলোৰে কাল হৈয়া গৈল।
সন্তানাদি কিছু ইঠাইত নৰহিল॥
এহিমানে ভগিনী সবৰ কথা এৰি।
মাতুল সবৰ কহোঁ নামাদি উচ্চাৰি।
মাতামহ পুত্ৰ দুই কন্যা সপ্তজনা।
পৰম নিপুণ তান গুণগুণ শুনা॥
জ্যেষ্ঠ ভূমিধৰ ছোট কমলনয়ন।
পৰম ধাৰ্ম্মিক আৰু ছিল মহাগুণ॥
কনিষ্ঠৰ দৌহিতৃ ভগনী নানা সতী।
ৰঙ্গনাথ দেৱালৰ ঠাকুৰ তহিতি॥
মায়াম নিয়ে তা বিবাহিলা পাছে।
পুত্ৰ পুত্ৰী দুইজন সম্প্ৰতি হৈয়াছে॥
জ্যেষ্ঠ মাতুলৰ পুত্ৰ তীৰ্থেশ্বৰ নাম।
পৰম ধাম্মিক জানিবা সুঠাম॥
ওপৰে লেখিছোঁ তান ভগিনীৰ পতি।
যায়াৰাম দ্বিজবেসে বংশ মহামতি॥
নিধিৰাম দ্বিজৰ সন্ততি মহাধন্য়া।
বিবাহ কৰি ৰামেশ্বৰী নামা কন্যা॥

[ ৪২ ]

পুত্ৰ এক হৈয়া সুখে আছয় সম্প্ৰতি।
জেঠাই সবৰ কথা কহিবোঁ অহিতি॥
বিশেষত সবাৰ অগ্ৰজ মহাসতী
সুলোচনা নাম তেহোঁ আচয় সম্প্ৰতি॥
শিতলৰ উপাধ্যায় দ্বিজ মহাশয়।
কামদেৱ উপাধ্য়ায় যাক নাম কয়॥
তেহোঁ বিবাহিয়া চাৰি পুত্ৰ উপাৰ্জ্জিলা।
দুতয় আচয় দুইজন মৰি গৈলা॥
জ্যেষ্ঠজন যোগদেৱ নাম উপাধ্যায়।
বিশেষ পণ্ডিত জানা সৰ্ব্বজনে কয়॥
তান সুত কথা পূৰ্ব্বে আছোহোঁ কহিয়া।
পুত্ৰ দুইৰ বিবৰণ কহিবোঁ দেখিয়া॥
ধৰ্ম্মী পতিহীনা হৈয়া আছয় সম্প্ৰতি।
গৌৰাঙ্গ মহন্ত স্থানে পৰিলন্ত ৰত্নী॥
সিটো উপাধ্যায় অতিমাত্ৰক সাদৰী।
ভ্ৰাতৃ ভৱনাথ সমে আছে প্ৰীতি কৰি॥
এই বৰ জেঠাইৰ কহিলোঁ প্ৰকাশি।
আৱৰ সবৰ সবান্ধৱ গৈল নাশি॥
কিন্তু যে দুলালী নাম জেঠাই সুশীলা।
মায়াৰাম বৰুৱায়ে বিবাহ কৰিলা॥
তাত হন্তে ৰামী যে ভগনা কন্য়া ভৈলা।
ভগনীক ৰাম কটকিয়ে বিবাহিলা॥

[ ৪৩ ]

আৰে মই মতিহীন অনাথৰ কথা।
যথাৰূপে নিবন্ধন কৰিবোঁহোঁ ইথা॥
চতুৰ্থ বৰ্ষত মোৰ অভাগ্য়ৰ বশে।
মাতৃপৰলোক গৈল কালৰ বিপক্ষে॥
দুৰ্ব্বীনাম মোহোৰ ভগিনী যিটো সতী।
আৰু অগ্ৰজৰ পত্নী দেবী মহামতি॥
তাৰ প্ৰতিপালে ক্ৰমে বৰ হৈলোঁ।
যথামতি শাস্ত্ৰসব কিঞ্চিত পঢ়িলোঁ॥
উনবিংশ বৰ্ষে পিতৃদেৱৰ শাক্ষাত।
জ্যেষ্ঠৰ উদ্যোগে মই ভৈলো বিবাহিত॥
সিটো বৰ্ষে পিতৃ বিষ্ণুলোকে গৈল মৰি।
গৃহ এৰি গৈলোঁ কজি-বৃত্তিক বিচাৰি॥
মহাৰাজ পুৰন্দৰ সিংহ নৃপমণি।
ঈশ্বৰ ইচ্ছায়ে পাইলে ইটো ৰাজ্যখিনি॥
পঞ্চতীৰ্থ মধ্যে তাঙ্ক সাক্ষাত কৰন্তে।
তাহান প্ৰসন্ন বৃষ্টি মোত পৰিলন্ত॥
মোৰ উদেৱ তাক প্ৰাত তৈতি।
বেজৰ বৰুৱা মোক সিটো স্থানে পাতি॥
সঙ্গে আনি সমাদৰত ৰাখিয়া।
মান্য় যশ বিভূতিক দিলে সমাপিয়া॥
বিশেষত মোৰ জ্যেষ্ঠ, মই ব্য়তিৰেকে।
কাহাৰো ঔষধ ৰাজা নাখায় সম্য়কে॥

[ ৪৪ ]

তাহান কৃপাত তান দৰ্ব্বাৰত বই।
ফৌজদাৰী চিৰন্তাৰ অধিপতি হই॥
থাকন্তে ৰাজ্যৰচ্যুত ভৈলেক ৰাজাৰ।
কোম্পানীৰ হস্তগত জানিবা সুসাৰ॥
দেৱানীৰ বিচাৰক স্থানে আনি মোক।
মহাফেজ নাম দিয়া ৰাখিলা প্ৰত্যক্ষ॥
ৰৰটী নামত যিটো চাহাব প্ৰধান।
তেহোঁ ভৈল ভাৰাক্ৰান্ত ইটো পায়াস্থান॥
তৃতয় বৎসৰ থাকি তাহাৰ আশ্ৰয়।
তেবে ইটো চিৰস্তাৰ চিৰদ্দাৰী পাই॥
কৃষ্ণ ভৃত্যসৰৰ চৰণ প্ৰসাদত।
ঈশ্বৰ প্ৰদত্ত সুখে থাকি আনন্দত॥
গোত্ৰ মধ্যে শ্ৰেষ্ঠ বৃদ্ধ সবক সাদৰি।
যথামতি নিছিলো ইটো যত্ন কৰি॥
যিহেতু ভৈলোঁহোঁ মই অতি বুদ্ধিহীন।
অন্যকো নেদেখোঁ মনে কেহোঁ ৰাখে চিন॥
কি জানি ইমত ছন্দে ৰাখিলে যতনে।
গোত্ৰৰ বালকগণে ৰাখে পঢ়ি মনে॥
যদিবা নপঢ়ে কেহোঁ অকৰ্ম্মণ্য বুলি।
তথাপিতো পুথি হৈয়া থাকিব সমুলী॥
সময়ত অশৌচাদি সম্বন্ধৰ কালে।
কাৰ্য্য়াৰ্থী সবক লাগিবেক অবিকলে॥

[ ৪৫ ]

আৰু কৃষ্ণনাম মিশ্ৰ সন্ত সব কথা।
ইহাত আয় কিছু নাহিক অন্যথা॥
সিসব শ্ৰবণে পুণ্য আচয় নিশ্চয়।
ইচ্ছুকে শুনিলে ভাগ্য হৈবেক উদয়॥
কিন্তু মই পৰ্য্য়ন্ত সে হৈয়াছে ব্যাখানি।
মোৰ ভায্য়া পুত্ৰাদিৰ কহিবোঁ ঐসানি॥
বাহাক লভিছোঁ গুৰু চৰণ প্ৰাসাদে।
আবে কহোঁ তাহাৰৰ কপাক আহ্লাদে॥
গঙ্গাধৰ নামে সভাপণ্ডিত প্ৰধান।
দানী মানী বৈষ্ণৱ যে বিদ্যাত নিপুণ।
তাহান তনয় লোকনাথ দ্বিজবৰ।
পৰম পণ্ডিত লোকে জানয় প্ৰচুৰ।
তাহান প্ৰথম পুত্ৰী ধৰ্ম্মী নামা সতী।
ঈশ্বৰ ইচ্ছায়ে বিবাহিলোঁ মই অতি॥
গুৰু বিপ্ৰ বৈষ্ণৱৰ আশীৰ্ব্বাদে আতি।
তিনি পুত্ৰ তিনি কন্য়া হৈয়াছে সন্ততি॥
প্ৰথম পুত্ৰৰ আবে জানিবা সুসাৰ।
শ্ৰীমান নিত্যানন্দ নাম ভৈল তাৰ॥
মধ্যমৰ দুৰ্গানাথ নাম নিৰুপম।
অপৰ প্ৰখ্যাত ভৈল জগন্নাথ নাম॥
প্ৰথম তনয়া হেমকান্তি নামা অতি।
দ্বিতীয়াৰ ছায়াৱতী ভৈলন্ত প্ৰখ্যাতি॥

[ ৪৬ ]

তৃতীয়াৰ ভৈল নাম বসুদা নিশ্চয়।
দ্বিতীয় বিবাহ মোৰ দিবোঁ পৰিচয়॥
অনন্তকন্দলি ঘৰে যাৰ জন্ম ভৈল।
তনু বৰপূজাৰি তাহাৰ নাম ৰৈল॥
পৰম বিশিষ্ট বিপ্ৰ গুণে অতিশয়।
তান সুতা ঠানেশ্বৰী বিবাহিলোঁ মই॥
ভৈল সমাপতি ইটো বিৱৰণ কথা।
শ্ৰুত আৰু জ্ঞাতৰূপে ৰচিলোঁহোঁ এথা॥
আৰু শেষ কথা নিবন্ধন কৰোঁ অতি।
শ্ৰবণ ইচ্ছুক সবে শুনিয়ো সম্প্ৰতি॥
জয়হৰি বৰুৱাৰ সন্তান নিচয়।
যেন মতে ক্ষম বৃদ্ধি হৈয়াছে নিশ্চয়॥
আবে বিবৰিয়া কহোঁ এহিমত পদ।
ৰাম হৰি বুলি তৰা ছাৰিব আপদ॥




অনন্তৰে শুনিয়োক,  জয়হৰি বৰুৱা কীৰ্ত্তি,
 শিষ্টসবে কহয় বাহাক।
তাহান নিমিত্ত কৰি মহাভাগৱতী ধৰ্ম্ম
 পাইলা গোত্ৰে যত শিষ্ট লোক॥
সিটো বৰুৱাৰ পুত্ৰ ভৈল নৱজন আতি
 মহাধৰ্ম্মশীল গুনবান।

[ ৪৭ ]

সিসবৰ প্ৰতিজনে  নৱ নৱ পুত্ৰ ভৈল
 ৰূপেগুণে অতি খ্যাতিমান॥
ন বৰুৱা আদি কৰি  অষ্টম জনৰ আতি
 সন্তানাদি কিছু নৰছিল।
গোবিন্দ নামত যিটো  কনিষ্ঠ সবাৰে সিটো
 তান সাত সন্তান থাকিল।
গোপীনাথ নাম আৰ  বাঁহফলা জানা সাৰ
 জোলখোৱা ডেকা যে প্ৰধান।
শিঙ্গিয়নিয়া সে জানা  চন্দৰগঞা নাম শুনা
 আৰুজন দুখীয়া নিপুণ॥
সৰ্ব্বশেষ দ্বিজবৰ  কমলাবৰীয়া সাৰ
 মহাশান্ত পৰম ধাৰ্ম্মিক।
সিসৰ সন্তান ক্ৰমে কহোঁ আতি মনোৰম
 শুনি তুষ্টি মিলোক অধিক॥



গোপীনাথ ডেকাৰেসে পুত্ৰ মহামতি।
পৰম বৈষ্ণৱ গুণগণে ভৈল খ্যাতি॥
তাহান তনয় যিটো সিজন বিশিষ্ট।
তান পুত্ৰ অতি নাম ভৈল অতি শিষ্ট॥
সত্ৰ যে কমলাবাৰী মুকুতিদায়ক।
বিশিষ্ঠৰ মধ্যে নাহি তাহান সমক॥

[ ৪৮ ]

মহাব্ৰহ্মনিষ্ঠ সাধু বাহাত হৰিষি।
হৰিক উপাসি থাকে ভক্তিক প্ৰকাশি॥
সিটো স্থানে ছোট হন্তে থাকি আতিশয়।
গুণ শিকিবাৰ বাকী নবহিল তয়॥
মহা অগ্ৰগণ্য সাধু ভৈলন্ত বিশিষ্ট।
সৰ্ব্বলোকে কহে গুণগণ যে গৰীষ্ঠ॥
অভি যে গায়ন নাম ভৈলন্ত প্ৰখ্যাতি।
প্ৰাণ ছাৰি লভিলন্ত গুৰুৰ সঙ্গতি॥
বাহফলা ডেকাৰ পুত্ৰ ভৱাই পৰমানন্দ।
ভৱাই পুত্ৰ পেলন উপাধ্যায় যে অখণ্ড॥
তান তিন পুত্ৰ হৈয়া আছয় সম্প্ৰতি।
ভূবন যে ভৱনাথ সৰুৰাম আতি॥
যিটো সৰুৰাম মহাকাৰ্য্যত কুশল।
গুৰু ভক্ত সঙ্গে দেউৰি হৈয়াছে বিপুল॥
পৰমানন্দৰ পুত্ৰ আপইতা হৃদিয়া।
হৃদিয়াৰ কোনো সন্তানাদি নাইকিয়া॥
আপইতা ডেকাৰ ভৈল পুত্ৰ তিনি গুটি।
বাঞ্চা ত্ৰাহিৰাম দুই আছয় সম্প্ৰতি॥
আবে জোলখোৱা ডেকা কথাক উচ্চৰি।
কহিবোঁ সংক্ষেপে মই শ্ৰুতৰূপে স্মৰি॥
সিটো শ্ৰেষ্ঠজন পুত্ৰ জানহো পঞ্চম।
হৰিকান্ত ৰাম ৰূপাই কৃষ্ণ শিৱৰাম॥

[ ৪৯ ]

যিটো হৰি নাম কয় শিষ্ট মহাশুদ্ধ।
কমলাবাৰী স্থানে ভক্ত ভৈলন্ত প্ৰসিদ্ধ॥
সদায় ব্ৰহ্মত পৰে নজানিল আন।
ঠান সত্ৰ প্ৰতিপালি পালা বহুমান॥
বৰবহা নাম বাক লৱে সাধু সন্ত।
তাত থাকি বৰবহা আতই ভৈলন্ত॥
তাহান বশক আৰ কহন নযায়।
যাৰ যশ গুণ সন্ত সবেয়ো কহয়॥
আমাৰ বংশত তেহোঁ জানা পদ্মফুল।
মহামন্ত্ৰী বুঢ়াগোহাঁই দেখিয়া বিপুল॥
তেহোঁ উপহাৰ দিলা আসনক আনি।
শ্বেত কম্বলক নাম যাহাক বখানি॥
তেহোঁ পুত্ৰৱতে লৈলা পৰম সুন্দৰ।
ভ্ৰাতৃ ৰূপাইৰ পৌত্ৰ পুত্ৰ শ্ৰীনাথৰ॥
নিৰাময় নাম সৰ্ব্বগুণত বিপুল।
মহাশান্ত সাধু আতি ভক্তিত কুশল॥
ঈশ্বৰ ইচ্ছায়ে তান কাল হৈয়া গৈলা।
নিজগুৰু সঙ্গ পায়া আনন্দে ৰহিলা॥
যাহাৰ গুণক ভক্ত সকলে উচ্চৰি।
সময়ত অদ্যাপিও কহে খেদ কৰি॥
শিৱৰাম ডেকাৰ সন্তান কেহোঁ নাই।
কৃষ্ণসুত জানা মনু গায়ন আছই॥

[ ৫০ ]

মহাশুদ্ধমতি আছে উদাস আচৰি।
গুৰু দানে মহাসাধু সবক সাদৰি॥
ৰূপাই পুত্ৰ শ্ৰীনাথৰ সহোদৰ দুই।
পুত্ৰ পুত্ৰী সমন্বিতে গৈল কাল হুই॥
কাতিৰাম ডেকাৰেসে সুত মহাশয়।
নোমল জৰা-বেজ নেওগ অদ্যাপি আছয়॥
বিষ্ণুভক্ত পৰম গুণত নিৰুপম।
বৈদ্যবিদ্যা সমস্তক জানয় পৰম॥
তান এক ভগিনী পৰম গুণৱতী।
গলকটা ভাগতী দ্বিজে বিবাহিলা তৈতি॥
সিটো দ্বিজবৰ মহাকাৰ্য্যত কুশল।
পৰম পণ্ডিত বিষ্ণু বৈষ্ণৱ নিপুণ॥
কমলাবাৰী সত্ৰে যাক ভাগৱতী কয়।
তান গুণ যশ সমস্ত বখানয়॥
তান বীৰ্য্যে সিটো কন্যাহন্তে পুত্ৰ ভৈলা।
তুৱাৰাম ত্ৰাহিৰাম বাপুৰাম ৰৈলা॥
আৰু দেৱৰাম নাম আছয় পৰম।
সত্ৰমধ্যে বৰদেউৰি কৰ্ম্ম পাইয়া নাম॥
সিঙ্গিমনীয়া ককাবেসে পৌত্ৰ মহাশয়।
ভেকুৰি নামত শুদ্ধমতি যাক কয়॥
তানসুত তনুৰাম নাম শুদ্ধমতি।
পৰম বৈষ্ণৱ ভক্ত হৈয়াছে সম্প্ৰতি॥

[ ৫১ ]

গুৰুঘৰে বাস কৰে মহাসাধু সঙ্গে।
কৃষ্ণৰ ভক্তিক কৰি আছে মহাৰঙ্গে॥
কমলাবৰীয়া ডেকা মহাশ্ৰেষ্ঠ জন।
পুত্ৰ ভৈলা বনীয়া নামত অখণ্ডন॥
তান দুইপুত্ৰ ভৈলা বৈষ্ণৱ পৰম।
সৰুহৰি আৰু ৰূপাই কহে যাৰ নাম॥
বিশেষত সিটো দুই সৰুকাল হন্তে।
গুৰু সঙ্গে ভক্ত হৈয়া আনন্দে থাকন্তে॥
নান যশ গুণ অতি ভৈলন্ত বিস্তৰ।
সাধু মধ্যে গণি যাক পৰম প্ৰচুৰ॥
যিটো ৰূপাই আতৈ মহাবিজ্ঞ সাধুজন।
কমলাবাৰীত ভৈল ভাণ্ডাৰি প্ৰধান॥
পৰম প্ৰাৰন্তে আছিলন্ত চিৰকাল।
মহাভাগ্যবান জানা কাৰ্য্যত বিশাল॥
এহিমানে ইসৰ কথাক পৰিহৰি।
অনু বৰুৱাৰ কহো সন্তান সুমৰি॥
তান যশ খ্যাতি আছে অদ্যাপি প্ৰকাশি।
শ্ৰেষ্ঠজনে কহয় যাহাৰ যশৰাশি॥
যাহাৰ সন্তান হৈয়া ভৈলন্ত কুশল।
পৰম ভাগ্যত আতি জানিবা প্ৰতুল॥
তাহাৰাৰ কহো নাম যশ কৰ্ম্ম খ্যাতি।
সংক্ষেপত নিবন্ধিলোঁ পদছন্দে আতি॥

[ ৫২ ]

যিমতে ভৈলেক গোত্ৰসবৰ প্ৰচাৰ।
শেষ আছৈ যিতো তাক কহিবোঁহোঁ আৰ॥
ভৈলন্ত নৱম পুত্ৰ অনুবৰুৱাৰ।
প্ৰতিজনে নৱ নৱ সুত ভৈল তাৰ॥
কালক্ৰমে জানা সি সি অষ্টম জনৰ।
সন্তান বিনাশ ভৈল নৰহিল আৰ॥
সি সবৰ কনিষ্ঠ ৰামচৰণ প্ৰখ্যাত।
প্ৰভবাইল নৱ পুত্ৰ শুনা নাম আত॥
হৰিদেৱ হৰিপদ ভগী অনি আৰ।
সৰাইঘটীয়া ৰামদাস কেশ সাৰ॥
মনপুৰ কমলা নামত জানা আতি।
সন্তানাদি বৃদ্ধি ক্ৰমে কহিবোঁ সম্প্ৰতি॥
হৰিদেৱ পুত্ৰৰ যে সুত দুইজন।
কেনাই বিকাই নাম পৰম শোভন॥
বিকাই সুত ছিল ঘিণলগা নাম।
প্ৰাণ পৰিহৰি গৈল বিষ্ণুবেসে ধাম॥
সৰাইঘটীয়া সুত কৃষ্ণ নাম কয়।
তান সুত কবিৰাজ জানিবা নিশ্চয়॥
তানহতে পুত্ৰ দুই হৈয়াছিল আতি।
কন মধু নাম দ্বিজ বৰ শুদ্ধমতি॥
পৰম সুন্দৰ গুণ আছিল বিস্তৰ।
প্ৰাণ ছাৰি পাইলা থান দেৱতা কৃষ্ণৰ॥

[ ৫৩ ]

মনপুৰ ডেকা পুত্ৰ বিকাই পেলন।
পেলন সন্তান বেথাই ছিল গুণগণ॥
বিকাই ডেকাৰহন্তে ভৈল মনু নাম।
ৰূপেগুণে সুশোভন ধাৰ্ম্মিক পৰম॥
যিটো কেশ ডেকা আতি নিপুণ পৰম।
পুত্ৰেক ভৈলেক শ্ৰেষ্ঠ নাম বলোৰাম॥
তাহাৰ তনয় বাসু গৌৰি শম্ভু আৰ।
সঞ্জয় প্ৰখ্যাত জুৰাই বৰুৱা সুসাৰ॥
বাপু ডেকা সুত শিৱাই লোকাই ৰঘুনাথ।
ৰূপেগুণে সুশোভন পৰম প্ৰখ্যাত॥
আৰু দয়াৰাম নাম পৰম ধাৰ্ম্মিক।
গুৰুঘৰে আছে ভক্ত হৈয়া অতিৰেক॥
প্ৰসিদ্ধ বৈষ্ণৱ লোকে সাদৰিয়া আতি।
তাহাৰ মধ্যত দেউৰি কৰ্ম্মে থৈলা তৈতি॥
শিবাইৰ পুত্ৰ দুই জন্মিয়া আছন্ত।
মহুৰা স্থানত তাৰা বাস কৰিছন্ত॥
গৌৰিবেসে তনয় চতুৰ্থ জাত ভৈলা।
লক্ষ্মী অনু সিন্ধু ঘনশ্যাম নাম ৰৈলা॥
তান মধ্যে অনুৰাম ভৈলন্ত প্ৰধান।
মহাসাধু হৈয়াছিল কাল কতমান॥
গুৰুস্থানে সত্ৰ মধ্যে পৰম যতনে।
বৰবহা আতৈ হৈয়া বহিছিলা থানে॥

[ ৫৪ ]

পৰম বিশিষ্ট সাধু সঙ্গে থাকি আতি।
নিজগুৰু সঙ্গ পাইলা প্ৰাণ ছাৰি তৈতি॥
তাহান অনুজ সিন্ধু নামত আছয়।
তেৱোঁ মহা বিশিষ্ট গুণত অতিশয়॥
সিটো বৰমহা মধ্যে আছন্ত সম্প্ৰতি।
বিষ্ণু বৈষ্ণৱক সেবি নিজ ধৰ্ম্মে তৈতি॥
সঞ্জয় ডেকাৰ আবে কহোঁ পৰিচয়।
দুই পুত্ৰ হৈয়া গৈল যমৰ আলয়॥
পূৰ্ণ আৰু শিশুৰাম তাহাবাক কয়।
তাৰ মাতৃ দুখ ভুগি অধ্যাপি আছয়॥
সঞ্জয়ৰ নাহি ৰৈল সন্তান ইহাত।
জুৰাই বৰুৱাৰ কথা কহিবোঁহোঁ আত॥
গাভৰুমেলৰ হৈয়া বৰুৱা প্ৰধান।
গুণগণ নিপুণ কাৰ্য্যত অখণ্ডন॥
বৈদ্য কৰ্ম্মে প্ৰবীন থাকিয়া সুখে আতি।
ৰাজ দৰ্ব্বাৰত পাইলা প্ৰধান সুখ্যাতি॥
তান এক পুত্ৰ তিনি কন্যা জন্ম ভৈলা।
পিতৃতুল্য সুখিয়াতি পুত্ৰয়ো থাপিলা॥
গাভৰুমেলীয়া হৈয়া বৰুৱা প্ৰধান।
ৰামনাম ৰৈলা সবে কহে গুণগণ॥
আয়ুৰ্ব্বেদ বিদ্যা যত জানিছিলা মানে।
আহাৰ প্ৰভায়ে গুণ স্থাপিলা যতনে॥

[ ৫৫ ]

তাহাৰ সন্মত আছে আমাৰ ওপৰে।
এইপদ নিবন্ধন কৰোঁ সেই তৰে॥
তান দুই ভাৰ্য্যা আতি পৰম শোভনা।
প্ৰথমৰ বিবাহিতা মিজাই নাম জানা॥
জালভাৰী ফুকন যাক ওপৰে লেখিলোঁ।
তান সুতা ভাগ্যৱতী জানিবা কহিলোঁ॥
সিটো দেবী গৰ্ভে তিনিজন ভৈল পুত্ৰ।
হেমকণ্ঠ দুৰ্গেশ্বৰ মহেশ্বৰ তত্ৰ॥
দুৰ্গেশ্বৰ নাম যিটো গুণগণে সাৰ।
চাকৰিৰ মধ্যে পাইল বিষয় নাজিৰ॥
মহেশ্বৰ নাম বাপুবৰুৱা কহয়।
তাৰ পুত্ৰী বিবাহিলা জানিবা নিশ্চয়॥
নামত কমলেশ্বৰ হৈয়াছে সন্ততি।
আর দুই ভ্ৰাতৃৰ শুনিও কথা ঐতি॥
মধ্যজন হেমকণ্ঠ কাৰ্য্য়ত কুশল।
তনুৰৰ পুজাৰিৰ সুতা বিবাহিল॥
অপৰ্ণা নামত আতি পৰম সুন্দৰী।
সুখত আনন্দে আছৈ স্বামী সেৱা কৰি॥
পৰম শোভন এক সন্তান ভৈলন্ত।
দণ্ডীৰাম নামে সৰ্ব্ব লোকেও কহন্ত।
কনিষ্ট যিজন মহেশ্বৰ মহাশয়।
ভোবোলা নাজিৰ কন্য়া বিবাহি আছয়॥

[ ৫৬ ]

তাহাৰাৰো হৈয়া আছে পুত্ৰ একগুটি।
নামত মুকুন্দচন্দ্ৰ কহিলোঁ প্ৰকটি॥
প্ৰথম ভাৰ্য্যাৰ এহিমানে সমাপতি।
দ্বিতীয়ৰ আবে কহোঁ নাম গ্ৰাম খ্যাতি॥
ৰাৱণ দ্বিজৰ পুত্ৰীৰ নামত পতানী।
শেষে বিবাহিলা সিটো দ্বিজ মহামানী॥
তান গৰ্ভে ভৈল মাত্ৰ কন্যা একগুটি।
ৰূপেগুণে নিপুণ অম্বিকা নামে তৈতি॥
কৰতীগাৱঁৰ সত্ৰ অধিকাৰ হয়।
বসুদেৱ নাম দ্বিজে বিবাহি আছয়॥
আবে ৰাম বৰুৱাৰ ভগিনীৰ কথা।
শ্ৰুত অনুসাৰে তাক কহিবোঁহোঁ এথা॥
মধ্যম সোদবী যিটো চন্দ্ৰা মহাসতী।
ৰূপে গুণে সবিনয় জানিবাহা ঐতি॥
অনন্ত কন্দলি ঘৰে জন্ম মহাশয়।
পৰ্ব্বতীয়া বৰুৱা যে সূৰ্য্য় নাম কয়॥
তাহাৰেসে বৈবাহিক সিটো চন্দ্ৰাসতী।
পঞ্চপুত্ৰ এক কন্য়া হৈয়াছিল তৈতি॥
সিটো কন্য়া চাপকটা মহন্তক দিলা।
শশধৰ নাম পুত্ৰ প্ৰভবি বহিলা॥
যিটো পঞ্চ পুত্ৰ ভৈল পৰম সুনয়।
বাপুৰাম ৰুদ্ৰ কৃষ্ণকান্ত মহাশয়॥

[ ৫৭ ]

শুভ আৰু হৰিকান্ত নাম কৈলোঁ তাৰ।
বাপুৰাম শুভ দুয়ো মৰিল সুসাৰ॥
বিশেষত পৰম বিনীত গুনময়।
ৰুদ্ৰকান্ত নাম বুলি যাহাক কহয়॥
শিৱকান্ত নামে আছে তাহাৰ তনয়।
ৰূপে গুণে বুদ্ধিত নিপুণ অতিশয়॥
গৌৰিসাগৰৰ যিটো ঠাকুৰ বিশেষ।
দয়াল নামত শিষ্ট কহয় নিশেষ॥
তান পুত্ৰ হলিৰাম গুণে অতিবেক।
শিৱকান্ত বিবাহিলা তনয়া প্ৰত্যক্ষ॥
আবে কৃষ্ণকান্তৰ কহিবোঁ পৰিচয়।
ৰূপে গুণে ভাগ্যবান জানিলা নিশ্চয়॥
বৰুৱা হৈলন্ত কলীচেঙ বাৰু কয়।
ঢাপকটা সত্ৰ কন্যা বিবাহি আছয়॥
হই আছে দুই গুটি পুত্ৰ কন্য এক।
শিবাচাৰ্য্য বৰে টঙ্কেশ্বৰ নিলা তাক॥
যিটো সৰ্ব্বশেষ হৰিকান্ত বাক কহি।
মাতৃ ভ্ৰাতৃ সমে আছে অতি সুখে বহি॥
পূজাঘৰ দেৱালয়ৰ বৰুৱা সন্ততি।
বিৰাহি আছন্ত সিটো জানিবা তহিতি॥
আৰে বৰুৱাৰ সহোদৰী কনিষ্ঠৰ।
নামগণ কহোঁ আতি কৰিয়া বিচাৰ॥

[ ৫৮ ]

শিৰ আচাৰ্য্যৰ ঘৰে শ্ৰীকান্ত সুমতি।
সিকন্যাক বিবাহিয়া কৰিলা বসতি॥
তাত হন্তে এক পুত্ৰী পুত্ৰ তিনি জন।
জীৱকান্ত তাৰাকান্ত ভূকান্ত শোভন॥
আছয় মাতৃৰ সঙ্গে যথোচিতে অতি।
কন্যা উনাইৰ কহোঁ পৰিচয় ঐতি॥
ওপৰে লেখিয়া আছোঁ যিটো মহামতি।
ৰুদ্ৰেশ্বৰ নাম বৰঠাকুৰ সুমতি॥
তাহাৰ অনুজ বাপীৰাম মহাশয়।
তেহোঁ বিবাহিল সিটো কন্যাক নিশ্চয়॥
মধ্যম কনিষ্ঠ দুই কন্যাৰ কাহিনী।
এহিমানে সমাপতি কৈলোঁ যিটো জানি॥
ইদানিক তাহাৰাৰ অগ্ৰজৰ কথা।
জ্ঞাতৰূপে বিবৰণ কৰিবোঁহোঁ এথা॥
নামত ৰূপহী ৰূপে গুণে মহাধন্যা।
ৰুদ্ৰেশ্বৰ দ্বিজবৰে নিল সিটো কন্যা॥
সিটো দ্বিজ পৰম সুমতি গুণবান।
দেৱগ্ৰাম দেবালয় ঠাকুৰ প্ৰধান॥
তানহন্তে পঞ্চপুত্ৰ কন্যা আৰু তিনি।
সাৱশেষে কহো নাম গ্ৰাম তিনি তিনি॥
যিটো সিসি তনয় পৰম গুণবন্ত।
বোধেশ্বৰ সিদ্ধেশ্বৰ ইন্দ্ৰ যে সুশান্ত॥

[ ৫৯ ]

শেষ আৰু সুমতি গোলোক সদাশয়।
গুণগণে নিপুণ বিনীত আতিশয়॥
কিন্তু বোধ ইন্দ্ৰ দুই পৰলোক হৈয়া।
কৰ্ম্ম অনুসাৰে স্থান পাই আছে গৈয়া॥
বিশেষত গোলোক সৰাৰ মধ্যে আতি।
গুণৰূপ সুবিনয় জানিয়ো সম্প্ৰতি॥
দেৱৰাম জালভাৰী ফুকন সুমতি।
তান সুতা সুমঙ্গলা বিবাহিলা ঐতি॥
মলীয়া বৰুৱা সিদ্ধেশ্বৰ যাক কয়।
তাহাৰ দুহিতৃ গুণৱতী অতিশয়॥
লৌহিত্যৰ দেৱালৰ ঠাকুৰ অশেষ।
ভেলানাথ চাৰিঙ্গীয়া ফুকন বিশেষ॥
তাৰ মধ্য পুত্ৰত বিবাহ দিয়া আছে।
পৰম সুখত আতি আছে গৃহবাসে॥
ৰাম বৰুৱাৰ আতি ছোট ভনীয়েক।
বাঞ্চা নামত অতিগুণে সুভন্বিতা॥
কৈচোঙ্গৰ ৰামভদ্ৰ মহন্তে বিহাইল।
গোপাল নামত পুত্ৰ মহাশ্ৰেষ্ট ভৈল॥
এহিমানে ইকথাক কৰি সমাপতি।
দ্বিজ দীননাথে ভনে স্মৰাঁ যদুপতি॥


[ ৬০ ]

আত অনন্তৰে, কহিবোঁ কাহিনী,
 আছে যিবা অৱশেষ।
প্ৰাণনাথ নাম, বৰুৱা পৰম,
 তাহাৰ কাৰ্য্য বিশেষ॥
আবে সিজনৰ, বিবৰিয়া কহোঁ,
 নাম গুণ সমস্তক।
প্ৰপিতা যে মহ ৰামদাস নাম,
 ছিল শিষ্ট অতিৰেক॥
তান সুত এক, জানিবা প্ৰত্যক্ষ,
 কৃষ্ণৰাম নাম হয়।
গুণত নিপুণ, কৰ্ম্মত প্ৰবীন,
 লোকে যাৰ যশ কয়॥
তাৰ সুত চাৰি, কহিবোঁ বিচাৰি,
 গোবিন্দ আৰু গোপাল।
গৌৰিনাথ আৰ, জানিবা সুসাৰ,
 পৰ্শুৰাম ধৰ্ম্মশীল॥
তাহাৰাৰ সুত, তিনি উপগত,
 বিকাৰাম হলিৰাম।
প্ৰাণনাথ দ্বিজ কহোঁ তান বীৰ্য্য,
 গুণগণ নিৰুপম॥
বৈদ্য বিদ্যা সব  জানয় প্ৰকৃষ্ট,
 দানী মানী ধৰ্ম্মশীল৷

[ ৬১ ]

ৰাজ দৰ্ব্বাৰত,  পৰম যুগুত,
 কৰ্ম্ম কাৰ্য্য পায়া ৰৈল॥
বিবাহিলা কন্যা সতী দুইজনা,
 গুণগণে নিৰুপমা।
যিটো বৰগুৰি, বৰগুৰি অতি
 মহন্ত যাহাৰ নাম॥
তান সুতা তয় নাম চন্দ্ৰী কয়,
 আছে মহাসুখ ভোগে।
তান সুত দুই অতি শোভনয়,
 ৰূপে গুণে মহাভাগ॥
চন্দ্ৰনাথ শ্ৰেষ্ঠ, ৰূপত গৰীষ্ঠ,
 ছোট লক্ষ্মীনাথ নাম।
তাহাৰাৰ অগ্ৰে পাছত জানিতা
 কন্যা দুই নিৰুপম॥
প্ৰথম ভাৰ্য্যাৰ, পৰিচয় কৈলোঁ
 এহিমানে পৰিহাৰ।
ছাগলি কটীয়া, মহাজন সুতা,
 বিবাহিলা দ্বিতীবাৰ॥
নামে দুৰ্গীবাই, অতি শুভনয়,
 তান ভৈল কন্যা দুই।
ভনে মূঢ়মতি, দুলড়ি সম্প্ৰতি,
 শুনি কৰা ভাগ্যোদয়॥

[ ৬২ ]

জ্য়েষ্টজন যিটো বিকাৰাম নাম সাৰ।
সুখভোগে আছিলন্ত গুণ যে অপাৰ॥
ফেটা অধ্যাপক সুতা বিষ্ণুমতী কন্যা।
তাঙ্ক বিবাহিলা ৰূপে গুণে মহাধন্য়া॥
পুত্ৰ দুই হৈয়া তাত আছয় সম্প্ৰতি।
কমলেশ্বৰ যে নাম জানিয়ো সুমতি॥
অপৰ আছয় শুদ্ধমতি নাৰায়ণ।
বিবৰিয়া কহিলোঁহোঁ গুণ বিদ্যমান॥
চন্দ্ৰি কটকিৰ সুতা গুণে মহাধন্য়া।
বিবাহিলা কমলেশ্বৰে সিটো কন্য়া॥
যিটো মধ্যজন হলিৰাম শুদ্ধমতি।
সদকৰ্ম্মে আছিলন্ত ভ্ৰাতৃৰ সঙ্গতি॥
ভকতধুলি খাওন্দৰ পীতাম্বৰ সুতা।
হেমকান্তি কন্যা বিহাই উপাৰ্জ্জিলা পুত॥
ধনশ্য়াম নাম আতি পৰম শোভন।
মাতৃসমে আনন্দত আছয় এখন॥
কিন্তু সিটো বৰুৱাৰ মধ্যে জ্যেষ্ঠজন।
হলিৰাম বিকাৰাম কাৰ্য্য়ত নিপুণ॥
মাতৃ ভ্ৰাতৃ আগে থাকি সদকৰ্ম্ম কৰি।
লভিলা গুৰুৰ সঙ্গ প্ৰাণ পৰিহৰি॥
এহিমানে ইটো কথা ভৈল সমাপত।
মূদঙ্গীয়া ফৈদৰ কথা কৰোঁ উপগত॥

[ ৬৩ ]

কলিমন ডেকা যিটো ৰূপে গুণে শিষ্ট।
তাহান কথাক লোকে কহয় গৰীষ্ট॥
কলিবৰ বৰুৱাৰ সঙ্গত আসিলা।
কালবশে ইদেশত ইঠাৱে বহিলা॥
কিন্তু তাহাৰাৰ কাল হোৱাৰ পাছত।
জাতি কিম্বা বংশ কিছু স্থিৰ নভৈলন্ত॥
সিহেতু গোত্ৰৰ মধ্যে আমাসাৰ আতি।
বংশ মানি থাকয় শিষ্টসৰ তৈতি॥
বিশেষত আমি সবে এক গোত্ৰ জানি।
বংশক নিশ্চয় মনে থাকো সবে মানি॥
সিটো কলিমন সুত নামে মৃদঙ্গীয়া।
সপ্তম তনয় সুশোভন উপাৰ্জ্জিয়া॥
সৰ্ব্বশ্ৰেষ্ঠ হৈল নাৰায়ণ শুদ্ধমতি।
শেষ ছয় জনৰ নাপাইলোঁ নাম খ্যাতি॥
কিন্তু সিসৰৰ প্ৰতিজন মহাশয়।
সাত সাত পুত্ৰ তততুল্য পৌত্ৰ হয়॥
বিশেষত নাৰায়ণ পৌত্ৰ ধৰ্ম্মশীল।
বলোৰাম ডেকা জানা কাৰ্য্য়ত কুশল॥
তাৰহন্তে ভৈল কাতিৰাম ডেকাসাৰ।
ধৰ্ম্মকৰ্ম্ম সবাত নিপুন জানা তাৰ॥
পুত্ৰ ভৈল হলিৰাম পৰম শোভন।
ধৰ্ম্মৰ তনয় জানা অতি গুণবান॥

[ ৬৪ ]

সাধিৰাম নাম ধৰ্ম্ম কৰ্ম্মত নিৰত।
মাতৃসমে আনন্দত আছয় সাম্প্ৰত॥
বিশেষত তাৰ পুত্ৰ গুটি হৈয়া আতি।
দিনাই নামত আছে পৰম সুমতি॥
কিন্তু হলিৰাম সুত মহাধৰ্ম্মশীল।
জ্ঞাতি ভক্ত মধ্যে মান্য ভকত বিপুল॥
পৰম সুখত থাকি ধৰ্ম্মক আছৰি।
নিজগুৰু সঙ্গ পাইলা প্ৰাণ পৰিহৰি॥
এহিমানে সৰ্ব্বকথা কৰি সমাপতি।
নিবন্ধিলোঁ পদছন্দে জানিয়ো ঐহিতি॥
যথাৱত ৰূপে শ্ৰেষ্ঠ আজ্ঞা কৰি সাৰ।
মই হীনমতি পদ কৰিলোঁ প্ৰচাৰ॥
আত বঢ়া টুটা শুদ্ধাশুদ্ধ দোষ যত।
মোৰ মতি বুজি ক্ষমা কৰিয়ো সতত॥
কৃষ্ণ ভ্য়তৃ সবৰ ৰে চৰণক ধৰি।
ইটো পদ বিৰচিলোঁ বোলা ৰাম হৰা॥


আৰম্ভ ১৭৬৬। ১৭৭১ শকৰ বৈশাখ মাসত
    সমাপ্ত হল। [ ৬৫ ]

দ্বিতীয় ভাগ।
(শ্ৰীনাথ বেজবরুৱা প্ৰণীত)

কৃষ্ণ পাদপদ্ম দুই হৃদয়ত ধৰি।
পিতৃ দীননাথ পদে নমস্কাৰ কৰি॥
শেষ বংশাৱলী কথা সংগ্ৰহ কৰিয়া।
মতি জ্ঞান অনুসৰি কহো বিৰবিয়া॥
পিতামহ কৃষ্ণৰাম বৈদ্যৰ বৰুৱা।
পৰম ধাৰ্ম্মিক জ্ঞানী শুদ্ধ মন ছিয়া॥
চন্দ্ৰায়নী নামে কন্য়া বিবাহ কৰিলা।
এক পুত্ৰ দুই কন্য়া সতী প্ৰসবাইলা॥
হলিৰাম বৰুৱা পৰম গুণৱন্ত।
বৈদ্য়শ্ৰেষ্ঠ ধৰ্ম্মৰত মহা খ্যাতিৱন্ত॥
কপহী চেনেহী দুই চন্দ্ৰায়নী সুতা।
ৰূপেগুণে বিভূষিতা মহা আনন্দিতা॥
স্বামী বিদ্য়মানে চন্দ্ৰায়নী মহাসতী।
হৰি স্মৰি কালে প্ৰাণ কৈলা সমাপতি॥
শেষে পিতামহ বিহা কৰিলন্ত কন্য়া।
কাশীনাথ সুতা যে গোমতী মহাধন্য়া॥
পঞ্চকন্য়া এক পুত্ৰ গৰ্ভত ধৰিলা।
দুৰ্ব্বী বিনাই কুন্দাই যোগেশ্বৰী ৰত্নী ভৈলা॥

[ ৬৬ ]

পুত্ৰ ভৈল দীননাথ মোৰ পিতৃদেৱ।
শ্ৰীমন্ত ধাৰ্ম্মিক সাধু কৰোঁ পদে সেৱ॥
বেজৰ বৰুৱা পাতি ৰাজা সম্মানিলা।
একষ্ট্ৰা এচিষ্টেট পদে অৱসৰ লৈলা॥
পেঞ্চন ভুঞ্জিয়া ধৰ্ম্মচৰ্চ্চাক কৰিয়া।
বিষ্ণুধামে উপগত প্ৰাণক ছাৰিয়া॥
এবে পিতৃবংশ কথা কৰি নিৰুপণ।
পিতৃ জ্যেষ্ঠ কথা পৰে কৰিবো বৰ্ণন॥
ধৰ্ম্মী থানেশ্বৰী দুই ঘৰিণী পিতৃৰ।
বৰঘৈণী সৰুঘৈণী আখ্যা দুজনাৰ॥
ধৰ্ম্মী প্ৰসবাইলা ছয় পুত্ৰ কন্যা চাৰি।
সপ্ত পুত্ৰ এক কন্যা গৰ্ভে থানেশ্বৰী॥
মহাসুখে পতিসেৱা ধৰ্ম্মীদেবী কৰি।
স্বামী বিদ্যমানে প্ৰাণ গৈলা পৰিহৰি॥
ধৰ্ম্মীপুত্ৰ ব্ৰজনাথ আৰু জগন্নাথ।
গোপাল গোলাপ জয়কৃষ্ণ বিষ্ণুনাথ॥
হেমকান্তি ছায়াৱতী বসুদা তৃতীয়া।
লীলাৱতী সমে চাৰি কন্যা আছে হৈয়া॥
দৈচিঙা বিশ্বধৰ পণ্ডিত প্ৰধান।
সুত বিদ্যাধৰ বৰুৱা যে গুণবাণ॥
তেওঁ বিৰাহিলে হেমকান্তিক সাদৰে।
পুত্ৰ ভৈল লোকধৰ আৰু অজধৰ॥

[ ৬৭ ]

তিনি কন্যা হেমকান্তি সতী জনমাইলা।
লক্ষ্মীপ্ৰিয়া শুভদা বৰদা নাম খৈলা॥
ৰসেন্দ্ৰৰ বিশ্বেশ্বৰ পুত্ৰ লক্ষেশ্বৰ।
প্ৰথমা বিহালে পত্নী গৈলা যমঘৰ॥
ভূদেব নাম ৰতনপুৰীয়া মহন্ত।
মেহকান্তি সুতা শুভদাক বিহাইলন্ত॥
কতকাল স্বামীসঙ্গে শুভদা বঞ্চিলা।
পুত্ৰ দুই ৰাখি শেষে প্ৰাণক ত্যজিলা॥
শেষ কন্যা বৰদা সুন্দৰী নাম কয়।
কাৰ্য্যত কুশলা সুখে অদ্যাপি আছয়॥
ডাঙৰীয়া কীৰ্ত্তিনাথ খঙীয়া ফুকন।
পৰম বিশিষ্ট জ্ঞানীমানী শুদ্ধমন॥
তাহাৰ তৃতীয় পুত্ৰ নাম কুলনাথ।
পত্নীমৃতে বৰদাক বিবাহে সাক্ষাত॥
উৰ্ব্বীধৰ নামে শিৱসাগৰী বৰুৱা।
সব্বশাস্ত্ৰ বিশাৰদ ধৰ্ম্মৰত হিয়া॥
মহামহোপাধ্যায় বাহাক বুলি খ্যাত।
তাৰ পুত্ৰ মহীধৰ বৰুৱা প্ৰখ্যাত॥
দ্বিতীয় কন্যাক ছায়াদেবীক ৰিহাইলা।
পুত্ৰেক ৰাখিয়া মহীধৰ মৰি গৈলা॥
বিধবা ধৰ্ম্মক ছায়াদেবী আচৰিয়া।
পুত্ৰ সোমধৰ সবে আছয় বঞ্চিয়া॥

[ ৬৮ ]

ডাঙৰীয়া কাশীনাথ তামুলী ফুকন।
পৰম পণ্ডিত জ্ঞানী পবিত্ৰ সুজন॥
আসাম-বুৰঞ্জী ৰচি বুদ্ধি পৰিচয়।
তাৰ মধ্য পুত্ৰ মুক্তানাথ মহাশয়॥
বিবাহিলা বসুদাক পৰম সাদৰে।
ছয় পুত্ৰ এক কন্যা সতী গৰ্ভে ধৰে॥
পদ্মনাথ দুৰ্গানাথ নামে সুতদ্বয়।
সহোদৰা আৰু এক অদ্যাপি আছয়॥
তাৰানাথ ফুকনৰ মুৰলী সোদৰ।
বিবাহিয়া লীলাৱতী গৈলা যমঘৰ॥
বিধবা ধৰ্ম্মক পালি পিতৃৰ গৃহত।
কালে লীলাৱতী মৃত্যুমুখে উপগত॥
বৰঘৈণী কন্যা কথা কৰি সমাপন।
এবে কহোঁ ভ্ৰাতৃসকলৰ বিবৰণ॥
প্ৰথম তনয় ব্ৰজনাথ যাৰ নাম।
ধৰ্ম্মশীল জ্ঞানী মানী শান্ত অনুপাম॥
চিকিৎসা শাস্ত্ৰত সিটো পৰম নিপুণ।
অদ্যাপিয়ো সৰ্ব্বজনে গায় বাৰ গুণ॥
বাপুবৰুৱাৰ কন্যা বিবাহে প্ৰথমে।
নন্দনাথ নামে পুত্ৰ ভৈল অনুক্ৰমে॥
প্ৰথম ভাৰ্য্যাৰ প্ৰাণ বিয়োগৰ অন্তে।
দ্বিতীয়া ভাৰ্য্যাক তেওঁ বিহা কৰিলন্ত॥

[ ৬৯ ]

বসেন্দ্ৰ বংশৰ বিশ্বেশ্বৰ সুতা সতী।
ডিম্বেশ্বৰী বিবাহিলা ব্ৰজ মহামতি॥
পুত্ৰ ভৈল ৰমানাথ মাতৃ গৈল মৰি।
ৰমানাথো অকালতে প্ৰাণ গৈলা ছাৰি॥
ফেদেলা খাটনিয়াৰ শলগুৰি ঠাই।
তাৰ কন্যা ব্ৰজনাথে বিবাহিলে পাই॥
সন্তান নভৈল ব্ৰজ প্ৰাণক চাৰিল।
নন্দনাথে জোৰহাট অঞ্চলে বিহাইল।
হেমচন্দ্ৰ সুতা সিটো নন্দৰ ঘৰিণী।
ভোলানাথ ৰাধানাথ পুত্ৰৰ জননী॥
জগন্নাথ নাম যিটো দ্বিতীয় তনয়।
পেঞ্চন ভুঞ্জিয়া শিৱসাগৰে আছয়॥
বলদেৱ নাজিৰাৰ পুত্ৰী বিষ্ণুপ্ৰিয়া।
জগন্নাথে বিবাহিলে অতি প্ৰীতি হৈয়া॥
বিৰিঞ্চি যে নবকৃষ্ণ তনয় দুগুটি।
তিনি কন্যা প্ৰসবাইলা বিষ্ণুপ্ৰিয়া সতী॥
যোগদা বৰদা আৰু শাৰদা শোভনা।
একে একে সিসবৰ কৰোঁহো বৰ্ণনা॥
জখলাবন্ধাৰ শিৱদেৱ সুত ৰাম।
বিবাহে যোগদা নামে কন্যা অনুপাম॥
দুই পুত্ৰ আছে সিটো দেবী যোগদাৰ।
অশ্বিনীকুমাৰ আৰু হিৰণ্যকুমাৰ॥

[ ৭০ ]

মেলেঙৰ বাপিৰাম সুত যজ্ঞেশ্বৰ।
বিবাহে বৰদা আছে দুহিতা তাহাৰ॥
দেৰগঞা বৰুৱা শ্ৰীভোগদত্ত খ্যাত।
তাৰ পুত্ৰ বিমলে বিহালে শাৰদাক॥
টঙ্কেশ্বৰ নেপালী মহন্ত কন্যা এক।
বিবাহে বিৰিঞ্চি কহো সন্তান প্ৰত্যেক॥
বৈকুণ্ঠ বীৰেন্দ্ৰ আৰু নৰেন্দ্ৰ কনিষ্ঠ।
শৈল নামে সুতা এক জানিবাহা নিষ্ঠ॥
নমোৰাম মুৰালী মহন্ত সুতা যিটো।
নৱকৃষ্ণে তেজপুৰে বিবাহিলে সিটো॥
জগন্নাথ পত্নী যিটো বিষ্ণুপ্ৰিয়া সতী।
গয়াক্ষেত্ৰে স্বামী আগে মৰি সাধে গতি॥
ৰতনপুৰীয়া গোসাঁই কন্যা বসুন্ধৰী।
যাৰ মাতৃ ন-গোসাঁই ঘৰৰ জীয়ৰী।
গোপালে বিহাইলে সেই কথা অনন্তৰ।
পত্নী অদৰ্শনে প্ৰাণ গৈল গোপালৰ॥
গোলাপ নামত যিটো পৰম সুশান্ত।
ইংলণ্ড স্কটলণ্ড দেশে শাস্ত্ৰ পঢ়িলন্ত॥
চিকিৎসা শাস্ত্ৰত নানা উপাধি লভিলা।
শ্ৰেষ্ঠ চিকিৎসক হৈয়া আমেৰিকা গৈলা॥
পঞ্চদশ বৰ্ষৰ অধিক কাল তৈত।
ইংৰাজ ৰাজাৰ কাৰ্য্য কৰি সুখ্যাতিত॥

[ ৭১ ]

শেষে কলিকতা হাওড়া নগৰী আসিলা।
অনেক বৎসৰ চিকিৎসক পদে ৰৈলা॥
বিবাহ ঘটিল হাওড়া নাম নগৰীত।
পত্নীসমে মহাসুখে বঞ্চিলা তহিত॥
ডাক্তৰী কাৰ্য্যক কৰি মহা যশষ্যাৰে।
নিঃসন্তান হৈয়া ত্যজি গৈলা ইসংসাৰ॥
জত্নকৃষ্ণ নামে যিটো পঞ্চম তনয়।
কিনাৰাম ভাগতীৰ কন্যা শুভনয়॥
জয়দাক বিবাহিলা তিনি সুতা ভৈল।
হেমলতা মুকুতা কুসুম নাম থৈল॥
ৰজনী ঠাকুৰ যাৰ বাস জাঁজি স্থান।
বিবাহিলে হেমলতা আছে সুতা তান॥
চাৰিঙ্গীয়া বৰুৱাৰ কমল তনয়।
লক্ষ্মীনাথে মুকুতাক কৰে পৰিণয়॥
সোনাৰাম ফুকনৰ তনয় মুকুতা।
বিবাহে কুসুম পুত্ৰ আছে শোভনীত।
চাৰিঙীয়া বৰুৱা নামত শিৱনাথ।
ধৰ্ম্মনিষ্ট জ্ঞানী সিটো পৰম সুশান্ত॥
কন্দৰ্প তাহাৰ পুত্ৰ পৰম সুশান্ত।
গোলাপী দুহিতা তাৰ জানিবাহা মিষ্ট॥
বিষ্ণুনাথে বিবাহিলে আনন্দে গোলাপী।
পৰম হৰিষে দুয়ো আছন্ত অদ্যাপি॥

[ ৭২ ]

গোলাপী প্ৰসৱে দুই পুত্ৰ চাৰি সুতা।
প্ৰেমলতা অন্নদা ৰূপহী কুঞ্জলতা॥
বসন্তকুমাৰ কৃষ্ণকুমাৰ তনয়।
পিতৃমাতৃ সঙ্গে সবে হৰিষে আছয়॥
ৰামচন্দ্ৰ চক্ৰবৰ্ত্তী সাৰৰ বংশৰ।
বিবাহিলে প্ৰেমলতা হৰিৰ অন্তৰ॥
শৰতকুমাৰী প্ৰেমলতা সুতা হয়।
অন্নদাক ভদ্ৰেশ্বৰে কৰে পৰিনয়॥
শেষ কন্যা দুই পুত্ৰ আছে পিতৃ সঙ্গে।
চিকিৎসক হৈয়া বিষ্ণু বঞ্চে মনৰঙ্গে॥
বৰঘৈনী পৰিয়াল কথা সাঙ্গ কৰি।
সৰুঘৈনী পৰিয়াল কহিবোঁ বিবৰি॥
গোবিন্দ বিনন্দ পৰে দুৰ্গেশ্বৰী নাম।
শ্ৰীনাথ শ্ৰীলক্ষ্মীনাথ লক্ষ্মণ যে ৰাম॥
কনিষ্ঠ শ্ৰীহৰিনাথ এই অষ্টজন।
সৰুঘৈনী থানেশ্বৰী কৰয় জনন॥
গোবিন্দ নামত যিটো প্ৰথম তনয়।
বিদ্যাত নিপুন জ্ঞানী মানী মহাশয়॥
উচ্চ বিদ্যালয় ত্ৰয় কৰিয়া স্থাপন।
আসামৰ জোৰহাটে আছে মতিমান॥
ক্ষত্ৰিয় আত্মজ মুকুন্দ সিংহ মহামতী।
গোবিন্দে বিহাইলা তাৰ সুতা লীলাৱতী॥

[ ৭৩ ]

এক কন্যা দুই পুত্ৰ লীলাৱতী এৰি।
স্বামী বিদ্যমানে গৈল প্ৰাণ পৰিহৰি॥
যোগবালা কন্যা পুত্ৰ প্ৰথম দেবেন্দ্ৰ।
কনিষ্ঠ তনয় নাম খৈলন্ত উপেন্দ্ৰ॥
টুঙ্কেশ্বৰ বৰ কটকীৰ পুত্ৰ হীৰা।
বিহাইলন্ত যোগবালা কাৰ্য্যত তৎপৰা॥
পুত্ৰ এক সমে যোগবালা হিৰাজায়া।
পিতৃগৃহে আছে পুত্ৰ সহিতে বঞ্চিয়া॥
গোবিন্দে বিবাহ আৰ নকৰি সমূলি।
মহাসুখে বঞ্চে নিজ কাৰ্য্য প্ৰতিপালি॥
খঙীয়া ফুকন পুত্ৰ কুলনাথ সুতা।
ইন্দুমতী নাম পূৰ্ব্ব পত্নীৰ দুহিতা॥
বিনন্দে বিহাইলে সেই কন্যা ইন্দুমতী।
পঞ্চকন্যা তিনি পুত্ৰ প্ৰসবাইলা সতী॥
প্ৰথমা যামিনী দুৰ্গেশ্বৰী যে অপৰ।
কামিনী কমলেশ্বৰী ভুবনেশ্বৰী পৰ॥
প্ৰথম তনয় মৰে আছে দুইজন।
আনন্দ মাধৱ নাম পৰম শোভন॥
দৈচিঙীয়াৰ প্ৰেমধৰ নাম মহাশয়।
তাহাৰ তনয় নীলধৰ নাম কয়॥
জ্যেষ্ঠা কন্য়া যামিনীক বিবাহ কৰিল।
স্বামী পদ সেবী দেবী আনন্দে ৰহিল॥

[ ৭৪ ]

ফণীনাথ ফুকন নামত শুদ্ধমতি।
প্ৰাগ্ জ্যোতিষপুৰে যিটো কৰয় বসতি॥
পুত্ৰ উমানাথে দুৰ্গেশ্বৰী বিবাহিলা।
পিতৃগৃহে দুগেশ্বৰী বিধবা হইলা॥
ইংৰাজ ৰাজাৰ কাৰ্য্য বিনন্দে কৰিয়া।
পত্নীসুত সমে আছে কালক বঞ্চিয়া॥
কাশীনাথ তামুলী ফুকন মহামতি।
যাৰ যশৰাশি আছে লোকত প্ৰকতি॥
তাহাৰ কমলানাথ প্ৰথম তনয়।
সুধীৰ সুশান্তমতি সিজন হোৱয়॥
তাহাৰ তনয়া নাম গৌৰদা প্ৰখ্যাত।
বিবাহিলোঁ মই সিটো কন্যাক সাক্ষাত॥
কন্যা তিনি পুত্ৰ এক উদৰে ধৰিলা।
শেষে এক পুত্ৰ পায়া প্ৰাণক ত্যঞ্জিলা॥
তনয়া সুবৰ্ণলতা গিৰিজা সুন্দৰী।
ৰোহিনী কনিষ্ঠা এই তৃতয় জীয়াৰী॥
পুত্ৰ এক ভৈল কৃষ্ণনাথ নাম তাৰ।
শেষ শিশু পুত্ৰ প্ৰাণ কৈলা পৰিহাৰ॥
মাহৰা নামত সত্ৰ গোলাঘাট স্থানে।
বলদেব অধিকাৰ সকলে বখানে॥
তাহাৰ প্ৰথম পুত্ৰ তাৰানাথ নাম।
বিবাহে সুবৰ্ণলতা পৰম সুঠাম॥

[ ৭৫ ]

সুবৰ্ণলতাৰ জানা আছে কন্যা এক।
দ্বিতীয়া কন্য়াৰ কথা কহিবো প্ৰত্যেক॥
প্ৰাগ্‌জ্যোতিষপুৰে ব্ৰহ্মপুত্ৰ উত্তৰত।
ৰামদত্ত মিশ্ৰ নাম শাস্ত্ৰত নিৰত॥
তাৰ পুত্ৰ গৌৰিদত্ত বিদ্যাৰ ভূষণ।
বিবাহিলা গিৰিজাসুন্দৰী ৰঙ্গমন॥
নলিনি নামত পুত্ৰ ভৈল গিৰিজাৰ।
পতি পুত্ৰ সমে আছে হৰিষ অন্তৰ॥
কৃষ্ণনাথ পুত্ৰ আৰ ৰোহিনী তনয়া।
পিতৃ পিতামহী সমে আছয় বঞ্চিয়া॥
প্ৰথমৰ ভাৰ্য্য়া মোৰ বিয়োগ অন্তত।
দ্বিতীয় বিবাহ মোৰ ভৈলন্ত সংঘট॥
পৰ্ব্বতীয়া বৰুৱা যে ব্ৰজনাথ নাম।
পৰম বিশিষ্ট জ্ঞানী বাস দেবগ্ৰাম॥
তাহাৰ দ্বিতীয় পুত্ৰ কাৰ্ত্তিক সুনয়।
সুতা প্ৰেমলতা তাৰ বিবাহিলোঁ মই॥
প্ৰেমলতা দেৱী প্ৰসবাইল পুত্ৰ এক।
নামত ত্ৰৈলোক্যনাথ কহিলো প্ৰত্যেক॥
চতুৰ্থ তনয় যাৰ লক্ষ্মীনাথ নাম।
বি, এ, আখ্যাধাৰী শুদ্ধমতি অনুপাম॥
কলিকতা নগৰীত জোড়াসাঁকো স্থান।
আছয় ঠাকুৰ বংশ পৰম প্ৰধান॥

[ ৭৬ ]

দেবেন্দ্ৰ ঠাকুৰ বাৰু মহৰ্ষি বোলয়।
পৰম ধাৰ্ম্মিক জ্ঞানী মানী শুদ্ধাশয়॥
তাৰ পুত্ৰ হেমেন্দ্ৰঠাকুৰ মহামতি।
পবিত্ৰ হৃদয় যিটো ধৰ্ম্মৰত অতি॥
দুহিতা তাহাৰ প্ৰজ্ঞাসুন্দৰী বিদুষী।
লক্ষ্মীনাথে বিবাহিলা পৰম হৰিষি॥
চাৰি কন্যা লভি প্ৰজ্ঞাদেবী গুণৱতী।
স্বামী পদসেবী সুখে বঞ্চে দিন সতী॥
প্ৰথম দুহিতা যিটো সুৰভি নামত।
পঞ্চবৰ্ষ কালে মৃত্যুমুখে উপগত॥
অৰুণা দ্বিতীয়া ৰত্নাৱলী যে তৃতীয়া।
চতুৰ্থা দীপিকা আছে অতি শোভনীতা॥
পত্নী সুতা সমে লক্ষ্মীনাথ শুভনয়।
স্বীয় ব্যৱসায় পালি হাওড়াত থাকয়॥
মহামহা বাৰুনীত গঙ্গাস্নান মনে।
কলিকতা পিতৃমাতৃ সহিত লক্ষ্মণে॥
গৈয়া বিধিমাতে কাৰ্য্য় সমাপন কৰি।
ঈশ্বৰ ইচ্ছাতে তাতে প্ৰাণ গৈলা ছাৰি॥
চিকিৎসা শাস্ত্ৰক বহু কৰিয়া যতন।
পিতৃমুখে সবিশেষ শিকিলে লক্ষণ॥
পিতৃৰ পৰম প্ৰিয় ছিলা শুদ্ধচাৰী।
ৰামচন্দ্ৰে গোলাঘাটে গৈলা প্ৰাণ ছাৰি॥

[ ৭৭ ]

কনিষ্ঠ শ্ৰীহৰিনাথ কলিকতা স্থানে।
ব্যবসা আচৰি দিন বঞ্চে ৰঙ্গ মনে॥
কীৰ্ত্তিনাথ খঙীয়া ফুকন সুত সাৰ।
নামত কেশবনাথ বিশুদ্ধ আচাৰ॥
তাহাৰ তনয়া হেমপ্ৰভা নামে সতী।
হৰিনাথে বিবাহ কৰিলে হৃষ্টমতি॥
পিতৃৰ সন্তান কথা এৰে সাঙ্গ কৰোঁ।
ৰাম ৰাম বুলি সবে আপদ নিস্তৰোঁ॥



বৈদ্য শ্ৰেষ্ঠ হলিৰাম বৰুৱা শ্ৰীমন্ত।
অৰুণ নামত কন্যা বিহা কৰিলন্ত॥
দিচিয়াল কটকি মন্মথ সুতা সতী।
দুই কন্যা তিনি পুত্ৰ ধৰে গুণৱতী॥
যজ্ঞো ৰমাকান্তি কন্যা পুত্ৰ ৰিপুঞ্জয়।
ভবনাথ সুচন্দ সমস্তে শুদ্ধাশয়॥
চন্দৰ কটকি পুত্ৰ জয়কৃষ্ণ নাম।
যজ্ঞোদেবী বিবাহ কৰিলা অনুপাম॥
পুত্ৰ তিনি কন্যা এক প্ৰসবিলা সতী।
জ্যেষ্ঠ কানুৰাম সৰু কোমল সুমতি॥
মধ্য়ম মৰিল কানুৰাম নিঃসন্তান।
ৰাজবৃত্তি ভুঞ্জি শেষে ছাৰিলন্ত প্ৰাণ॥

[ ৭৮ ]

কোমল উদাস ধৰ্ম্মে থাকি আউনিআটী।
প্ৰাণক ছাৰিলা বংশ কৰি সমাপতি॥
শীতলৰ যোগদেৱ উপাধ্যায় নাম।
পৰম পণ্ডিত ধীৰমতি অনুপাম॥
পুত্ৰ ত্ৰিলোচনে ৰমাকান্তিক বিহাইল।
স্বামী পদ সেবি মৰি গতিক লভিল॥
বিপুঞ্জয় বৈদ্যৰ বৰুৱা বুলি খ্যাতি।
পুত্ৰ ভৈল পূৰ্ণানন্দ পশুৰাম দুটি॥
পূৰ্ণানন্দ বৰুৱা পৰম খ্যাতিমন্ত।
একষ্ট্ৰাএচিষ্টেন্ট হৈলা কাৰ্য্য কৰিলন্ত॥
ধুবুৰী নগৰে থাকি ৰাজকাৰ্য্য কৰি।
পুত্ৰ পত্নী আছে প্ৰাণ গৈলা পৰিহৰি॥
আধাৰ মহন্ত মহেশ্বৰ সুতা যিটো।
পূৰ্ণানন্দ পত্নী নিঃসন্তানে মৰে সিটো॥
খঙীয়ালফুকন কন্যা পৰে বিবাহিলা।
দুই কন্যা এক পুত্ৰ সতী প্ৰসবিলা॥
কন্যা গোলাই তাৰামণি পুত্ৰ জয়ানন্দ।
ৰাখি স্বামী আগে দেবী মৰিল আনন্দে॥
ডাঙৰীয়া ঢেকিয়াল ফুকন প্ৰবীৰ।
নামত আনন্দৰাম জ্ঞানী মানী ধীৰ॥
যাৰ যশৰাশি বিস্তাৰিত অবিৰাম।
তনয় ৰাধিকাৰাম অন্নদা সুঠাম॥

[ ৭৯ ]

বাৰিষ্টৰ ৰাধিকাক সকলে জানয়।
জৰ্ম্মানি ইংলণ্ড আদি ভ্ৰমি মহাশয়॥
নৃত্য গীতাদিত শ্ৰেষ্ঠ খিতাপ লভিলা।
শেষে ভাৰতত আসি প্ৰাণক ত্যজিলা॥
তাৰ ভ্ৰাতৃ অন্নদা বিবাহে গোলাই সতী।
কালবশে দুইজনে মৰি সাধে গতি॥
গোলাইৰ তনয় এক দেবেন্দ্ৰ নামত।
দুহিতা শিশিৰ দুয়ো আছয় সাক্ষাত॥
দেউৰাম খাওন্দ নাম পণ্ডিত পৰম।
তাৰ সুত পৰশুৰাম খাওন্দ শ্ৰেষ্ঠতম॥
একষ্ট্ৰাএচিষ্টেণ্ট পদে লই অৱসৰ।
মহাসুখে ডিবুৰুত বঞ্চে অনন্তৰ॥
পূৰ্ণসুতা ভাৰামণি তেওঁ বিবাহিলা।
পঞ্চপুত্ৰ তিনি কন্যা সতী ওপজাইলা॥
বলীন্দ্ৰ ৰবীন্দ্ৰ আরু মহীন্দ্ৰ যতীন্দ্ৰ।
কনিষ্ঠ তনয় নাম ভৈলেক শৌৰীন্দ্ৰ॥
দুহিতৃ তৃতয় স্বৰ্ণলতা যে প্ৰথমা।
কনিষ্ঠা বিদ্যুৎপ্ৰভা কনক মধ্যমা॥
মাৰোৱাৰী লক্ষেশ্বৰ বি,এ,আখ্যধাৰী।
বিবাহিলা স্বৰ্ণলতা দেবীক সাদৰি॥
দুই কন্যা এক পুত্ৰ দেবী গৰ্ভে ধৰে।
লক্ষেশ্বৰে কালৰূপে প্ৰাণ পৰিহৰে॥

[ ৮০ ]

বি-এ–জগন্নাথ পুত্ৰ নামত দেবেন্দ্ৰ।
বিবাহি কনকলতা লভিল আনন্দ॥
শেষ পুত্ৰ কন্যাৰ নাই ঘটা।
কহো এবে মই শেষ বংশাৱলী কথা॥
ডাঙৰীয়া বলোৰাম ঢেকিয়াল ফুকন।
পৰম সুধীৰ জ্ঞানৱন্ত শুদ্ধমন॥
গিৰিজাসুন্দৰী নামে তাহাৰ আত্মজা।
তৰুণ ফুকন বেৰিষ্টৰৰ অগ্ৰজা॥
দয়ানন্দে বিবাহিলে গিৰিজা সুন্দৰী।
নিঃসন্তানে দয়ানন্দে গৈলা প্ৰাণ ছাৰি॥
ন-গাওঁ লতাবোৱা সত্ৰৰ মহন্ত।
গিৰিধৰ সুতা পূৰ্ণনন্দে বিহাইলন্ত॥
তিনি পুত্ৰ দুই কন্যা গৰ্ভত ধৰিলা।
ৰমানন্দ জগদানন্দ নাম ভৈলা॥
তৃতীয় মহদানন্দ তনয় আছয়।
তনয়া ত্ৰৈলোক্যেশ্বৰী পদ্মেশ্বৰী কয়॥
মুৰালি মহন্ত মহোধৰৰ তনয়া।
তেজপুৰে ৰমানন্দে আছে বিবাহিয়া॥
চিন্তাপ্ৰভা নাম ৰমানন্দৰ ঘৰিণী।
উমানন্দ নাম পুত্ৰ একৰ জননী॥
ৰাজগুৰু তুলসীফুকন সুতা সতী।
বিবাহে জগদানন্দ অতি হৃষ্টমতি॥

[ ৮১ ]

ভৃতয় তনয় অবিবাহিত আছয়।
কহো ত্ৰৈলোকেশ্বৰীৰ কথা পৰিনয়॥
জগন্নাথ বৰুৱা উপাধি বি, এ, খ্যাত।
পৰম বিশিষ্ট জ্ঞানী মানী যে প্ৰখ্যাত॥
এড্‌ৱাৰ্ড সপ্তম সম্ৰাট অভিষেক।
সময়ে নিমন্ত্ৰি তাৰু নিলে ইংলণ্ডক॥
বিবাহে ত্ৰৈলোকশ্বৰী তেওঁ সুচৰিতা।
নিঃসন্তান দেবী স্বামীহীনা বিবাদিতা॥
পদ্মেশ্বৰী যোগেশ্বৰ কটকি বিহাইলা।
নিঃসন্তান হৈয়া দেবী প্ৰাণক ছাৰিলা।
কেশৱ পূজাৰি বুলি পৰম সুশিষ্ট।
দেৱ দ্বিজৰত যিটো পৰম ধৰ্ম্মিষ্ঠ॥
তাহাৰ তনয় গঙ্গাগোবিন্দ ফুকন।
পৰম সুধীৰ জ্ঞানীমানী হৃষ্টমন॥
তাহাৰ অগ্ৰজা পৰ্শু ৰামে বিবাহিলা।
পুত্ৰ গুণগোবিন্দ আৰ গুঞ্জানন ভৈলা॥
গুণগোবিন্দৰ যিটো প্ৰথমৰ জায়া।
ৰাধা কটকিৰ পৌত্ৰী থৈলা পৰিনিয়া॥
পদ্মৰূপে কন্যা ৰাধাগোবিন্দ তনয়।
কন্যা পুত্ৰ ৰাখি সতী প্ৰাণ পৰিছয়॥
কন্যা পদ্মৰেখা গুৰুপ্ৰসাদে বিহালে।
দ্বিতীয় বিবাহ গুণগোবিন্দে কৰিলে॥

[ ৮২ ]

জোৰহাটে সোনাৰাম ফুকনৰ সুতা।
গুণগোবিন্দৰ সিটো ভাৰ্য্যা অনিন্দিতা॥
পুত্ৰ কৃষ্ণগোবিন্দ নামত ভৈল তাৰ।
গুঞ্জানন কথা এবে কৰিবো বিস্তাৰ॥
জখলাবন্ধাৰ শিৱদেৱ গোস্বামীৰ।
সুতা হেমী বিবাহিলে গুঞ্জানন ধীৰ॥
ছয় পুত্ৰ প্ৰসবাইলে হেমী গুঞ্জজায়া।
একে একে সি সবক কহো বিবৰিয়া॥
পদ্মৰঞ্জন ধৰ্ম্মৰঞ্জন আৰ গোপীৰঞ্জন।
গগনৰঞ্জন এক আৰু নিত্যৰঞ্জন॥
ভৈৰবৰঞ্জন সমে এই ছয় জন।
হৈমাৱতী গুঞ্জজায় কৰয় জনন।
গুণ গোবিন্দৰ দুই ভগিনীৰ নাম।
ভৈল মুক্তাৱতী লীলাৱতী যে সুঠাম॥
হিতেশ্বৰ কটকি বিহাইলে মুকুতাক।
প্ৰসবিলে ৰত্মা স্বৰ্ণ সূৰ্য্য দুহিতাক॥
ব্ৰহ্মকান্ত গোস্বামীৰ ভাৰ্য্যা ৰত্না ভৈল।
দুই পুত্ৰ এক কন্যা ৰত্না প্ৰসবাইল।
টুঙ্কেশ্বৰ কটকিৰ তনয় ৰজনি।
বিবাহে স্বৰ্ণক পুত্ৰ কন্যাৰ জননী॥
গোবিন্দ কটকি বিবাহিলে সূৰ্য্য দেবী।
দুই পুত্ৰ এক কন্যা আছয় প্ৰসবি॥

[ ৮৩ ]

লক্ষ্মীনাথ বৰুৱা বসতি দেবগ্ৰাম।
বিবাহিলা লীলাবতী পূৰ্ণ মনস্কাম॥
পুত্ৰ এক নাম তাৰ দুৰ্গানাৰায়ণ।
চাৰি কন্যা হেমদা কনকা যে কাঞ্চন॥
ভৈলন্ত সুবৰ্ণলতা কনিষ্ঠা তনয়া।
যোগেশ্বৰ ফুকনে হেমদা বিবাহিয়া।
তিনি পুত্ৰ এক কন্যা হেমদা ধৰয়।
দীন বৰবটকি কনকা পৰিণয়॥
দুই পুত্ৰ দুই কন্যা সতী গৰ্ভে ধৰি।
আছয় সুখত স্বামী পদ সেৱা কৰি॥
শিৱনাথ ভট্টাচাৰ্য্য স্বিলঙে বঞ্চয়।
বিবাহে কাঞ্চন এক তনয় আছয়॥
মুকুন্দ নামত যিটো জখলা বন্ধাৰ।
বিবাহে সুবৰ্ণলতা ভৈল সুতা ভাৰ॥



হলিৰাম বৰুৱাৰ সুত ভবনাথ।
বৈদ্যবিদ্যা জ্ঞাত বৰতামুলী প্ৰখ্যাত॥
মাজুদৌল বৰুৱা যে লক্ষ্মীনাথ নাম।
বিবাহে দুহিতা তাৰ গুণে অনুপান॥
তিনি পুত্ৰ দুই কন্যা গৰ্ভত তাহাৰ।
কিনাৰাম বিদ্যানন্দ নাৰায়ণ আৰ॥

[ ৮৪ ]

সৰ্ব্বানন্দ ভৈল জানা কনিষ্ঠ তনয়।
তনয়া মোহিনী সোণপাহী বুলি কয়॥
নিঃসন্তানে কিনাৰাম প্ৰাণক ছাবিলা।
বিদ্যানন্দে উমাকান্তি কন্য়া বিবাহিলা॥
ৰাজগুরু ব্ৰজনাথ ফুকনৰ সুতা।
সিটো উমাকান্তি বিদ্য়ানন্দৰ বনিতা॥
চাৰি কন্যা পুত্ৰ দুই বিদ্যাজায়া ধৰে।
ঈশ্বৰ ইচ্ছায় বিদ্যা প্ৰাণ পৰিহৰে॥
তনু বৰপূজাৰিৰ পুত্ৰ সোমেশ্বৰ।
তাৰ জ্যেষ্ঠ তনয় নামত দেবেশ্বৰ॥
বিদ্যানন্দ কন্য়া প্ৰেমদাক বিৰাহিল।
উমা পদ্ম পুত্ৰ ৰাখি সতী প্ৰাণ গল॥
প্ৰমোদ নামত বৰ ঠাকুৰ বোলয়।
ধৰ্ম্মেশ্বৰী মধ্যমাক সিটো বিবাহয়॥
দুই পুত্ৰ ছয় কন্যা ধৰ্ম্মেশ্বৰী ধৰে।
বসন্তকুমাৰ আৰু আনন্দকুমাৰে॥
সুখদা সুন্দৰী আৰু বৰদা সুন্দৰী।
জ্ঞানদা সুন্দৰী আৰু মোক্ষদা সুন্দৰী॥
সৰোজিনী দেবী পৰে বিমলা সুন্দৰী।
এই ছয় কন্য়া গৰ্ভে ধৰে ধৰ্ম্মেশ্বৰী॥
লেঙ্গঠাকুৰৰ গুণনাথ নাম যাৰ।
বিবাহে সুখদা এক পুত্ৰ কন্য়া তাৰ॥

[ ৮৫ ]

দুৰ্গেশ্বৰ ঠাকুৰৰ তনয় উপেন্দ্ৰে।
পৰিনিলে বৰদাক পৰম আনন্দে॥
কামেশ্বৰ সভাপতি সুত এক।
ভবানীক পৰিনিলে নামত কনক।
দুই পুত্ৰ কন্যা এক ভবানীৰ ভৈল।
জৈষ্ঠ তনয়ৰ নাম ৰজনি যে থৈল॥
বিদ্যানন্দ শেষ কন্যা বিচিত্ৰী বোলয়।
গৌৰিপ্ৰসাদ মহন্তে তাহাক পৰিণয়॥
চাৰি পুত্ৰ এক কন্যা বিচিত্ৰীৰ ভৈল।
যোগেন্দ্ৰ ৰবীন্দ্ৰ ৰাজেন্দ্ৰ নাম থৈল॥
নগেন্দ্ৰ নামত ভৈল কনিষ্ঠ তনয়।
গিৰিবালা নাম এক তনয়া আছয়॥
দৈচুঙা মিত্ৰধৰ অধ্যাপক খ্যাত।
পণ্ডিত প্ৰবৰ ধৰ্ম্মশীল সুবিখ্যাত॥
সুতা গিৰিজাক নাৰায়ণে বিবাহয়।
পুত্ৰ এক ৰাখি সতী প্ৰাণক ত্যজয়॥
নাম চন্দ্ৰকমল বুলিয়া তাক কয়।
প্ৰথম বিবাহ তাৰ দিওঁ পৰিচয়।
প্ৰধান ঠাকুৰ খেতকেশ্বৰ বোলয়।
দেবগ্ৰামে তাৰ সুতা চন্দ্ৰে বিবাহয়॥
টঙ্কেশ্বৰী নাম সিটে খেতক সুভাষ।
পুত্ৰ এক ৰাখি প্ৰাণ কৈলা পৰিহাৰ॥

[ ৮৬ ]

নাম চন্দ্ৰমোহন থৈলন্ত বালকৰ।
দ্বিতীয় বিবাহ কহোঁ চন্দ্ৰকমলৰ॥
গঙ্গাধৰ বৰকটকিৰ সুতা এক।
বিবাহিলে প্ৰভবাইলে দুই দুহিতাক॥
চন্দ্ৰকমলৰ পিতৃ নাম নাৰায়ণ।
স্বাধীন ব্যবসাধাৰী চৰিত্ৰ শোভন॥
প্ৰথমৰ ভাৰ্য্যা তাৰ মৰণৰ অন্তে।
ঘনশ্যাম চক্ৰবৰ্ত্তী সুতা বিহাইলন্ত॥
জীৱদা নামত সিটো কন্যা শুভনয়া।
নাৰায়ণ ঘৰিণী কহিলোঁ বিস্তাৰিয়া॥
তিনি পুত্ৰ তিনি কন্যা সতী প্ৰসবায়।
আনন্দ প্ৰথম যোগেশ্বৰ মধ্য হয়॥
কনিষ্ঠ তনয় নাম থৈলন্ত গোলোক।
তিনি কন্যা নাম মই কহিবো প্ৰত্যেক॥
দময়ন্তী বিদ্যাধৰী আৰু মহেশ্বৰী।
সিসবৰ বিবাহক কহিবোঁ বিবৰি॥
দৈচুঙা যোগধৰ পণ্ডিত প্ৰবৰ।
তাহাৰ তনয় নাম ভৈল চন্দ্ৰধৰ॥
বিবাহিলা দময়ন্তী দুই পুত্ৰ ভৈল।
ৰত্নেশ্বৰ কুশধৰ বুলি নাম থৈল॥
আৰু দুই কন্যা দময়ন্তী গৰ্ভে ধৰে।
আইকণ সুভদ্ৰা বুলিয়া নাম কৰে॥

[ ৮৭ ]

ডাঙৰীয়া কীৰ্ত্তিনাথ ফুকন তনয়।
কৃপানাথ ফুকন নামত শুদ্ধাশয়॥
ৰাধানাথ ফুকন যে তাহাৰ নন্দন।
এম-এ বি-এল উপাধিক কৰিছা ধাৰণা॥
একষ্ট্ৰা এচিষ্টেণ্ট কমিশ্যনৰ হোৱয়।
বিদ্যাধৰী কন্যা সিটো বিবাহ কৰয়॥
এক সুতা নিৰ্ম্মলাসুন্দৰী প্ৰসবিলা।
নলিনীকুমাৰ পুত্ৰ গৰ্ভত ধৰিলা॥
নন্দীকান্ত আচাৰ্যাৰ সুত চন্দ্ৰধৰ।
মহেশ্বৰী বিবাহিলা হৰিষ অন্তৰ॥
কন্যা এক প্ৰসবিয়া দেবী মহেশ্বৰী।
স্বামী সুতা সমে আছে পতি সেৱা কৰি॥
দৈচুঙীয়া শ্ৰীধৰ মহৰিৰ সুতা।
নাৰায়ণ সুত আনন্দৰ বিবাহিতা॥
মোহিনী নামত নাৰায়ণৰ ভগিনী।
বিশ্বশ্বৰ খাওন্দৰ ভৈলেক ঘৰিণী॥
প্ৰথম তনয় তাৰ জগন্নাথ নাম৷
দ্বিতীয় ভুবনেশ্বৰ কৰিবো ব্যাখ্যান॥
দুহিতা নৰ্ম্মদা আৰু মাণিকী বোলয়৷
নৰ ৰাজগুৰু ঘৰে নৰ্ম্মদা পৰয়॥
এক পুত্ৰ কন্যা এক প্ৰভৰাইলা সতী৷
কালৰূপে স্বামী লাগে মৰি সাথে গতি॥

[ ৮৮ ]

মাণিকীক কণা দুৰ্গা ঘৰে বিহা দিলা।
প্ৰসবি সন্তান তিনি প্ৰাণ পৰিহিলা
দৈচুঙা মোক্ষধৰ বৰুৱা তনয়া।
জগন্নাথে ৰঙ্গমনে আছে পৰিনিয়া॥
দুইপুত্ৰ তিনি কন্য গৰ্ভে ধৰি সতী।
পতি পুত্ৰ কন্যা সমে থাকে হৃষ্টমতি॥
ৰত্নেশ্বৰ মৌজাদাৰ ভ্ৰাতৃ যজ্ঞেশ্বৰ।
তাৰ সুতা বিবাহিলা ভুবনেশ্বৰ॥
ভুবন বনিতা দুই সন্তান প্ৰসবে।
এক পুত্ৰ এক কন্যা গৰ্ভত প্ৰভবে॥
শিৱ বেজবৰুৱাৰ পুত্ৰ কাশীনাথ।
বিবাহ কৰিলে সোণপাহীক সাক্ষাত॥
দুই পুত্ৰ এক কন্যা গৰ্ভত ধৰিলা।
প্ৰথম মহেন্দ্ৰনাথ নাম খ্যাত ভৈলা॥
দ্বিতীয় মথুৰানাথ অনুজা কামদা।
মহেন্দ্ৰৰ এক পুত্ৰ এক কন্যা তদা॥
মথুৰাৰ বিবাহ সম্বন্ধ নাই ঘটা।
কামদাৰ দুই সুত আৰু দুই সুতা॥
মাণিক শ্ৰীজয়কৃষ্ণ দুগুটি তনয়।
বিমলা অপৰ এক দুহিতা আছয়॥

[ ৮৯ ]

অঙ্গদ আত্মজ মনুৰাম মতিমান।
মনু সুত চন্দৰ ফুকন গুণবান॥
আৰু তিনি পুত্ৰ মনুৰামৰ ভৈলন্ত।
হেমকণ্ঠ বেথাৰাম ৰঙাই থৈলন্ত॥
হেমকণ্ঠ সুত নাম কম্বুকণ্ঠ ভৈল।
হিতেশ্বৰ কটকিৰ ভগিনী বিহাইল॥
স্মৃতিকণ্ঠ নামে ভৈল প্ৰথম তনয়।
দ্বিতীয় তনয় নাম নবীন বোলয়॥
নিঃসন্তান দুইজন প্ৰায় নিৰুদ্দেশ।
চন্দৰফুকন বংশ কৰিবো নিৰ্দ্দেশ॥
চন্দৰ তনয় নাম ভৈল বেণুধৰ।
শম্ভুনাথ সুতা মধুমিশ্ৰ গোস্বামীৰ॥
বিবাহি প্ৰভবে তিনি পুত্ৰ কন্যা এক।
প্ৰথম খটকেশ্বৰ কহিবো প্ৰত্যেক॥
কমল যোগীন নামে ভৈল অনন্তৰ।
দেৱযানী নামত তনয়া মনোহৰ॥
মাজুলীৰ সোমেশ্বৰ ঠাকুৰ তনয়া।
খেটকে বিহাইলে তিনি পুত্ৰ আছে হৈয়া॥
প্ৰথম কেশৱদেৱ নৰদেৱ পৰ।
কনিষ্ঠ তনয় ভৈল নাম বোধেশ্বৰ॥
কমল নামত যিটো বেণুৰ তনয়।
চতাই শৰ্ম্মাৰ কন্যা বিবাহি আছয়॥

[ ৯০ ]

যোগীনৰ বিবাহ সম্বন্ধ নাই ঘটা।
সবিশেষে বিবৰিবোঁ দেৱযানী কথা॥
মাজুলিৰ মোহনচন্দ্ৰ তামুলী তনয়।
নামত কনকচন্দ্ৰ পৰম বিনয়॥
জয়কৃষ্ণ কটকিৰ সুত কানুৰাম।
কনকক পোষ্যপুত্ৰ কৰি সাধে কাম॥
দেৱযানী কন্যা সেই কনকে বিহাইল।
তিনি পুত্ৰ এক কন্যা সতী প্ৰসবিল।
নবীন প্ৰথম হেমকান্তি সুতা পৰ।
মহীকান্ত গনেশ তনয় অনন্তৰ॥
শেষে পুত্ৰ প্ৰসবিয়া দেবী দেবযানী।
ঈশ্বৰ ইচ্ছায় ত্যাগ কৰিলা পৰাণি॥
 

হলিৰাম বৰুৱাৰ ৰূপহী ভগিনী।
পুনিয়া গোস্বামী লোকাই বিবাহিলা জানি॥
তাৰ পুত্ৰ নমোৰাম পৰ্ভী চন্দ্ৰী সুতা॥
দুৱৰীয়া জগন্নাথ পত্নী পৰ্ভী তথা।
পৰ্ভীৰ তনয়া হলিৰাম নাম ভৈল।
মাহৰা গোস্বামী চন্দ্ৰী দেবীক বিহাইলা॥
 

[ ৯১ ]

পিতৃৰ ভগিনী ত্ৰয় দুব্বী বিনাই সতী।
কুন্দাই ভৃতয় পতি পুত্ৰহীনা অতি॥
বিধবা ধৰ্ম্মত পিতৃ সঙ্গত থাকিয়া।
আয়ুসৰ অন্তে গৈলা প্ৰাণক ছাৰিয়া॥
যোগেশ্বৰী জেঠাইৰ দুই কন্যা জাত।
দুৰ্ল্লভী যে লম্বোদৰী নামত প্ৰখ্যাত॥
দেৱনাথ পুত্ৰ হেমকণ্ঠে দুৰ্ল্লভীক।
বিহাই লভিলে সিটো পৰম প্ৰীতিক॥
কন্যা দুই পুত্ৰ এক চুৰ্ল্লভী জন্মাইল।
বৰ কন্যা দুৰ্গেশ্বৰ ঠাকুৰে বিহাইল॥
চাৰি পুত্ৰ এক কন্যা সতী প্ৰসবিল।
নন্দনাথ অপৰ কনকনাথ হয়।
চন্দ্ৰনাথ অনুজ উপন্দ্ৰনাথ কয়॥
ভবানী দুহিতা প্ৰতবাইলা দুৰ্গেশ্বৰ।
উষাধৰ কটকিৰ পুত্ৰ গঙ্গাধৰ॥
বিবাহিলে ভৱানীক পৰম যতনে।
পতী সুত সুতা সমে আছে ৰঙ্গমনে॥
মহেশ্বৰ বৰুৱা পৰম জ্ঞানৱন্ত।
তাৰ পুত্ৰ ইন্দ্ৰেশ্বৰ বৰুৱা সুশান্ত॥
বিবাহিলা দুৰ্ল্লভীৰ কনিষ্ঠা দুহিতা।
আছয় তাহাৰ এক পুত্ৰ তিনি সুতা॥
দুৰ্ল্লভীৰ পুত্ৰ নীলকণ্ঠ নাম তাৰ।

[ ৯২ ]

পুত্ৰ এক ৰাখি প্ৰাণ কৈলে পৰিহাৰ॥
লোকনাথ পুত্ৰ কৃষ্ণনাথে লম্বোদৰী।
বিবাহি প্ৰভৱে এক পুত্ৰ কন্যা চাৰি॥
লোহিতীয়া ঠাকুৰ বৰুৱা অভিধান।
দুৰ্গেশ্বৰে বিবাহিলে কন্যাক প্ৰধান॥
হৰদত্ত ডেৰগঞা বৰুৱা বিশিষ্ট।
লোকদত্ত নাম ভৈল তাহাৰ কনিষ্ঠ॥
কৃষ্ণনাথ মধ্যমা তনয়া সুশোভনা।
বিবাহিয়া প্ৰভৰাইল ক্ৰমে পুত্ৰ কন্যা॥
হৰদত্ত বৰুৱা বিবাহে তৃতীয়াক।
ঘনেশ্বৰ প্ৰধান ঠাকুৰে চতুৰ্থাক॥
যজ্ঞেশ্বৰ প্ৰধান ঠাকুৰ শ্ৰেষ্ঠতৰ।
ডেৰগ্ৰামবাসী তাৰ সুত ঘনেশ্বৰ॥
কৃষ্ণনাথ তনয় কমল যাৰ নাম।
বিবাহিলে দেৱগ্ৰামে কন্য়া অনুপাম॥
পুত্ৰ এক ৰাখি কৃষ্ণনাথৰ তনয়।
অল্প বয়সতে চলি গৈল যমালয়॥
ৰত্নী নামে জেঠাইৰ বিবাহাদি ভৈল।
পতি পুত্ৰ সমে সতী প্ৰাণ পৰিছিল॥


[ ৯৩ ]

পিতৃৰ প্ৰধান মাতুলৰ পুত্ৰ যিটো।
তীৰ্থশ্বৰ নামে প্ৰকাশিত ভৈল সিটো।
নিধিৰাম সুতা তাৰ নাম ৰামেশ্বৰী।
তীৰ্থেশ্বৰে বিবাহিলে পৰম সাদৰি॥
কালে ৰামেশ্বৰী তিনি পুত্ৰ গৰ্ভে ধৰে।
পদ্মনাথ নৰনাথ শম্ভুনাথ পৰে॥
ধনদা মোক্ষদা নামে ভৈল দুই সুতা।
নিৰাময় মৌজাদাৰ ধনদা বনিতা॥
নবীন ওজাৰ পুত্ৰ নাম দীননাথ।
বিবাহিলে মোক্ষদাক বাস নাজিৰাত॥
পদ্মনাথ বিবাহ ঘটিল জাঁজি গ্ৰামে।
পুত্ৰ ভৈল হৰিনাথ ভোলানাথ নামে॥
তিনি কন্যা উপজিয়া পাছে পদ্মনাথ।
আয়ুগৰ অন্তে প্ৰাণ ত্যজিল তথাত॥
নৰনাথো সেই গ্ৰামে বিবাহ কৰিল।
কন্যা এক ৰাখি সিটো প্ৰাণ তিয়াগিল।
শম্ভুনাথ নাম যিটো তীৰ্থেশ্বৰ সুত।
অবিবাহে কালক্ষেপি ফুৰে হৰ্ষযুত॥
এহিমানে ইটো কথা কৰি সমাপন।
ৰাম ৰাম বোলা শুদ্ধ হোক প্ৰাণ মন॥

[ ৯৪ ]

জগন্নাথ সুত  সৰ্ব্বগুণ যুত
 নাম বিষ্ণু শ্ৰেষ্ঠতম।
তাৰ তিনি সুত  হৰিৰাম জোষ্ঠ
 নৰহৰি যে মধ্যম॥
কনিষ্ঠ তনয়  ৰামহৰি কয়
 পুত্ৰ তাৰ টুনিৰাম।
দুহিতা দুতৰ  ভদ্ৰী নাম হয়
 জেউতী কনিষ্ঠা নাম॥
দিগম্বৰ দুৰ্গা  বিবাহিলা ভদ্ৰা
 কনিষ্ঠাক আত্মাৰাম।
টুনিৰ অপৰ  নাম টঙ্কেশ্বৰ
 কেৰা ডেকা লোকে বোলে।
তিনি পুত্ৰ তাৰ  পঞ্চ কন্যা আৰ
 তাৰ পত্নী প্ৰসবিলে॥
জোষ্ঠ দুৰ্গেশ্বৰ  ৰেটনাথ পৰ
 জয়কৃষ্ণ অনন্তৰ।
দুৰ্গেশ্বৰ পুত্ৰ  জগন্নাথ তত্ৰ
 তাৰিণী দুহিতা বৰ॥
আৰ চাৰিজন  আছয় সন্তান
 বালক অৱস্থা আছে।
ভূধৰ উকিল  পুত্ৰে বিবাহিলে
 তাৰিণী কন্যাক পাছে॥

[ ৯৫ ]

দ্বিতীয় তনয় ৰেটনাথ কয়
 সন্তান এক তাহাৰ।
তৃতীয় তনয়  জয়কৃষ্ণ হয়
 দুগুটি সন্তান তাৰ॥
টুনিৰ জীয়ৰী  নাম পুৰন্দৰী
 কটকি ঘৰলৈ পৰে।
দুগুটি তনয়  অতি শোভনয়
 পুৰন্দৰী গৰ্ভে ধৰে॥
ঈশান ওজাৰ পুত্ৰ নাম তাৰ
 কুমুদ ঈশ্বৰ খ্যাত।
দ্বিতীয়া গোলাপী  বিবাহে অদ্যাপি
 পুত্ৰেক আছে সাক্ষাত॥
কনকী তৃতীয়া  ঠাকুৰে পৰিয়া
 মাটিগাৰু ঘৰ কথা।
চতুৰ্থ দুহিতা  ভৈল বিবাহিতা
 মহীধৰ সুতে তথা॥
আঠু যে পৰাৰ  জনাৰ্দ্দন সাৰ
 সুভ ভদ্ৰ শৰ্ম্মা নাম।
বিবাহিতা তথা  টুনিৰ দুহিতা
 সুচৰিতা অনুপাম॥
সন্তান প্ৰশবি  স্বামী পদ সেবি
 দিন বঞ্চে অনুক্ৰমে।

[ ৯৬ ]

ইকথা সম্বৰি  কহিবোঁ বিষাৰি
 শেষ কথা ক্ৰমে ক্ৰমে॥
 

জগন্নাথ বৰুৱা পৰম গুণৱন্ত।
বৈদ্যশ্ৰেষ্ঠ ধৰ্ম্মশীল পুৰুষ শ্ৰীমন্ত॥
বৰঘৈণী সৰুঘৈণী দুই পত্নী ভৈল।
বৰঘৈণী তিনি পুত্ৰ ক্ৰমে প্ৰসবিল॥
হৰিনাথ জ্যেষ্ঠ ভৈল মধ্যম শ্ৰীকান্ত।
কনিষ্ঠ কমলাকান্ত পৰম সুশান্ত॥
কমলাকান্তৰ নব পুত্ৰ কন্যা একা।
লক্ষ্মী যজ্ঞো শ্ৰীকান্ত গঙ্গাই খোৰা ডেকা॥
পৰে হৰি বলাই শ্ৰীৰাম দেৱৰাম।
ধৰ্ম্মকান্ত কনিষ্ঠ তনয় অনুপাম॥
গঙ্গাই বৰুৱা যিটো তৃতীয় তনয়।
বৈদ্যবিদ্যা বিশাৰদ সাধু শুদ্ধাশয়॥
মহাৰাজা লক্ষ্মীসিংহ নৃপ শিৰোমণি।
ৰৰ ভাণ্ডাৰ বৰুৱা পাতিলা তাক আনি।
কাকতীয়া ভগীৰথ বৰুৱা তনয়া।
চন্দ্ৰায়ণী সতী গঙ্গাই বৰুৱাৰ জায়া॥
পঞ্চপুত্ৰ কন্যা এক সতী প্ৰসবিলা।
মধুৰাম তুৱাৰাম দেবৰাম ভৈলা।

[ ৯৭ ]

দধিৰাম বাপুৰাম অভিনামা কন্যা।
গৰ্ভত ধৰিলা চন্দ্ৰায়ণী মহাধন্যা॥
ৰুদ্ৰেশ্বৰ প্ৰধান ঠাকুৰ দেৱগ্ৰামে।
অভিদেবী বিবাহ কৰিলা অনুক্ৰমে॥
মধুৰাম বৰুৱা পৰম সাধু শিষ্ট।
বৈদ্যবিদ্যা বিশাৰদ গুণত গৰীষ্ঠ॥
তনয় ভৈলেক তাৰ নাম মুক্তাৰাম।
আয়ুৰ্ব্বেদ শাস্ত্ৰে যাৰ জ্ঞান অনুপাম॥
ঢাপকটা মহন্ত তনয়া বিবাহিল।
পৰম সুন্দৰ তিনি পুত্ৰ প্ৰসবিল॥
জ্যেষ্ঠ হেমচন্দ্ৰ ভৈল বিদ্যাত উজ্জ্বল।
জ্ঞানৱন্ত শুদ্ধচিত্ত কাৰ্য্যত কুশল॥
হেমকোষ নামে অসমীয়া অভিধান।
ৰচিয়া দৰ্শয়া শ্ৰেষ্ঠ জ্ঞান মতিমান॥
মধ্যম তুলসীৰাম পণ্ডিত সুনয়।
ভৈলন্ত কমলচন্দ্ৰ কনিষ্ঠ তনয়॥
হেমচন্দ্ৰ পত্নী ধৰে গৰ্ভে কন্যা এক।
জাঁজি গ্ৰামে নিৰাময়ে বিবাহে তাহাক॥
পত্নীমৃতে হেমচন্দ্ৰে বিবাহ নকৰি।
গুৱাহাটী নগৰত ৰৈলা কাৰ্য্য কৰি।
অসমীয়া সাহিত্যৰ উন্নতি কৰিয়া।
কালে ছাৰিলন্ত প্ৰাণ পেঞ্চন ভুগিয়া॥

[ ৯৮ ]

ৰসেন্দ্ৰ ঘৰৰ কন্যা তুলসী বিহাইল।
সন্তান নৰৈল দেবী প্ৰাণ পৰিহিল॥
মুকলিমূৰীয়া ভট্টাচাৰ্য্যৰ তনয়া।
দ্বিতীয়ত পৰিণয় তুলসী কৰিয়া॥
তিনি পুত্ৰ দুই কন্যা সন্তী গৰ্ভে ধৰে।
আনন্দ বসন্ত সীতাৰাম অনন্তৰে॥
জ্যেষ্ঠা কন্যা বিবাহিলে জীবেশ্বৰ সুত।
নামত গোলাপ তাৰ কৰিলোঁ উকুত॥
লক্ষ্মীনাথ সুত খেটকেশ্বৰ বোলয়।
দ্বিতীয়াক পৰিণয় কৰিয়া আছয়।
গঙ্গাধৰ উকিলৰ সুত মীনধৰ।
তাৰ সুতা আনন্দে বিহালে অনন্তৰ॥
কন্যা এক পুত্ৰ এক আনন্দে লভিলা।
পশুৰাম তনয়াক বসন্তে বিহাইলা॥
সীতাৰাম বিবাহ সম্বন্ধ নাই ঘটা।
বিবৰিবোঁ কমলচন্দ্ৰৰ বংশ কথা॥
দুই পুত্ৰ দুই কন্যা ভৈল কমলৰ।
দুলাল গোপাল নাম ভৈল তনয়ৰ।
কণ যে আইনা নামে ভৈল কন্যাদ্বয়।
দীনধৰাত্মজ দুৰ্গা কণ পৰিণয়॥
দুই সুত দুই সুতা কন উপজাইলা
আইনাক শিৱনাথ গোসাই পৰিনিলা॥

[ ৯৯ ]

দুই কন্যা পুত্ৰ এক আইনা গৰ্ভে ধৰে।
দুলাল গোপান কথা কহে অনন্তৰে॥
মনুৰাম বৰুৱাৰ সুতা যিটো হয়।
দুলালে পৰম প্ৰীতি বিবাহি আছয়॥
গোবিন্দ নামত পুত্ৰ কন্যা আইকণ।
গোপালৰ বিবাহৰ নাই সঙ্ঘটন॥
 

গঙ্গাই বৰুৱাত্মজ তুৱাৰাম নাম।
দেৱৰাম নামত তৃতীয় অনুপাম॥
ইসবৰ একো নাই বংশ নিৰুপণ।
দধিৰাম বৰুৱাৰ কৰোহোঁ বৰ্ণন॥
দধিৰাম ভেৰগঞাঁ বৰুৱা প্ৰখ্যাত।
মহাই ফুকন সুতা বিবাহি সাক্ষাত॥
দুই পুত্ৰ কন্যা এক সতী গৰ্ভে ধৰে।
কহোঁ বিবৰিয়া সিটো কথা অনন্তৰে॥
কেশৱ মহন্তে বিবাহিলে সেই সুতা।
তাৰ সুতা ৰসেন্দ্ৰ ঘৰত বিবাহিতা॥
জ্যেষ্ঠ পুত্ৰ ভৈল যিটো পৰম শ্ৰীমন্ত।
শাস্ত্ৰত নিপুণ গুণগণে খ্যাতিমন্ত॥
লক্ষ্মীনাথ নাম গজপুৰীয়া বৰুৱা।
একষ্ট্ৰা এচিষ্টেণ্ট ভৈল সম্ভ্ৰম লভিয়া॥

[ ১০০ ]

মধুবৰা ভতিজা গোপীৰ সহোদৰা।
ভৈল বৰুৱাৰ ভ্যাৰ্য্য কাৰ্য্যত তৎপৰা॥
পুত্ৰ তিনি কন্যা দুই গৰ্ভত ধৰিলা।
পদ্মনাথ পীতাম্বৰ যজ্ঞেশ্বৰ ভৈলা॥
অবিবাহে পদ্মনাথ ছাৰিলা জীৱন।
পীতাম্বৰ সুতা এক ভৈলেক শোভন॥
ৰতনপুৰীয়া যোগানন্দ যে মহন্ত।
পীতাম্বৰ সুতাক যে বিহা কৰিলন্ত॥
যজ্ঞেশ্বৰে অবিবাহে প্ৰাণ পৰিহৰি।
বৰুৱাৰ বংশাৱলী থৈলা সাঙ্গ কৰি॥
লক্ষ্মীনাথ বৰুৱাৰ ভ্ৰাতৃ চন্দ্ৰকান্ত।
শাস্ত্ৰত পণ্ডিত কাৰ্য্যক্ষম বুদ্ধিমন্ত॥
পুৰণি মাটিৰ কন্যা বিবাহ কৰিলা।
এক পুত্ৰ এক কন্যা সতী প্ৰবসিলা॥
পদ্মকান্ত নামত তনয় সুবিনয়।
মৌজাদাৰ হৈয়া দেৱগ্ৰামত আছয়॥
মুকলিমুৰীয়া পূৰ্ণচন্দ্ৰ গোস্বামীৰ।
দুহিতাক বিবাহিলে পদ্মকান্ত ধীৰ॥
ছয় পুত্ৰ পদ্মকন্ত জায়া গৰ্ভে ধৰে।
যোগকান্ত ৰূদ্ৰকান্ত তুলসী তৎপৰে॥
খগকান্ত পৰে ৰামগোপাল বিজয়।
এই ছয় পুত্ৰ সতী ক্ৰমে প্ৰসৰয়॥

[ ১০১ ]

ৰামেশ্বৰ কলিচেঙ বৰুৱা তনয়।
দেবেশ্বৰ বৰুৱা পৰম সুবিনয়॥
সুতা হেমদাক যোগকান্ত পৰিনিলা।
নিঃসন্তানে যোগকান্ত প্ৰাণ পৰিহিলা॥
উৰ্ব্বীধৰ বৰুৱা আত্মজ শশিধৰ।
তাৰ সুতা ৰুদ্ৰকান্তে বিবাহে অপৰ॥
দুই পুত্ৰ এক কন্যা সতী প্ৰসবিলা।
ৰামপ্ৰসাদ বিষ্ণুপ্ৰসাদ মাইচেনী ভৈল॥
ঢাপ কটা—সৰু সত্ৰ গোসাঁই তনয়া।
বিবাহে তুলসীকান্ত পুত্ৰ আছে হৈয়া॥
মুকলিমূৰীয়া কালীবল্লভ গোসাঁই।
তাৰ সুতা খগকান্তে বিবাহে তথায়॥
শেষ দুই পুত্ৰৰ বিবাহ নাই ঘটা।
সমাপিলো এবে চন্দ্ৰকান্ত বংশ কথা॥
গঙ্গাই বৰুৱাত্মজ বাপুৰাম সুত।
জনাৰ্দ্দন বৰুৱা শ্ৰীমন্ত গুণযুত॥
ৰাৱণ ঘৰৰ কন্যা বিবাহে শোভন।
তিন পুত্ৰ চাৰি কন্যা ভৈল উতপন॥
সোমেশ্বৰ জ্যেষ্ঠ পৰে মহেশ্বৰ ভৈল।
কনিষ্ঠ পুত্ৰৰ নাম চন্দ্ৰনাথ থৈল॥
উৰ্ব্বীধৰ বৰুৱাৰ পুত্ৰ ৰঘুনাথ।
বিবাহিল জ্যেষ্ঠা কন্যা জানিবা সাক্ষাত॥

[ ১০২ ]

বৈদ্যনাথ পদ্মনাথ দুই পুত্ৰ আছে।
কনিষ্ঠা কন্যাক নিত্যানন্দে বিবাহিছে
শম্ভুনাথ মধুমিশ্ৰ তনয় সিজন।
পুত্ৰ কন্যা ৰাখি প্ৰাণ কৈলা বিসৰ্জ্জন।
জাজিগ্ৰামে শিৰোমণি ঘৰত দ্বিতীয়া।
ৰাজগুৰু চিকৌ এক আছে বিবাহিয়া॥
*  *  *  *

গৌৰাঙ্গ গোসাইৰ কন্যা শান্ত সুচৰিতা।
সোমেশ্বৰ বৰুৱাৰ ভৈল বিবাহিতা॥
পুত্ৰ এক কন্যা এক সতী প্ৰবসিলা।
কালবশে পতি আগে প্ৰাণ বিসৰ্জ্জিলা॥
জাজিৰ অনন্ত শৰ্ম্মা উকিল তনয়।
খগেশ্বৰ নাম তাৰ অদ্যাপি আছয়॥
তাৰ সুতা সমে কুলদাৰ পৰিণয়।
কালবশে অকালতে প্ৰাণ পৰিছয়॥
ৰঙদৈৰ আধাৰ মহন্ত বুলি খ্যাত।
সোমেশ্বৰ সুতা বিবাহিতা যে তথাত॥
উৰ্ব্বীধৰ বৰুৱাৰ সুতা শোভনয়া।
মহেশ্বৰে বিবাহ কৰিলে হৃষ্ট হৈয়া॥
তিনি পুত্ৰ দুই কন্যা সতী গৰ্ভে ধৰে।
জ্যেষ্ঠ ফণী পৰে নন্দ কন্যা অনন্তৰে॥

[ ১০৩ ]

জঁজি গ্ৰামে ছায়ানাথ তনয়া শোভনা।
ফণী বিবাহিলা পুত্ৰ ভৈল এক কন্যা॥
ফণীৰ ভগিনী দুই ক্ৰমে বিবাহিতা।
জ্যেষ্ঠা লোকনাথ পুত্ৰ সমে পৰিনীতা॥
কনিষ্ঠাক ৰত্নেশ্বৰ পুত্ৰে বিবাহিল।
সন্তান সন্ততি ক্ৰমে বংশ বিস্তাৰিল॥
মহেশ্বৰ ৰসেন্দ্ৰ বৰুৱা নাম খ্যাত।
তনয় কমলেশ্বৰ ভৈলন্ত প্ৰখ্যাত॥
তাৰ সুতা চন্দ্ৰনাথে ৰঙে পৰিনিলা।
এক পুত্ৰ (বংশী) তিনি কন্যা প্ৰসবিল॥
ঈশ্বৰ ইচ্ছায়ে চন্দ্ৰ পৰলোক গৈল।
কলাবাৰী মৌজাদাৰ জ্যেষ্ঠা পৰিনিল॥
দ্বিতীয়াক জাঁজি গ্ৰামে দিলন্ত বিবাহ।
সমাপিলোঁ জনাৰ্দ্দন বংশৰ প্ৰবাহ॥

⸻⸺

পিতৃ প্ৰপিতামহ  ৰামদেৱ
 তাঁৰ সুত কৃষ্ণৰাম।
পৰম সুখীৰ  পণ্ডিত প্ৰবীৰ
 গুণগণে অনুপাম॥
পুত্ৰ তাৰ চাৰি  কহিবো বিবৰি
 গোবিন্দ আৰু গোপাল।

[ ১০৪ ]

গৌৰীনাথ নাম  পৰে পৰ্শুৰাম
 ধাৰ্ম্মিক জ্ঞানী বিশাল॥
পৰ্শুৰাম সুত  সৰ্ব্বগুণযুত।
 জোষ্ঠ ভৈল বিকাৰাম॥
হলিৰাম আৰ  প্ৰাননাথ সাৰ
 কৈলোঁ তিনি সুত নাম॥
বিকা সুত বৰ  কমল ঈশ্বৰ।
 পৰে নাৰায়ণ ভৈল।
হলিৰাম পুত্ৰ  ভৈল এক তত্ৰ।
 ঘনশ্যাম নাম থৈল॥
প্ৰাণনাথ শিষ্ট  বৰুৱা বলীষ্ঠ।
 সুস্থ দেহী ধৰ্ম্মশীল।
বৈদ্য বিদ্যা বিদ্‌  সৰ্ব্বত্ৰ প্ৰসিদ্ধ।
 জ্ঞানী মানী শান্তশীল॥
এনাই ঘৰীয়া বৰুৱা হুইয়া।
 ৰাজমান্য লভিলন্ত॥
তাৰ বংশ তত্ত্ব  কহিবোঁ সমস্ত।
 এবে মই আদ্যোপান্ত॥
বৰগুৰি নাম মহন্ত সুঠাম।
 তাৰ কন্যা চন্দ্ৰী নামা॥
বিবাহে সাক্ষাত   শিষ্ট প্ৰাণনাথ।
 প্ৰথমৰ এই ৰামা॥

[ ১০৫ ]

ছাগলি কটীয়া  মহন্ত বুলিয়া।
 দুৰ্গী নামে তাৰ সুতা।
দ্বিতীয় বৰুৱা  থৈলা পৰিনিয়া।
 পুত্ৰ তিনি দুই সুতা॥
 

তিন পুত্ৰ চাৰি কন্যা চৰ্ন্দ্ৰী গৰ্ভে ধৰে।
চন্দ্ৰনাথ লক্ষ্মীনাথ কাশীনাথ পৰে॥
প্ৰথম শেষৰ কন্যা প্ৰাণক ছাৰিল।
দ্বিতীয়াক নাৰায়ণে বিবাহ কৰিল॥
জাঁজি গ্ৰামে থাকে বৰ তামুলী সিজন।
তৃতীয়া কন্যাৰ কথা কৰোঁহোঁ বৰ্ণন॥
ৰতনপুৰীয়া মহাজন তিতাবৰে।
তৃতীয়াত বিবাহিলে হৰিষ অন্তৰে॥
হেমধৰ বৰুৱাৰ তনয়া (নৰ্ম্মদা) শোভনা।
চন্দ্ৰনাথে বিবাহিল অতি হৃষ্টমনা॥
দুই পুত্ৰ তিনি কন্যা সতী গৰ্ভে ধৰি
স্বামী বিদ্যমানে গৈল প্ৰাণ পৰিহৰি॥
আহতগুৰীয়া গোস্বামীৰ সুতা এক।
বিবাহিলে চন্দ্ৰনাথে (পুনৰায়) জানিবা প্ৰত্যেক॥
নিঃসন্তানে সতী স্বামী বিহীনা ভৈলন্ত।
অনাথা পিতৃৰ ঘৰে আশ্ৰয় লৈলন্ত॥

[ ১০৬ ]

পূৰ্ব্ব স্ত্ৰীৰ (পুত্ৰ) কীৰ্ত্তিনাথ গোপাল অপৰ।
কনিষ্ঠ তনয় নাম যতীন্দ্ৰ প্ৰচাৰ॥
প্ৰথমা কন্যাৰ নাম গঙ্গী যে কহয়।
তাকুৰী কনিষ্ঠা মাজু মধ্যমা বোলয়॥
প্ৰেশনাথে নবগ্ৰামে গঙ্গী বিবাহিলে।
মাজুক কুমুদেশ্বৰে ৰঙ্গে পৰিনিলে॥
অধ্যাপক হেড়ম্ব ঈশ্বৰ মতিমান।
পৰম পণ্ডিত বুদ্ধিমন্ত ধনবান॥
ইদানীক গোস্বামী আখ্যায় অভিহিত।
কলা অধ্যাপক ঘৰ বুলি পূৰ্ব্বে ব্যক্ত॥
ৰাজগুৰু ফুকন তনৰ সোমনাথ।
তাকুৰীক পৰিণয় কৰিল সাক্ষাত॥
পুত্ৰেকে ৰাখিয়া সতী প্ৰাণ পৰিহৰে।
কীৰ্ত্তিনাথ যতীন্দ্ৰৰ কথা অনন্তৰে॥
কলা অধ্যাপকাত্মজ হেড়ম্ব অগ্ৰজ।
নামত কনকেশ্বৰ গোস্বামী নিৰুজ।
তাহাৰ তনয়া কীৰ্ত্তিনাথে বিবাহিলা।
এক পুত্ৰ তিনি কন্যা গৰ্ভত ধৰিলা॥
খগেন্দ্ৰ তনয় কন্যা দুৰ্গেশ্বৰী বৰ।
কুমুদ ঈশ্বৰী হেমপ্ৰভা অনন্তৰ।
যজ্ঞেশ্বৰ শৰ্ম্মা শিষ্ট ধাৰ্ম্মিক প্ৰবীৰ।
তাৰ সুত দুৰ্গেশ্বৰ পৰম সুধীৰ॥

[ ১০৭ ]

দুৰ্গেশ্বৰ সুতা নাম ভবানী সুন্দৰী।
তাৰ সুতা যতীন্দ্ৰে বিবাহে ৰঙ্গ কৰি॥
বিদ্যা অৰ্থে বঙ্গদেশে যতীন্দ্ৰ চলিল।
তদবধি বিধিবশে নিৰুদ্দেশ ভৈল॥
শিৱসাগৰৰ খেটকেশ্বৰ পণ্ডিত।
তাৰ কন্যা লক্ষ্মীনাথে বিবাহে তহিত॥
চাৰি পুত্ৰ তিনি কন্যা সতী প্ৰসবিল।
নীলনাথ বুদ্ধিশ্বৰ প্ৰেমনাথ ভৈল॥
কালীনাথ নাম ভৈল চতুৰ্থ নন্দন।
জ্যেষ্ঠ কনিষ্ঠই প্ৰাণ কৈলা বিসৰ্জ্জন॥
মুক্তিনাথ কন্যা নীল কৈলা পৰিণয়
সন্তান নতৈল নীল প্ৰাণ পৰিহয়॥
বদ্ধিশ্বৰে জাঁজিগ্ৰামে বিবাহ কৰয়।
কন্যা দুই সিটোজনে লভিয়া আছয়॥
উমাকান্তি অপৰ যোগদা নাম থৈলা।
প্ৰেমনাথে ইন্দ্ৰেশ্বৰ সুতা বিবাহিলা॥
প্ৰেমনাথ পত্নী লভে তনয় শোভন।
ভোলানাথ নাম থৈলা কৰিয়া গণন॥
শুনা নাম লক্ষ্মীনাথ দুহিতা যে তিনি।
গোলাপী অপৰা লীলাবতী যে তাৰিণী॥
নাম খগেশ্বৰ বৰঠাকুৰ বোলয়।
গোলাপীক সিটো জনে বিবাহি আছয়॥

[ ১০৮ ]

ভট্টাচাৰ্য্য গোলাপ নামত সুবিনয়।
লীলাৱতী দেবী সিটো কৈলা পৰিণয়॥
ৰত্নধৰ খাওন্দ বসতি নবগ্ৰাম।
বিবাহি তাৰিণী আয়ু কৈল উপশাম॥
দেবী শৰ্ম্মা ঠাকুৰ মণ্ডল বুলি খ্যাত।
তাৰ কন্যা ভুবনী বিবাহে কাশীনাথ॥
পত্নীৰ মৰণে কাশী তনয়াক আনি।
জ্যেষ্ঠ লক্ষ্মীনাথে সমৰ্পিল শুভ জানি॥
কাশীনাথ সুতা নাম অন্নদা বোলয়।
গুৱাহাটী প্ৰদেশত ঘটে পৰিণয়॥
গোলাঘাটে কাশীনাথে প্ৰাণক ছাৰিল।
বৰুৱাৰ জেষ্ঠা পত্নী কথা শেষ ভৈল॥
প্ৰাণনাথ বৰুৱাৰ দ্বিতীয়া ৰমণী।
নাম দুৰ্বী দেবী পুত্ৰ একৰ জননী॥
পদ্মনাথ নাম তহচিল দাৰ ভৈল।
ভূধৰ মোক্তাৰ সুতা পদ্মে পৰিনিল॥
দুই পুত্ৰ তিনি কন্যা সতী গৰ্ভে ধৰে।
ভোলানাথ সূৰ্য্যনাথ ভৈল অনন্তৰে॥
দেৱৰাম মুক্তিয়াৰ জোৰহাটে ৰয়।
তাৰ ভ্ৰাতুপুত্ৰ পদ্ম সুতা পৰিণয়॥

[ ১০৯ ]

পদ্মৰ প্ৰথমা পত্নী বিয়োগ ভৈলন্ত।
শিৱদেৱ গোস্বামীৰ সুতা বিহাইলন্ত॥
কালবশে পদ্মনাথ প্ৰাণ পৰিহয়।
নিঃসন্তান পদ্মজায়া অদ্যাপি আছয়॥

 সম্পূৰ্ণ

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২২ চনত ১ জানুৱাৰী ১৯৬২ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )