পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বেজবৰুৱা বংশাৱলী

ভঁৰালী বৰুৱা,  নাম পায়া আতি,
 ৰাজাৰ আজ্ঞাক ধৰি।
ব্ৰহ্ম যে পুত্ৰৰ উত্তৰ দেশত,
 প্ৰজা নিয়োজন কৰি॥
সেহি আপাহতে, ৰজাঘৰ হস্তে,
 পাইলা গজবাজী ধন।
আৰু ভূমি দিয়া,  শিলা আৰোপিয়া,
 অষ্ট কোণে অষ্ট খন॥
তাহাৰ মধ্যত, যত লোক ছিল,
 তাকে দিল দাসৰূপে।
সেই স্থানে আছে, গজশালা স্তম্ভ,
 অদ্যাপি চিহ্ন স্বৰূপে॥
যিটো গৰখাই, বৰ বৰ বিল
 যেহেন ভৈ গৈল নদী।
অষ্ট গোট ঢাপ, হস্তী গছকাই,
 বন্ধাইলা অতি প্ৰবন্ধি॥
ৰাজাৰ ঘৰৰ, লোক সব দিয়া,
 নিৰুপিলা ঘৰবাড়ী।
তাহাৰ মধ্যত জ্ঞাতি বংশ দাস
 ৰৈল ঘৰ শত চাৰি॥