পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
বেজবৰুৱা বংশাৱলী

পিতৃৰ প্ৰধান মাতুলৰ পুত্ৰ যিটো।
তীৰ্থশ্বৰ নামে প্ৰকাশিত ভৈল সিটো।
নিধিৰাম সুতা তাৰ নাম ৰামেশ্বৰী।
তীৰ্থেশ্বৰে বিবাহিলে পৰম সাদৰি॥
কালে ৰামেশ্বৰী তিনি পুত্ৰ গৰ্ভে ধৰে।
পদ্মনাথ নৰনাথ শম্ভুনাথ পৰে॥
ধনদা মোক্ষদা নামে ভৈল দুই সুতা।
নিৰাময় মৌজাদাৰ ধনদা বনিতা॥
নবীন ওজাৰ পুত্ৰ নাম দীননাথ।
বিবাহিলে মোক্ষদাক বাস নাজিৰাত॥
পদ্মনাথ বিবাহ ঘটিল জাঁজি গ্ৰামে।
পুত্ৰ ভৈল হৰিনাথ ভোলানাথ নামে॥
তিনি কন্যা উপজিয়া পাছে পদ্মনাথ।
আয়ুগৰ অন্তে প্ৰাণ ত্যজিল তথাত॥
নৰনাথো সেই গ্ৰামে বিবাহ কৰিল।
কন্যা এক ৰাখি সিটো প্ৰাণ তিয়াগিল।
শম্ভুনাথ নাম যিটো তীৰ্থেশ্বৰ সুত।
অবিবাহে কালক্ষেপি ফুৰে হৰ্ষযুত॥
এহিমানে ইটো কথা কৰি সমাপন।
ৰাম ৰাম বোলা শুদ্ধ হোক প্ৰাণ মন॥