পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
বেজবৰুৱা বংশাৱলী

দধিৰাম বাপুৰাম অভিনামা কন্যা।
গৰ্ভত ধৰিলা চন্দ্ৰায়ণী মহাধন্যা॥
ৰুদ্ৰেশ্বৰ প্ৰধান ঠাকুৰ দেৱগ্ৰামে।
অভিদেবী বিবাহ কৰিলা অনুক্ৰমে॥
মধুৰাম বৰুৱা পৰম সাধু শিষ্ট।
বৈদ্যবিদ্যা বিশাৰদ গুণত গৰীষ্ঠ॥
তনয় ভৈলেক তাৰ নাম মুক্তাৰাম।
আয়ুৰ্ব্বেদ শাস্ত্ৰে যাৰ জ্ঞান অনুপাম॥
ঢাপকটা মহন্ত তনয়া বিবাহিল।
পৰম সুন্দৰ তিনি পুত্ৰ প্ৰসবিল॥
জ্যেষ্ঠ হেমচন্দ্ৰ ভৈল বিদ্যাত উজ্জ্বল।
জ্ঞানৱন্ত শুদ্ধচিত্ত কাৰ্য্যত কুশল॥
হেমকোষ নামে অসমীয়া অভিধান।
ৰচিয়া দৰ্শয়া শ্ৰেষ্ঠ জ্ঞান মতিমান॥
মধ্যম তুলসীৰাম পণ্ডিত সুনয়।
ভৈলন্ত কমলচন্দ্ৰ কনিষ্ঠ তনয়॥
হেমচন্দ্ৰ পত্নী ধৰে গৰ্ভে কন্যা এক।
জাঁজি গ্ৰামে নিৰাময়ে বিবাহে তাহাক॥
পত্নীমৃতে হেমচন্দ্ৰে বিবাহ নকৰি।
গুৱাহাটী নগৰত ৰৈলা কাৰ্য্য কৰি।
অসমীয়া সাহিত্যৰ উন্নতি কৰিয়া।
কালে ছাৰিলন্ত প্ৰাণ পেঞ্চন ভুগিয়া॥