পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
বেজবৰুৱা বংশাৱলী

সিটো বন পয্যতন কৰা সময়ত।
ঈশ্বৰ ইচ্ছাত কাল ভৈল উপগত॥
বসন্ত পীড়াত প্ৰহৰেক সময়ত।
প্ৰাণ পৰিহৰি বিষ্ণুলোকে উপগত॥
যিতো মহেশ্বৰ ত্ৰাহিৰাম শুদ্ধমতি।
গুণগণে নিপুণ বিদ্যাত মহাখ্যাতি॥
পৰম পণ্ডিত নানা গুণত নিপুণ।
মহেশ্বৰ সুত আছে জানা তিনি জন॥
হলিৰাম কুশৰাম বলৰাম আৰ।
গুৱাহাটী স্থানে আছে আনিবা সুসাৰ।
এহিমানে তাসম্বাৰ গুণক সংহৰি।
কহোঁ গঙ্গাই বৰুৱাৰ গুণ শ্ৰেষ্ঠ কৰি॥
মহাৰাজা লক্ষ্মীসিংহ নৃপ শিৰোমণি।
বৰভাণ্ডাৰ বৰুৱা পাতিলা আপুনি॥
তাহান ভগিনী মহগুণে শুভন্বিতা।
প্ৰিয়বৰ মহন্তৰ ভৈল বিবাহিতা॥
পুৰণিমাটি যে নাম আহতৰ গুৰি।
তাহাৰ মহন্ত সিটো জানা শ্ৰেষ্ঠকৰি॥
যাৰ পুত্ৰ পতি ভাৰ্য্যা সসম্যকে আতি।
স্বৰ্ণ কঙ্কনক দিলা ৰজাঘৰ হৈতি॥
কাকতীয়া (ভগীৰথ) বৰুৱাৰ পুত্ৰী মহাধন্যা।
বিবাহ কৰিলা চন্দ্ৰায়নী নাম কন্যা॥