সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
বেজবৰুৱা বংশাৱলী

ভৈলন্ত সন্তান পঞ্চপুত্ৰ কন্যা এক।
কহো যে সমস্ত মই শুনিয়ো প্ৰত্যেক॥
মধুৰাম তুৱাৰাম দেৱৰাম আৰ।
দধিৰাম বাপিৰাম জানিবা সুসাৰ॥
তাসম্বাৰ ভগিনী যে অতি নামা সতী।
কপে গুণে শোভনা পৰম ভাগ্যৱতী॥
দেৰগ্ৰাম দেৱালয়ৰ বৃহৎ ঠাকুৰ।
ৰুদ্ৰেশ্বৰ নাম ধৰ্ম্মশীল দ্বিজবৰ॥
তেহো বিবাহিলা সিটো কন্যাক তহিতি।
ভৈলন্ত হে নাম পুত্ৰ মহামতি॥
অধ্যাপি আচয় নিজ ধৰ্ম্মক আচৰি।
সপত্নী ভ্ৰাতৃৰ সঙ্গে মহাপ্ৰীতি কৰি॥
তাৰ জ্যেষ্ঠ ভগিনী দমজ নাম ৰৈল।
জগন্নাথ দুৱৰীয়া বিবাহ কৰিল॥
কোমল দুৱৰীয়া সুত যাহাক কহয়।
পুত্ৰ পুত্ৰী দুই গুটি অদ্যপি আছয়॥
ইসব ছাৰিয়া কহোঁ আচল কথাক।
বৰুৱাৰ পুত্ৰ সন্তানৰ আখ্যানক॥
যিতো পঞ্চজন ৰূপে গুণে শ্ৰেষ্ঠ অতি।
বিশেষত জ্যেষ্ঠৰ কহিবোঁ মহাখ্যাতি।
মধুৰাৰ বৰুৱা যে বিশিষ্ট পৰম।
বৈদ্য বিদ্যাবিশাৰদ জানিবা সুষম॥