সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
বেজবৰুৱা বংশাৱলী


যিটো হৰি নাম কয় শিষ্ট মহাশুদ্ধ।
কমলাবাৰী স্থানে ভক্ত ভৈলন্ত প্ৰসিদ্ধ॥
সদায় ব্ৰহ্মত পৰে নজানিল আন।
ঠান সত্ৰ প্ৰতিপালি পালা বহুমান॥
বৰবহা নাম বাক লৱে সাধু সন্ত।
তাত থাকি বৰবহা আতই ভৈলন্ত॥
তাহান বশক আৰ কহন নযায়।
যাৰ যশ গুণ সন্ত সবেয়ো কহয়॥
আমাৰ বংশত তেহোঁ জানা পদ্মফুল।
মহামন্ত্ৰী বুঢ়াগোহাঁই দেখিয়া বিপুল॥
তেহোঁ উপহাৰ দিলা আসনক আনি।
শ্বেত কম্বলক নাম যাহাক বখানি॥
তেহোঁ পুত্ৰৱতে লৈলা পৰম সুন্দৰ।
ভ্ৰাতৃ ৰূপাইৰ পৌত্ৰ পুত্ৰ শ্ৰীনাথৰ॥
নিৰাময় নাম সৰ্ব্বগুণত বিপুল।
মহাশান্ত সাধু আতি ভক্তিত কুশল॥
ঈশ্বৰ ইচ্ছায়ে তান কাল হৈয়া গৈলা।
নিজগুৰু সঙ্গ পায়া আনন্দে ৰহিলা॥
যাহাৰ গুণক ভক্ত সকলে উচ্চৰি।
সময়ত অদ্যাপিও কহে খেদ কৰি॥
শিৱৰাম ডেকাৰ সন্তান কেহোঁ নাই।
কৃষ্ণসুত জানা মনু গায়ন আছই॥