পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
বেজবৰুৱা বংশাৱলী

যিমতে ভৈলেক গোত্ৰসবৰ প্ৰচাৰ।
শেষ আছৈ যিতো তাক কহিবোঁহোঁ আৰ॥
ভৈলন্ত নৱম পুত্ৰ অনুবৰুৱাৰ।
প্ৰতিজনে নৱ নৱ সুত ভৈল তাৰ॥
কালক্ৰমে জানা সি সি অষ্টম জনৰ।
সন্তান বিনাশ ভৈল নৰহিল আৰ॥
সি সবৰ কনিষ্ঠ ৰামচৰণ প্ৰখ্যাত।
প্ৰভবাইল নৱ পুত্ৰ শুনা নাম আত॥
হৰিদেৱ হৰিপদ ভগী অনি আৰ।
সৰাইঘটীয়া ৰামদাস কেশ সাৰ॥
মনপুৰ কমলা নামত জানা আতি।
সন্তানাদি বৃদ্ধি ক্ৰমে কহিবোঁ সম্প্ৰতি॥
হৰিদেৱ পুত্ৰৰ যে সুত দুইজন।
কেনাই বিকাই নাম পৰম শোভন॥
বিকাই সুত ছিল ঘিণলগা নাম।
প্ৰাণ পৰিহৰি গৈল বিষ্ণুবেসে ধাম॥
সৰাইঘটীয়া সুত কৃষ্ণ নাম কয়।
তান সুত কবিৰাজ জানিবা নিশ্চয়॥
তানহতে পুত্ৰ দুই হৈয়াছিল আতি।
কন মধু নাম দ্বিজ বৰ শুদ্ধমতি॥
পৰম সুন্দৰ গুণ আছিল বিস্তৰ।
প্ৰাণ ছাৰি পাইলা থান দেৱতা কৃষ্ণৰ॥