পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
বেজবৰুৱা বংশাৱলী

মহাশুদ্ধমতি আছে উদাস আচৰি।
গুৰু দানে মহাসাধু সবক সাদৰি॥
ৰূপাই পুত্ৰ শ্ৰীনাথৰ সহোদৰ দুই।
পুত্ৰ পুত্ৰী সমন্বিতে গৈল কাল হুই॥
কাতিৰাম ডেকাৰেসে সুত মহাশয়।
নোমল জৰা-বেজ নেওগ অদ্যাপি আছয়॥
বিষ্ণুভক্ত পৰম গুণত নিৰুপম।
বৈদ্যবিদ্যা সমস্তক জানয় পৰম॥
তান এক ভগিনী পৰম গুণৱতী।
গলকটা ভাগতী দ্বিজে বিবাহিলা তৈতি॥
সিটো দ্বিজবৰ মহাকাৰ্য্যত কুশল।
পৰম পণ্ডিত বিষ্ণু বৈষ্ণৱ নিপুণ॥
কমলাবাৰী সত্ৰে যাক ভাগৱতী কয়।
তান গুণ যশ সমস্ত বখানয়॥
তান বীৰ্য্যে সিটো কন্যাহন্তে পুত্ৰ ভৈলা।
তুৱাৰাম ত্ৰাহিৰাম বাপুৰাম ৰৈলা॥
আৰু দেৱৰাম নাম আছয় পৰম।
সত্ৰমধ্যে বৰদেউৰি কৰ্ম্ম পাইয়া নাম॥
সিঙ্গিমনীয়া ককাবেসে পৌত্ৰ মহাশয়।
ভেকুৰি নামত শুদ্ধমতি যাক কয়॥
তানসুত তনুৰাম নাম শুদ্ধমতি।
পৰম বৈষ্ণৱ ভক্ত হৈয়াছে সম্প্ৰতি॥