পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
বেজবৰুৱা বংশাৱলী

কমলা বৰুৱা মহা,  যশে গুণে জানিবাহা,
 ব্যাপিলন্ত লোক লোকান্তৰ।
দশম তনয় হৈয়া  লোক সব ৰঞ্জিলেকে
 জানিবাহা সকলে সুসাৰ॥
লক্ষ্মী যজ্ঞো শ্ৰীকান্ত,  গঙ্গাই বৰুৱা শান্ত,
 খোৰাডেকা হৰি মহামতি
বলাই শ্ৰীৰাম সন্ত দেৱৰাম ধৰ্ম্মকান্ত
 বহিছিলা মহাসুখে আতি॥
পুত্ৰ পুত্ৰী উপাৰ্জ্জিলা  কৰ্ম্মযশে ভোগ পাইয়া,
 শেষে প্ৰাণ ত্যজিলা তহিতি।
আখ্যানক তাসম্বাৰ  প্ৰপঞ্চিবো ইটো সাৰ
 হৰি স্মৰি খণ্ডিয়া দুৰ্গতি॥

পদ।

পৰম পণ্ডিত বৈদ্য বিদ্যাত বিখ্যাত।
লক্ষ্মী বৰুৱাসে যিটো পৰম সুশান্ত॥
তাহান তৃতয় পুত্ৰ জানিবা সুসাৰ।
ৰঘুনাথ নিৰাময় কিনাৰাম আৰ॥
ৰঘুনাথ ডেকা বৰতামুলী প্ৰধান।
গোত্ৰ মধ্যে প্ৰকাশিত গুণনাম তান॥