পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বেজবৰুৱা বংশাৱলী

ৰসেন্দ্ৰ ঘৰৰ কন্যা তুলসী বিহাইল।
সন্তান নৰৈল দেবী প্ৰাণ পৰিহিল॥
মুকলিমূৰীয়া ভট্টাচাৰ্য্যৰ তনয়া।
দ্বিতীয়ত পৰিণয় তুলসী কৰিয়া॥
তিনি পুত্ৰ দুই কন্যা সন্তী গৰ্ভে ধৰে।
আনন্দ বসন্ত সীতাৰাম অনন্তৰে॥
জ্যেষ্ঠা কন্যা বিবাহিলে জীবেশ্বৰ সুত।
নামত গোলাপ তাৰ কৰিলোঁ উকুত॥
লক্ষ্মীনাথ সুত খেটকেশ্বৰ বোলয়।
দ্বিতীয়াক পৰিণয় কৰিয়া আছয়।
গঙ্গাধৰ উকিলৰ সুত মীনধৰ।
তাৰ সুতা আনন্দে বিহালে অনন্তৰ॥
কন্যা এক পুত্ৰ এক আনন্দে লভিলা।
পশুৰাম তনয়াক বসন্তে বিহাইলা॥
সীতাৰাম বিবাহ সম্বন্ধ নাই ঘটা।
বিবৰিবোঁ কমলচন্দ্ৰৰ বংশ কথা॥
দুই পুত্ৰ দুই কন্যা ভৈল কমলৰ।
দুলাল গোপাল নাম ভৈল তনয়ৰ।
কণ যে আইনা নামে ভৈল কন্যাদ্বয়।
দীনধৰাত্মজ দুৰ্গা কণ পৰিণয়॥
দুই সুত দুই সুতা কন উপজাইলা
আইনাক শিৱনাথ গোসাই পৰিনিলা॥