পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
বেজবৰুৱা বংশাৱলী


বি-এ–জগন্নাথ পুত্ৰ নামত দেবেন্দ্ৰ।
বিবাহি কনকলতা লভিল আনন্দ॥
শেষ পুত্ৰ কন্যাৰ নাই ঘটা।
কহো এবে মই শেষ বংশাৱলী কথা॥
ডাঙৰীয়া বলোৰাম ঢেকিয়াল ফুকন।
পৰম সুধীৰ জ্ঞানৱন্ত শুদ্ধমন॥
গিৰিজাসুন্দৰী নামে তাহাৰ আত্মজা।
তৰুণ ফুকন বেৰিষ্টৰৰ অগ্ৰজা॥
দয়ানন্দে বিবাহিলে গিৰিজা সুন্দৰী।
নিঃসন্তানে দয়ানন্দে গৈলা প্ৰাণ ছাৰি॥
ন-গাওঁ লতাবোৱা সত্ৰৰ মহন্ত।
গিৰিধৰ সুতা পূৰ্ণনন্দে বিহাইলন্ত॥
তিনি পুত্ৰ দুই কন্যা গৰ্ভত ধৰিলা।
ৰমানন্দ জগদানন্দ নাম ভৈলা॥
তৃতীয় মহদানন্দ তনয় আছয়।
তনয়া ত্ৰৈলোক্যেশ্বৰী পদ্মেশ্বৰী কয়॥
মুৰালি মহন্ত মহোধৰৰ তনয়া।
তেজপুৰে ৰমানন্দে আছে বিবাহিয়া॥
চিন্তাপ্ৰভা নাম ৰমানন্দৰ ঘৰিণী।
উমানন্দ নাম পুত্ৰ একৰ জননী॥
ৰাজগুৰু তুলসীফুকন সুতা সতী।
বিবাহে জগদানন্দ অতি হৃষ্টমতি॥