সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
বেজবৰুৱা বংশাৱলী

পূৰ্ব্ব স্ত্ৰীৰ (পুত্ৰ) কীৰ্ত্তিনাথ গোপাল অপৰ।
কনিষ্ঠ তনয় নাম যতীন্দ্ৰ প্ৰচাৰ॥
প্ৰথমা কন্যাৰ নাম গঙ্গী যে কহয়।
তাকুৰী কনিষ্ঠা মাজু মধ্যমা বোলয়॥
প্ৰেশনাথে নবগ্ৰামে গঙ্গী বিবাহিলে।
মাজুক কুমুদেশ্বৰে ৰঙ্গে পৰিনিলে॥
অধ্যাপক হেড়ম্ব ঈশ্বৰ মতিমান।
পৰম পণ্ডিত বুদ্ধিমন্ত ধনবান॥
ইদানীক গোস্বামী আখ্যায় অভিহিত।
কলা অধ্যাপক ঘৰ বুলি পূৰ্ব্বে ব্যক্ত॥
ৰাজগুৰু ফুকন তনয় সোমনাথ।
তাকুৰীক পৰিণয় কৰিল সাক্ষাত॥
পুত্ৰেকে ৰাখিয়া সতী প্ৰাণ পৰিহৰে।
কীৰ্ত্তিনাথ যতীন্দ্ৰৰ কথা অনন্তৰে॥
কলা অধ্যাপকাত্মজ হেড়ম্ব অগ্ৰজ।
নামত কনকেশ্বৰ গোস্বামী নিৰুজ।
তাহাৰ তনয়া কীৰ্ত্তিনাথে বিবাহিলা।
এক পুত্ৰ তিনি কন্যা গৰ্ভত ধৰিলা॥
খগেন্দ্ৰ তনয় কন্যা দুৰ্গেশ্বৰী বৰ।
কুমুদ ঈশ্বৰী হেমপ্ৰভা অনন্তৰ।
যজ্ঞেশ্বৰ শৰ্ম্মা শিষ্ট ধাৰ্ম্মিক প্ৰবীৰ।
তাৰ সুত দুৰ্গেশ্বৰ পৰম সুধীৰ॥