সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
বেজবৰুৱা বংশাৱলী

অন্নদাৰ কোনো সন্তানাদি নভৈলন্ত।
পদ্মাক নিলেক চন্দ্ৰাকান্ত যে মহন্ত॥
জখলাবন্ধীয়া সত্ৰ বুলি যাক কয়।
পৰম ধাৰ্ম্মিক দ্বিজ অতি শুদ্ধময়॥
এহিমানে পিতামহ তৃতয়ৰ কথা।
মতিৰূপে নিবন্ধিলোঁ নাহি অন্যঅথা॥
আবে মোৰ নিজ পিতামহৰ কাহিনি।
শ্ৰুত অনুসাৰে কহো শুনিয়ো ঐসানি॥
যদ্যাপি ইসব কথা সাৱশেষে তত্ৰ।
নহি মতিহীন মই ৰচিবাৰ পাত্ৰ॥
তথাপিতো কুলশীল শিষ্ট আজ্ঞা মানি।
যথামতি নিবন্ধিয়া কহিলোঁ বখানি॥
ইকথাত বঢ়াটটা থাকে যতমানে।
মোৰ মতি বুজি ক্ষমা কৰিও যতনে॥
পৰম কৃপালু গুৰু চৰণ নমিয়া।
ইটো পয়াৰক কৰোঁ ইষ্টগুৰু ছাঁয়া॥
কৃষ্ণপাদ পঙ্কজক হৃদয়ত ধৰি।
পাপ দূৰ কৰি সৰে বোলা হৰি হৰি॥
 

পিতামহ মোৰ  জানিবা প্ৰচুৰ
 বৈষ্ণব অতি প্ৰধান।