পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
বেজবৰুৱা বংশাৱলী


বাৰিষ্টৰ ৰাধিকাক সকলে জানয়।
জৰ্ম্মানি ইংলণ্ড আদি ভ্ৰমি মহাশয়॥
নৃত্য গীতাদিত শ্ৰেষ্ঠ খিতাপ লভিলা।
শেষে ভাৰতত আসি প্ৰাণক ত্যজিলা॥
তাৰ ভ্ৰাতৃ অন্নদা বিবাহে গোলাই সতী।
কালবশে দুইজনে মৰি সাধে গতি॥
গোলাইৰ তনয় এক দেবেন্দ্ৰ নামত।
দুহিতা শিশিৰ দুয়ো আছয় সাক্ষাত॥
দেউৰাম খাওন্দ নাম পণ্ডিত পৰম।
তাৰ সুত পৰশুৰাম খাওন্দ শ্ৰেষ্ঠতম॥
একষ্ট্ৰাএচিষ্টেণ্ট পদে লই অৱসৰ।
মহাসুখে ডিবুৰুত বঞ্চে অনন্তৰ॥
পূৰ্ণসুতা ভাৰামণি তেওঁ বিবাহিলা।
পঞ্চপুত্ৰ তিনি কন্যা সতী ওপজাইলা॥
বলীন্দ্ৰ ৰবীন্দ্ৰ আরু মহীন্দ্ৰ যতীন্দ্ৰ।
কনিষ্ঠ তনয় নাম ভৈলেক শৌৰীন্দ্ৰ॥
দুহিতৃ তৃতয় স্বৰ্ণলতা যে প্ৰথমা।
কনিষ্ঠা বিদ্যুৎপ্ৰভা কনক মধ্যমা॥
মাৰোৱাৰী লক্ষেশ্বৰ বি,এ,আখ্যধাৰী।
বিবাহিলা স্বৰ্ণলতা দেবীক সাদৰি॥
দুই কন্যা এক পুত্ৰ দেবী গৰ্ভে ধৰে।
লক্ষেশ্বৰে কালৰূপে প্ৰাণ পৰিহৰে॥