পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
বেজবৰুৱা বংশাৱলী

বৈদ্যনাথ পদ্মনাথ দুই পুত্ৰ আছে।
কনিষ্ঠা কন্যাক নিত্যানন্দে বিবাহিছে
শম্ভুনাথ মধুমিশ্ৰ তনয় সিজন।
পুত্ৰ কন্যা ৰাখি প্ৰাণ কৈলা বিসৰ্জ্জন।
জাজিগ্ৰামে শিৰোমণি ঘৰত দ্বিতীয়া।
ৰাজগুৰু চিকৌ এক আছে বিবাহিয়া॥
*  *  *  *

গৌৰাঙ্গ গোসাইৰ কন্যা শান্ত সুচৰিতা।
সোমেশ্বৰ বৰুৱাৰ ভৈল বিবাহিতা॥
পুত্ৰ এক কন্যা এক সতী প্ৰবসিলা।
কালবশে পতি আগে প্ৰাণ বিসৰ্জ্জিলা॥
জাজিৰ অনন্ত শৰ্ম্মা উকিল তনয়।
খগেশ্বৰ নাম তাৰ অদ্যাপি আছয়॥
তাৰ সুতা সমে কুলদাৰ পৰিণয়।
কালবশে অকালতে প্ৰাণ পৰিছয়॥
ৰঙদৈৰ আধাৰ মহন্ত বুলি খ্যাত।
সোমেশ্বৰ সুতা বিবাহিতা যে তথাত॥
উৰ্ব্বীধৰ বৰুৱাৰ সুতা শোভনয়া।
মহেশ্বৰে বিবাহ কৰিলে হৃষ্ট হৈয়া॥
তিনি পুত্ৰ দুই কন্যা সতী গৰ্ভে ধৰে।
জ্যেষ্ঠ ফণী পৰে নন্দ কন্যা অনন্তৰে॥