পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
বেজবৰুৱা বংশাৱলী

কোমল উদাস ধৰ্ম্মে থাকি আউনিআটী।
প্ৰাণক ছাৰিলা বংশ কৰি সমাপতি॥
শীতলৰ যোগদেৱ উপাধ্যায় নাম।
পৰম পণ্ডিত ধীৰমতি অনুপাম॥
পুত্ৰ ত্ৰিলোচনে ৰমাকান্তিক বিহাইল।
স্বামী পদ সেবি মৰি গতিক লভিল॥
বিপুঞ্জয় বৈদ্যৰ বৰুৱা বুলি খ্যাতি।
পুত্ৰ ভৈল পূৰ্ণানন্দ পশুৰাম দুটি॥
পূৰ্ণানন্দ বৰুৱা পৰম খ্যাতিমন্ত।
একষ্ট্ৰাএচিষ্টেন্ট হৈলা কাৰ্য্য কৰিলন্ত॥
ধুবুৰী নগৰে থাকি ৰাজকাৰ্য্য কৰি।
পুত্ৰ পত্নী আছে প্ৰাণ গৈলা পৰিহৰি॥
আধাৰ মহন্ত মহেশ্বৰ সুতা যিটো।
পূৰ্ণানন্দ পত্নী নিঃসন্তানে মৰে সিটো॥
খঙীয়ালফুকন কন্যা পৰে বিবাহিলা।
দুই কন্যা এক পুত্ৰ সতী প্ৰসবিলা॥
কন্যা গোলাই তাৰামণি পুত্ৰ জয়ানন্দ।
ৰাখি স্বামী আগে দেবী মৰিল আনন্দে॥
ডাঙৰীয়া ঢেকিয়াল ফুকন প্ৰবীৰ।
নামত আনন্দৰাম জ্ঞানী মানী ধীৰ॥
যাৰ যশৰাশি বিস্তাৰিত অবিৰাম।
তনয় ৰাধিকাৰাম অন্নদা সুঠাম॥