সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
বেজবৰুৱা বংশাৱলী

মেলেঙৰ বাপিৰাম সুত যজ্ঞেশ্বৰ।
বিবাহে বৰদা আছে দুহিতা তাহাৰ॥
দেৰগঞা বৰুৱা শ্ৰীভোগদত্ত খ্যাত।
তাৰ পুত্ৰ বিমলে বিহালে শাৰদাক॥
টঙ্কেশ্বৰ নেপালী মহন্ত কন্যা এক।
বিবাহে বিৰিঞ্চি কহো সন্তান প্ৰত্যেক॥
বৈকুণ্ঠ বীৰেন্দ্ৰ আৰু নৰেন্দ্ৰ কনিষ্ঠ।
শৈল নামে সুতা এক জানিবাহা নিষ্ঠ॥
নমোৰাম মুৰালী মহন্ত সুতা যিটো।
নৱকৃষ্ণে তেজপুৰে বিবাহিলে সিটো॥
জগন্নাথ পত্নী যিটো বিষ্ণুপ্ৰিয়া সতী।
গয়াক্ষেত্ৰে স্বামী আগে মৰি সাধে গতি॥
ৰতনপুৰীয়া গোসাঁই কন্যা বসুন্ধৰী।
যাৰ মাতৃ ন-গোসাঁই ঘৰৰ জীয়ৰী।
গোপালে বিহাইলে সেই কথা অনন্তৰ।
পত্নী অদৰ্শনে প্ৰাণ গৈল গোপালৰ॥
গোলাপ নামত যিটো পৰম সুশান্ত।
ইংলণ্ড স্কটলণ্ড দেশে শাস্ত্ৰ পঢ়িলন্ত॥
চিকিৎসা শাস্ত্ৰত নানা উপাধি লভিলা।
শ্ৰেষ্ঠ চিকিৎসক হৈয়া আমেৰিকা গৈলা॥
পঞ্চদশ বৰ্ষৰ অধিক কাল তৈত।
ইংৰাজ ৰাজাৰ কাৰ্য্য কৰি সুখ্যাতিত॥