পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
বেজবৰুৱা বংশাৱলী

গুৰুঘৰে বাস কৰে মহাসাধু সঙ্গে।
কৃষ্ণৰ ভক্তিক কৰি আছে মহাৰঙ্গে॥
কমলাবৰীয়া ডেকা মহাশ্ৰেষ্ঠ জন।
পুত্ৰ ভৈলা বনীয়া নামত অখণ্ডন॥
তান দুইপুত্ৰ ভৈলা বৈষ্ণৱ পৰম।
সৰুহৰি আৰু ৰূপাই কহে যাৰ নাম॥
বিশেষত সিটো দুই সৰুকাল হন্তে।
গুৰু সঙ্গে ভক্ত হৈয়া আনন্দে থাকন্তে॥
নান যশ গুণ অতি ভৈলন্ত বিস্তৰ।
সাধু মধ্যে গণি যাক পৰম প্ৰচুৰ॥
যিটো ৰূপাই আতৈ মহাবিজ্ঞ সাধুজন।
কমলাবাৰীত ভৈল ভাণ্ডাৰি প্ৰধান॥
পৰম প্ৰাৰন্তে আছিলন্ত চিৰকাল।
মহাভাগ্যবান জানা কাৰ্য্যত বিশাল॥
এহিমানে ইসৰ কথাক পৰিহৰি।
অনু বৰুৱাৰ কহো সন্তান সুমৰি॥
তান যশ খ্যাতি আছে অদ্যাপি প্ৰকাশি।
শ্ৰেষ্ঠজনে কহয় যাহাৰ যশৰাশি॥
যাহাৰ সন্তান হৈয়া ভৈলন্ত কুশল।
পৰম ভাগ্যত আতি জানিবা প্ৰতুল॥
তাহাৰাৰ কহো নাম যশ কৰ্ম্ম খ্যাতি।
সংক্ষেপত নিবন্ধিলোঁ পদছন্দে আতি॥