সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
বেজবৰুৱা বংশাৱলী

মাণিকীক কণা দুৰ্গা ঘৰে বিহা দিলা।
প্ৰসবি সন্তান তিনি প্ৰাণ পৰিহিলা॥
দৈচুঙা মোক্ষধৰ বৰুৱা তনয়া।
জগন্নাথে ৰঙ্গমনে আছে পৰিনিয়া॥
দুইপুত্ৰ তিনি কন্য গৰ্ভে ধৰি সতী।
পতি পুত্ৰ কন্যা সমে থাকে হৃষ্টমতি॥
ৰত্নেশ্বৰ মৌজাদাৰ ভ্ৰাতৃ যজ্ঞেশ্বৰ।
তাৰ সুতা বিবাহিলা ভুবনেশ্বৰ॥
ভুবন বনিতা দুই সন্তান প্ৰসবে।
এক পুত্ৰ এক কন্যা গৰ্ভত প্ৰভবে॥
শিৱ বেজবৰুৱাৰ পুত্ৰ কাশীনাথ।
বিবাহ কৰিলে সোণপাহীক সাক্ষাত॥
দুই পুত্ৰ এক কন্যা গৰ্ভত ধৰিলা।
প্ৰথম মহেন্দ্ৰনাথ নাম খ্যাত ভৈলা॥
দ্বিতীয় মথুৰানাথ অনুজা কামদা।
মহেন্দ্ৰৰ এক পুত্ৰ এক কন্যা তদা॥
মথুৰাৰ বিবাহ সম্বন্ধ নাই ঘটা।
কামদাৰ দুই সুত আৰু দুই সুতা॥
মাণিক শ্ৰীজয়কৃষ্ণ দুগুটি তনয়।
বিমলা অপৰ এক দুহিতা আছয়॥