পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
বেজবৰুৱা বংশাৱলী


তৃতীয়াৰ ভৈল নাম বসুদা নিশ্চয়।
দ্বিতীয় বিবাহ মোৰ দিবোঁ পৰিচয়॥
অনন্তকন্দলি ঘৰে যাৰ জন্ম ভৈল।
তনু বৰপূজাৰি তাহাৰ নাম ৰৈল॥
পৰম বিশিষ্ট বিপ্ৰ গুণে অতিশয়।
তান সুতা ঠানেশ্বৰী বিবাহিলোঁ মই॥
ভৈল সমাপতি ইটো বিৱৰণ কথা।
শ্ৰুত আৰু জ্ঞাতৰূপে ৰচিলোঁহোঁ এথা॥
আৰু শেষ কথা নিবন্ধন কৰোঁ অতি।
শ্ৰবণ ইচ্ছুক সবে শুনিয়ো সম্প্ৰতি॥
জয়হৰি বৰুৱাৰ সন্তান নিচয়।
যেন মতে ক্ষম বৃদ্ধি হৈয়াছে নিশ্চয়॥
আবে বিবৰিয়া কহোঁ এহিমত পদ।
ৰাম হৰি বুলি তৰা ছাৰিব আপদ॥




অনন্তৰে শুনিয়োক,  জয়হৰি বৰুৱা কীৰ্ত্তি,
 শিষ্টসবে কহয় বাহাক।
তাহান নিমিত্ত কৰি মহাভাগৱতী ধৰ্ম্ম
 পাইলা গোত্ৰে যত শিষ্ট লোক॥
সিটো বৰুৱাৰ পুত্ৰ ভৈল নৱজন আতি
 মহাধৰ্ম্মশীল গুনবান।