পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
বেজবৰুৱা বংশাৱলী

পুত্ৰ ভৈল দীননাথ মোৰ পিতৃদেৱ।
শ্ৰীমন্ত ধাৰ্ম্মিক সাধু কৰোঁ পদে সেৱ॥
বেজৰ বৰুৱা পাতি ৰাজা সম্মানিলা।
একষ্ট্ৰা এচিষ্টেণ্ট পদে অৱসৰ লৈলা॥
পেঞ্চন ভুঞ্জিয়া ধৰ্ম্মচৰ্চ্চাক কৰিয়া।
বিষ্ণুধামে উপগত প্ৰাণক ছাৰিয়া॥
এবে পিতৃবংশ কথা কৰি নিৰুপণ।
পিতৃ জ্যেষ্ঠ কথা পৰে কৰিবো বৰ্ণন॥
ধৰ্ম্মী থানেশ্বৰী দুই ঘৰিণী পিতৃৰ।
বৰঘৈণী সৰুঘৈণী আখ্যা দুজনাৰ॥
ধৰ্ম্মী প্ৰসবাইলা ছয় পুত্ৰ কন্যা চাৰি।
সপ্ত পুত্ৰ এক কন্যা গৰ্ভে থানেশ্বৰী॥
মহাসুখে পতিসেৱা ধৰ্ম্মীদেবী কৰি।
স্বামী বিদ্যমানে প্ৰাণ গৈলা পৰিহৰি॥
ধৰ্ম্মীপুত্ৰ ব্ৰজনাথ আৰু জগন্নাথ।
গোপাল গোলাপ জয়কৃষ্ণ বিষ্ণুনাথ॥
হেমকান্তি ছায়াৱতী বসুদা তৃতীয়া।
লীলাৱতী সমে চাৰি কন্যা আছে হৈয়া॥
দৈচিঙা বিশ্বধৰ পণ্ডিত প্ৰধান।
সুত বিদ্যাধৰ বৰুৱা যে গুণবাণ॥
তেওঁ বিৰাহিলে হেমকান্তিক সাদৰে।
পুত্ৰ ভৈল লোকধৰ আৰু অজধৰ॥