পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
বেজবৰুৱা বংশাৱলী


ফণীনাথ ফুকন নামত শুদ্ধমতি।
প্ৰাগ্ জ্যোতিষপুৰে যিটো কৰয় বসতি॥
পুত্ৰ উমানাথে দুৰ্গেশ্বৰী বিবাহিলা।
পিতৃগৃহে দুগেশ্বৰী বিধবা হইলা॥
ইংৰাজ ৰাজাৰ কাৰ্য্য বিনন্দে কৰিয়া।
পত্নীসুত সমে আছে কালক বঞ্চিয়া॥
কাশীনাথ তামুলী ফুকন মহামতি।
যাৰ যশৰাশি আছে লোকত প্ৰকতি॥
তাহাৰ কমলানাথ প্ৰথম তনয়।
সুধীৰ সুশান্তমতি সিজন হোৱয়॥
তাহাৰ তনয়া নাম গৌৰদা প্ৰখ্যাত।
বিবাহিলোঁ মই সিটো কন্যাক সাক্ষাত॥
কন্যা তিনি পুত্ৰ এক উদৰে ধৰিলা।
শেষে এক পুত্ৰ পায়া প্ৰাণক ত্যঞ্জিলা॥
তনয়া সুবৰ্ণলতা গিৰিজা সুন্দৰী।
ৰোহিনী কনিষ্ঠা এই তৃতয় জীয়াৰী॥
পুত্ৰ এক ভৈল কৃষ্ণনাথ নাম তাৰ।
শেষ শিশু পুত্ৰ প্ৰাণ কৈলা পৰিহাৰ॥
মাহৰা নামত সত্ৰ গোলাঘাট স্থানে।
বলদেব অধিকাৰ সকলে বখানে॥
তাহাৰ প্ৰথম পুত্ৰ তাৰানাথ নাম।
বিবাহে সুবৰ্ণলতা পৰম সুঠাম॥