পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
বেজবৰুৱা বংশাৱলী

ৰাজা প্ৰজা সৰ্ব্বলোকে যাহাক সাদৰি।
পৰম প্ৰখ্যাতি ৰাখে আতি মান্য কৰি॥
বিষ্ণুভক্ত আৰু বৈদ্য গুণত নিপুণ।
বংশজ্ঞাতি সকলোৰ জানে দোষ গুণ॥
যাতন্তে পাইলোঁ আমি গোত্ৰৰ বাৰ্ত্তাক।
ইটো পদছন্দে নিবন্ধিলোঁ জানা তাক॥
তাহান কনিষ্ঠ ভ্ৰাতৃ ৰামহৰি নাম।
মহাধৰ্ম্মশীল গুণসবে অনুপাম॥
তান পুত্ৰ টুনিৰাম দুহিতৃ দুতয়।
নিজ মাতা সমে মুখে বাসক কৰয়॥
প্ৰথম দুহিতৃ ভদ্ৰী নামে যিটোসতী।
দিগম্বর ঘৰে দুৰ্গা বিবাহিলা তৈতি॥
পতিহীনা হৈয়া এক পুত্ৰী সঙ্গে কৰি।
নিজ ভ্ৰাতৃ ঘৰে আছে মাতৃক সাদৰি॥
তাহার অনুজা যিটো জেউতী নাম ৰৈলা।
কেচা উপাধ্যায় পুত্ৰ আত্মা বিবাহিলা॥
তাতহন্তে উতপন পুত্ৰ পুত্ৰী দুই।
মাজুলীত বাস কৰে মহাসুখী হুই॥
আৰ শুনিয়োক বাৰ্ত্তা অতি বৰুৱাৰ।
যাৰ যশ অদ্যাপিও প্ৰকাশে সুসাৰ॥
ভাণ্ডাৰী বৰুৱা নাম পাইয়া মহামতি।
যশ গুণ থৈলা যাৰ লোকত প্ৰকটি॥