সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
বেজবৰুৱা বংশাৱলী

ভট্টাচাৰ্য্য গোলাপ নামত সুবিনয়।
লীলাৱতী দেবী সিটো কৈলা পৰিণয়॥
ৰত্নধৰ খাওন্দ বসতি নবগ্ৰাম।
বিবাহি তাৰিণী আয়ু কৈল উপশাম॥
দেবী শৰ্ম্মা ঠাকুৰ মণ্ডল বুলি খ্যাত।
তাৰ কন্যা ভুবনী বিবাহে কাশীনাথ॥
পত্নীৰ মৰণে কাশী তনয়াক আনি।
জ্যেষ্ঠ লক্ষ্মীনাথে সমৰ্পিল শুভ জানি॥
কাশীনাথ সুতা নাম অন্নদা বোলয়।
গুৱাহাটী প্ৰদেশত ঘটে পৰিণয়॥
গোলাঘাটে কাশীনাথে প্ৰাণক ছাৰিল।
বৰুৱাৰ জেষ্ঠা পত্নী কথা শেষ ভৈল॥
প্ৰাণনাথ বৰুৱাৰ দ্বিতীয়া ৰমণী।
নাম দুৰ্বী দেবী পুত্ৰ একৰ জননী॥
পদ্মনাথ নাম তহচিল দাৰ ভৈল।
ভূধৰ মোক্তাৰ সুতা পদ্মে পৰিনিল॥
দুই পুত্ৰ তিনি কন্যা সতী গৰ্ভে ধৰে।
ভোলানাথ সূৰ্য্যনাথ ভৈল অনন্তৰে॥
দেৱৰাম মুক্তিয়াৰ জোৰহাটে ৰয়।
তাৰ ভ্ৰাতুপুত্ৰ পদ্ম সুতা পৰিণয়॥

* * * *