পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বেজবৰুৱা বংশাৱলী

কলিবৰ বৰুৱাৰ পুত্ৰ মহামতি।
গোবিন্দ বৰুৱা নাম নানাস্থানে খ্যাতি॥
ৰাজাৰ ঘৰত মহামান্যক লভিলা।
একাচেকা বৰুৱা ৰজাই নাম দিলা॥
তাহান তৃতয় পুত্ৰ ভৈল শ্ৰেষ্ঠোত্তম।
জয়হৰি বৰুৱা জ্যেষ্ঠ ছোট অনুপম॥
মথাম তনয় নাম পুৰুষউত্তম।
আমাৰ বংশৰ জানা পদ্মপুষ্প সম॥
যাৰ যশ গুণে আছে লোকক বিয়াপি।
মহাসন্ত শিষ্ট সবে কহয় অদ্যাপি॥
তাহাৰ বিশিষ্ট পুত্ৰ ভৈল নৱজন।
শিমলুঅটীয়া নিৰাই আৰু নিৰজন॥
আকৰা বিখ্যাত আৰু হালধিঅটীয়া।
শেষ চাৰিজনৰ সন্তান নাইকিয়া॥
বিশেষত সিতো মহাসন্ত পঞ্চজন।
প্ৰতিজনে নৱ নৱ ভৈলন্ত সন্তান॥
সি সবৰ আৰু যত গুণগ্ৰাম খ্যাতি।
পদবৃদ্ধি হৈবে জানি নকহিলোঁ আতি॥
নিৰাইৰ পুৱ উগ্ৰসেন যে দুৰ্লভ।
মহাজ্ঞানী হৈয়া যোগ কৰিলা দুৰ্লভ॥
শেষে কাশীক্ষেত্ৰে দণ্ড গ্ৰহণ কৰিলা।
প্ৰাণ ত্যাগ কৰি বিষ্ণুলোক আৰোহিলা॥