পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
বেজবৰুৱা বংশাৱলী


জ্য়েষ্টজন যিটো বিকাৰাম নাম সাৰ।
সুখভোগে আছিলন্ত গুণ যে অপাৰ॥
ফেটা অধ্যাপক সুতা বিষ্ণুমতী কন্যা।
তাঙ্ক বিবাহিলা ৰূপে গুণে মহাধন্য়া॥
পুত্ৰ দুই হৈয়া তাত আছয় সম্প্ৰতি।
কমলেশ্বৰ যে নাম জানিয়ো সুমতি॥
অপৰ আছয় শুদ্ধমতি নাৰায়ণ।
বিবৰিয়া কহিলোঁহোঁ গুণ বিদ্যমান॥
চন্দ্ৰি কটকিৰ সুতা গুণে মহাধন্য়া।
বিবাহিলা কমলেশ্বৰে সিটো কন্য়া॥
যিটো মধ্যজন হলিৰাম শুদ্ধমতি।
সদকৰ্ম্মে আছিলন্ত ভ্ৰাতৃৰ সঙ্গতি॥
ভকতধুলি খাওন্দৰ পীতাম্বৰ সুতা।
হেমকান্তি কন্যা বিহাই উপাৰ্জ্জিলা পুত॥
ধনশ্য়াম নাম আতি পৰম শোভন।
মাতৃসমে আনন্দত আছয় এখন॥
কিন্তু সিটো বৰুৱাৰ মধ্যে জ্যেষ্ঠজন।
হলিৰাম বিকাৰাম কাৰ্য্য়ত নিপুণ॥
মাতৃ ভ্ৰাতৃ আগে থাকি সদকৰ্ম্ম কৰি।
লভিলা গুৰুৰ সঙ্গ প্ৰাণ পৰিহৰি॥
এহিমানে ইটো কথা ভৈল সমাপত।
মূদঙ্গীয়া ফৈদৰ কথা কৰোঁ উপগত॥