সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
বেজবৰুৱা বংশাৱলী


তাহান কৃপাত তান দৰ্ব্বাৰত বই।
ফৌজদাৰী চিৰন্তাৰ অধিপতি হই॥
থাকন্তে ৰাজ্যৰচ্যুত ভৈলেক ৰাজাৰ।
কোম্পানীৰ হস্তগত জানিবা সুসাৰ॥
দেৱানীৰ বিচাৰক স্থানে আনি মোক।
মহাফেজ নাম দিয়া ৰাখিলা প্ৰত্যক্ষ॥
ৰৰটী নামত যিটো চাহাব প্ৰধান।
তেহোঁ ভৈল ভাৰাক্ৰান্ত ইটো পায়াস্থান॥
তৃতয় বৎসৰ থাকি তাহাৰ আশ্ৰয়।
তেবে ইটো চিৰস্তাৰ চিৰদ্দাৰী পাই॥
কৃষ্ণ ভৃত্যসৰৰ চৰণ প্ৰসাদত।
ঈশ্বৰ প্ৰদত্ত সুখে থাকি আনন্দত॥
গোত্ৰ মধ্যে শ্ৰেষ্ঠ বৃদ্ধ সবক সাদৰি।
যথামতি নিছিলো ইটো যত্ন কৰি॥
যিহেতু ভৈলোঁহোঁ মই অতি বুদ্ধিহীন।
অন্যকো নেদেখোঁ মনে কেহোঁ ৰাখে চিন॥
কি জানি ইমত ছন্দে ৰাখিলে যতনে।
গোত্ৰৰ বালকগণে ৰাখে পঢ়ি মনে॥
যদিবা নপঢ়ে কেহোঁ অকৰ্ম্মণ্য বুলি।
তথাপিতো পুথি হৈয়া থাকিব সমুলী॥
সময়ত অশৌচাদি সম্বন্ধৰ কালে।
কাৰ্য্য়াৰ্থী সবক লাগিবেক অবিকলে॥