পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
বেজবৰুৱা বংশাৱলী

তাহান মধ্যম পুত্ৰ গঙ্গাধৰ নাম।
গুণগনে নিপুণ বিনীত অনুপাম॥
তেহোঁ বিবাহিয়া মহা সুখ ভোগ ভুঞ্জি।
বিষ্ণুলোকে আৰোহিলা শেষে প্ৰাণ ত্যজি॥
তাহান সন্ততি সব যি আছিল হৈয়া।
ঈশ্বৰ ইচ্ছায়ে গৈল সমস্ত মৰিয়া॥
সেহি হেতু সিটো দেবী পৰম যতনে।
আমাৰ সঙ্গত আছে হৰি ভাবি মনে॥
তান সহোদৰা যিটো যোগেশ্বৰী সতী।
চন্দৰ কটকিৰ পৌত্ৰ বসুদেৱ আতি॥
বিবাহিয়া তেহো পুত্ৰ পুত্ৰী প্ৰভবাইলা।
পুত্ৰ সমে মৰি গুৰু সঙ্গক লভিলা॥
দুতয় দুহিতৃ জানা অদ্যাপি আছয়।
দুৰ্ল্লভী যে লম্বোদৰী যাৰ নাম কয়॥
মহা শুদ্ধমতি নাৰায়ণ বৰা সুত।
দেৱনাথ দ্বিজ নাম তাহান বিদিত।
তাহাৰ আত্মজ হেমকণ্ঠ মহামতি।
সুৰ্ল্লভীক বিবাহিয়া আছয় সম্প্ৰতি॥
কনিষ্ঠা জানাহা লম্বোদৰী নাম হয়।
কৃষ্ণনাথ দ্বিজে বিহা কৰিয়া আছয়॥
সিটো কৃষ্ণনাথৰ জনক মহাশয়।
লোকনাথ পণ্ডিত বিখ্যাত অতিশয়॥